• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাদৰ পৰিণতি: কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম সৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2026 11:19 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে অৱশেষত দলটোৰ পৰা পদত্যাগ কৰিছে। যোগদানৰ মাত্ৰ দুদিন পাছতেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়। তেওঁৰ যোগদানক লৈ কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত সৃষ্টি হোৱা তীব্ৰ বিৰোধ আৰু জ্যেষ্ঠ নেতাসকলৰ সমালোচনাৰ বাবেই তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। বুধবাৰে তেওঁ নিজৰ পদত্যাগ পত্ৰ সভাপতি গৌৰৱ গগৈলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে যোগদানৰ দিনা দিয়া এক ভাষণত ৰেজাউল কৰিম সৰকাৰে বৰ অসমৰ প্ৰসংগ টানি আনি শিৱসাগৰ-তিনিচুকীয়াক ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰ কৰাৰ কথা কৈছিল। এই বক্তব্যক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পৰিস্থিতি বিষম হোৱা দেখি তেওঁ ক্ষমা খুজিছিল যদিও বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দৰে জ্যেষ্ঠ নেতাসকলে তেওঁক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। ইয়াৰ পাছতেই ক্ষুব্ধ হৈ সৰকাৰে দল ত্যাগ কৰাৰ সিদ্ধান্ত লয়।

Apply Now

পদত্যাগ পত্ৰত ৰেজাউল কৰিম সৰকাৰে দলৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। তেওঁ অভিযোগ কৰে যে দেৱব্ৰত শইকীয়াৰ দৰে নেতা আচলতে বিজেপিৰ এজেণ্ট আৰু তেওঁলোকে কংগ্ৰেছ দলটোক ভিতৰৰ পৰা ধ্বংস কৰি আছে। তেওঁৰ মতে এনে নেতাসকলে নতুন প্ৰজন্মক আগুৱাই আহিবলৈ নিদিয়ে আৰু এখন শক্তিশালী ধৰ্মনিৰপেক্ষ চৰকাৰ গঠনৰ পথত বাধা হৈ থিয় দিয়ে। জাতিতকৈ দল বা ব্যক্তি কেতিয়াও ডাঙৰ নহয় বুলিও তেওঁ মন্তব্য কৰে।

সামাজিক মাধ্যমযোগে দিয়া এক প্ৰতিক্ৰিয়াত সৰকাৰে কয় যে তেওঁ সংখ্যালঘু ৰাইজৰ স্বাৰ্থত আৰু মেৰুদণ্ড পোন কৰি ৰাজনীতি কৰিবলৈহে কংগ্ৰেছত যোগ দিছিল, বিধায়ক হোৱাৰ লক্ষ্যৰে নহয়। কিন্তু একাংশ নেতাই বিজেপিৰ জালত ভৰি দি তেওঁক আৰু তেওঁৰ জাতিক অপমান কৰা কাৰ্য তেওঁ সহ্য নকৰে। বিগত ২০ বছৰীয়া আপোচবিহীন সংগ্ৰামৰ মৰ্যাদা ৰক্ষা কৰিবলৈকে তেওঁ বিবেকৰ দংশনত এই পদত্যাগৰ সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে।

ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান তেওঁ কোনো ৰাজনৈতিক চিন্তা নকৰে আৰু অনাগত দিনত সংখ্যালঘু ৰাইজেই তেওঁৰ দায়িত্ব ল’ব। সাংসদ প্ৰদ্যুৎ বৰদলৈক লক্ষ্য কৰি তেওঁ কয় যে সংখ্যালঘু ৰাইজে আগন্তুক সময়ত তেওঁক উচিত প্ৰত্যুত্তৰ দিব। এই সমগ্ৰ ঘটনাই এতিয়া ৰাজ্যিক ৰাজনীতিত আৰু বিশেষকৈ কংগ্ৰেছ দলৰ ভিতৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd