DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ মন্দাৱস্থাৰ বাবে আত্মহত্যা অসমৰ প্ৰাক্তন বায়ুসেনা বিষয়াৰ; মোদীলৈ লিখি গ’ল পত্ৰ

সৰু পুতেকৰ দায়িত্ব ল'বলৈ মোদীক অনুৰোধ; ৰাখি গ'ল শেষ কৃত্যৰ খৰচ. হোটেলৰ ৰূমৰ ভাৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2019 10:27 pm
Suicide Note

বিজন দাসৰ আত্মহত্যাৰ টোকাটোৰ কিয়দংশ। উৎস : ইণ্ডিয়া টুডে।

3.4k
VIEWS
Share on FacebookShare on Twitter

বায়ুসেনাৰ এজন অসমীয়া প্ৰাক্তন বিষয়াই দেওবাৰে (৮ ছেপ্টেম্বৰত) এলাহাবাদৰ এখন হোটেলৰ কোঠাত চিপ লৈ আত্মহত্যা কৰা ঘটনাটোৱে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰধান মন্ত্ৰী মোদীক সম্বোধন কৰি লিখি যোৱা ছুইছাইড নোটটোৰ বাবে ঘটনাটো দেশৰ সংবাদ মাধ্যমৰ বাবে “বিশেষ” হৈ পৰে।

বিজন দাস নামৰ বিষয়াজনৰ ঘৰ অসমৰ মঙলদৈত আৰু তেওঁ যোৱা ৬ ছেপ্টেম্বৰৰ পৰা উত্তৰ প্ৰদেশৰ এলাহাবাদ চহৰৰ খুলদাবাদ অঞ্চলৰ প্ৰয়াগ নামৰ হোটেলখনৰ এটা কোঠা ভাৰাত লৈ আছিল।

৫ পৃষ্ঠাজোৰা আত্মহত্যা টোকাটোত ৫৫ বছৰীয়া প্ৰাক্তন বিষয়াজনে অভিযোগ কৰি গৈছে যে দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবেই তেওঁ অৱসৰৰ পিছত একো কৰিব নোৱাৰিলে। কিন্তু তেওঁৰ মতে অৰ্থনীতিৰ এই মন্দাৱস্থাৰ বাবে মোদীক দোষ দিব নোৱাৰি।

তাৰ পৰিৱৰ্তে তেওঁ দোষাৰোপ কৰিছে ছবছৰ পূৰ্বে ক্ষমতাৰ পৰা অপসাৰিত হোৱা য়ু পি এ চৰকাৰৰ বিত্ত মন্ত্ৰী পি চিদম্বৰমক।

“যেতিয়া বিত্তীয় খেলিমেলি হয় তাৰ প্ৰভাৱ লগে লগে নপৰে। ইয়াৰ প্ৰভাৱ কেইবছৰ মানৰ পিছতহে দেখা যায়। গতিকে কেৱল মোদী চৰকাৰকে অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে দায়ী কৰাটো ভুল কথা। বিমুদ্ৰাকৰণ বা জি এছ টিয়ে অস্থায়ীভাৱে প্ৰভাৱ পেলাব পাৰে। কিন্তু ইয়াক অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে দায়ী কৰিব নোৱাৰি”, ইণ্ডিয়া টুডেইত দাসৰ আত্মহত্যাৰ টোকাটোৰ এটা উদ্ধৃতি।

দাসে তেওঁৰ সৰু ল’ৰাটোৰ (যি গান গায় আৰু “সাৰেগামাপা লিটল চেম্পছ”ত ভাগ লৈছিল) বাবে একো কৰিব নোৱৰা বুলি আক্ষেপ কৰি যায়।

প্ৰধান মন্ত্ৰী মোদীক তেওঁৰ সৰু পুত্ৰ বিবেক দাসক গায়ক হোৱাৰ স্বপ্ন পূৰণত সহায় কৰিবলৈও অনুৰোধ কৰে জীৱনৰ চূড়ান্ত সিদ্ধান্তটো লোৱা দাসে।

হোটেল কৰ্তৃপক্ষই আৰক্ষীক জনোৱামতে, দাস ৮ ছেপ্টেম্বৰত গোটেই দিন ধৰি বাহিৰলৈ ওলোৱা নাছিল। আৰু তাৰ পিছতে হোটেলৰ কৰ্মচাৰীয়ে জুমি চাই তেওঁৰ মৃতদেহ চিলিং ফেনত ওলমি থকা দেখা পায়।

তেওঁ ১৫০০ টকা নিজৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ বাবে ৰাখি গৈছে আৰু সেই কথা ছুইছাড নোটত লিখি থৈ গৈছে। কোঠাটোৰ ভাৰাও ৫০০ টকা ৰাখি গৈছে। দাসে তেওঁৰ মৃতদেহ সৎকাৰ কৰা মানুহক টকা দিবলৈ নিজৰ সামৰ্থ্য নাই বুলিও টোকাটোত এটা আক্ষেপ এৰি যায়।

আনহাতে তেওঁ ঘৰৰ মানুহক খবৰ নিদিবলৈ আৰু এলাহাবাদতে তেওঁৰ সৎকাৰ কৰিবলৈ এলাহাবাদৰ প্ৰশাসনক অনুৰোধ কৰি যায়।

আৰক্ষীয়ে ইতিমধ্যে অসমত থকা তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

ধৰ্ষণত অভিযুক্ত বিচপ ফ্ৰাংকো মুলাক্কালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে পোপ ফ্ৰান্সিছে

ধৰ্ষণত অভিযুক্ত বিচপ ফ্ৰাংকো মুলাক্কালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে পোপ ফ্ৰান্সিছে

ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন

ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন

যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা

যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা

হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd