NORTHEAST NOW (Assamese)

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত গঁড়ৰ খৰ্গ দাহ কৰাৰ প্ৰস্তুতি; ২২ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজহুৱাকৈ কৰা হ’ব দাহ

September 20, 2021 9:23 am · উত্তম শইকীয়া
ফটো: নৰ্থইষ্ট নাও।

বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ ৰ ৩৯ অনুচ্ছেদৰ অধীনত অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জমা হৈ থকা গঁড় খৰ্গ, হাতীৰ দাঁত বা তেনে জাতীয় অনুসুচীভুক্ত বন্যপ্ৰাণীৰ দেহাংশ ৰাজহুৱাকৈ বিনষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

যাৰ বাবে বিগত সময় ছোৱাত মৰিগাঁও, বৰপেটা,মংগলদৈ, গুৱাহাটী, তেজপুৰ, নগাওঁত, কাজিৰঙা আৰু গোলাঘাটৰ চৰকাৰী কোষাগাৰত জমা হৈ থকা গঁড় খৰ্গৰ পৰীক্ষা কৰাৰ পিচত ২২ ছেপ্টেম্বৰত বোকাখাতৰ ৰাজহুৱা খেলপথাৰত বিনষ্ট কৰিব ৷

বন বিভাগৰ তথ্য মতে ৰাজ্যখনৰ কোষাগাৰত থকা ২,৬২৩ টা গঁড়ৰ খৰ্গ ইতিমধ্যে উচ্চস্তৰীয় বিশেষজ্ঞ সমিতিৰ দ্বাৰা পুনৰীক্ষণ কৰাৰ পিছত সংৰক্ষিত ২,৪৭৯ টা গঁড়ৰ খৰ্গ দাহ কৰা হ’ব।

সংৰক্ষিত ২,৬২৩ টা ভিতৰৰ খৰ্গৰ পৰা ৯৪ টা গঁড়ৰ খৰ্গ সংৰক্ষণ কৰাৰ উপৰি ৰাজ্যৰ বিভিন্ন আদালতত গোচৰ চলি থকা ৫০ টা খৰ্গ সংৰক্ষণ কৰিব বন বিভাগে ৷

২২ ছেপ্টেম্বৰত উদযাপিত হ’ব লগা বিশ্ব গঁড় দিৱসৰ দিনা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ২,৪৭৯ টা গঁড়ৰ খৰ্গ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ পুৰ্ণ প্ৰস্তুতি চলাইছে অসমৰ বন বিভাগে।

গঁড় খৰ্গৰ এই দাহন কাৰ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহন কৰিব৷ এই দাহন কাৰ্যৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৬ টাকৈ গেছৰ চালিত  চৌকা সংস্থাপন কৰা হৈছে ৷ নিৰ্মান কৰা হৈছে সভা থলী ৷

ৰাজ্যখনৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন প্ৰধান এম কে যাদৱৰ তত্বাৱধানত বোকাখাত ৰাজহুৱা খেলপথাৰত যুদ্ধকালীন প্রস্তুতিৰে এই দাহন কাৰ্যৰ প্ৰস্তুতি চলিছে । সোমবাৰৰ দিনা ৰাজ্যৰ ৮ টা স্থানত সংৰক্ষিত হৈ থকা আৰু পৰ্যবেক্ষণ সমিতিৰ দ্বাৰা পৰীক্ষা কৰা ২৪৭৯ টা গঁড়ৰ খৰ্গ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা কোষাগাৰলৈ অনাৰো ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ পৰাই এই সমুহ গঁড়ৰ খৰ্গ বোকাখাতৰ ৰাজহুৱা খেলপথাৰলৈ নি একেলগে দাহ কৰা হ’ব ।

উল্লেখ্য যে গঁড়ৰ খৰ্গৰ কোনো বিজ্ঞানসন্মত উপযোগিতা নাই যদিও বিশ্বৰ দুখনমান দেশত চলি থকা অন্ধবিশ্বাসৰ বাবেই গঁড় খৰ্গ ব্যৱহাৰ হৈ আহিছে ৷

দুখন মান বিদেশী ৰাষ্ট্ৰৰ অন্ধবিশ্বাসৰ বাবেই বিশ্বৰ গঁড় খৰ্গৰ এখন বজাৰ গঢ়ি উঠিছে ৷ এই বজাৰত গঁড়ৰ খৰ্গৰ মুল্য শূণ্য কৰাৰ বাবেই খৰ্গ সমুহ দাহ কৰাৰ ব্যৱস্থা কৰা বুলি বন বিভাগৰ সুত্ৰত প্ৰকাশ ৷

Related News