• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পেঞ্চন নোপোৱাত হাহাকাৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ

NE NOW NEWS এন ই নাও নিউজ
নগাঁও , October 13, 2018 7:11 am

2 min read

04_big

অসম পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়।

203
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিজেপি চৰকাৰে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সমূহৰ পেঞ্চন খৰতকীয়া আৰু নিয়মীয়া কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বহু অৰ্ধ চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ পিচত পেঞ্চন নাপাই চকুলো টুকিবলগীয়া হৈছে।

তেনে এক ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰতিষ্ঠান হৈছে অসম ৰাজ্যিক পৰিবহন নিগম। এই নিগমৰ পৰা সুদীৰ্ঘ জীৱন চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা এচাম বিষয়া কৰ্মচাৰীৰ এতিয়া দুখে কুলাই-পাচিয়ে নধৰা অৱস্থা হৈছে।

পৰিবহন নিগমত সহকাৰী অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০১৭ চনৰ মাৰ্চত অৱসৰ গ্ৰহণ কৰা ৰাজীৱ বৰকটকী নামৰ লোকজন অদ্যপি পেঞ্চনৰ এটকাও নোপোৱাৰ ফলত হাহাকাৰ সৃষ্টি হৈছে পৰিয়ালটোত।

বৰকটকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ এতিয়া শয্যাশায়ী অৱস্থাত আছে। তেওঁক চিকিৎসাৰ বাবে প্ৰয়োজন বহু পৰিমানৰ টকা। অৱসৰ গ্ৰহণ কৰাৰ পিচৰে পৰা পৰিয়াল চলাবলৈ তেওঁৰ নাই মাহেকীয়া উপাৰ্জন।

আনহাতে, অৱসৰৰ পিচত পাবলগীয়া চি পি এফ, জি পি এফ আদি বিভিন্ন শিতানত প্ৰাপ্য এটকাও পৰিবহন নিগমে এই পৰ্যন্ত দিয়া নাই। আনকি অৱসৰৰ পিচত তেওঁ আৰু তেওঁৰ পত্নীক সহায় কৰিবলৈ নাই কোনো সতি-সন্ততি।

ইপিনে দুৰ্ভগীয়া বৰকটকী দম্পতিয়ে অৱসৰকালীন প্ৰাপ্য ধন আদায়ৰ বাবে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰত কেইমাহমান পূৰ্বে আবেদন কৰিছিল যদিও এই পৰ্যন্ত চৰকাৰৰ পৰা কোনো ধৰণৰ সঁ‌হাৰি লাভ কৰা নাই।

মানবীয়তাৰ খাতিৰত শীঘ্ৰে অৱসৰপ্ৰাপ্ত অভিযন্তাজনৰ পেঞ্চনৰ ধন আদায় দিবলৈ সচেতন ৰাইজে চৰকাৰক দাবী জনাইছে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd