DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত গঁড়ৰ খৰ্গ দাহ কৰাৰ প্ৰস্তুতি; ২২ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজহুৱাকৈ কৰা হ’ব দাহ

উত্তম শইকীয়া by উত্তম শইকীয়া
September 20, 2021 9:23 am
Image_1632104480971

ফটো: নৰ্থইষ্ট নাও।

210
VIEWS
Share on FacebookShare on Twitter

বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ ৰ ৩৯ অনুচ্ছেদৰ অধীনত অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জমা হৈ থকা গঁড় খৰ্গ, হাতীৰ দাঁত বা তেনে জাতীয় অনুসুচীভুক্ত বন্যপ্ৰাণীৰ দেহাংশ ৰাজহুৱাকৈ বিনষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

যাৰ বাবে বিগত সময় ছোৱাত মৰিগাঁও, বৰপেটা,মংগলদৈ, গুৱাহাটী, তেজপুৰ, নগাওঁত, কাজিৰঙা আৰু গোলাঘাটৰ চৰকাৰী কোষাগাৰত জমা হৈ থকা গঁড় খৰ্গৰ পৰীক্ষা কৰাৰ পিচত ২২ ছেপ্টেম্বৰত বোকাখাতৰ ৰাজহুৱা খেলপথাৰত বিনষ্ট কৰিব ৷

বন বিভাগৰ তথ্য মতে ৰাজ্যখনৰ কোষাগাৰত থকা ২,৬২৩ টা গঁড়ৰ খৰ্গ ইতিমধ্যে উচ্চস্তৰীয় বিশেষজ্ঞ সমিতিৰ দ্বাৰা পুনৰীক্ষণ কৰাৰ পিছত সংৰক্ষিত ২,৪৭৯ টা গঁড়ৰ খৰ্গ দাহ কৰা হ’ব।

সংৰক্ষিত ২,৬২৩ টা ভিতৰৰ খৰ্গৰ পৰা ৯৪ টা গঁড়ৰ খৰ্গ সংৰক্ষণ কৰাৰ উপৰি ৰাজ্যৰ বিভিন্ন আদালতত গোচৰ চলি থকা ৫০ টা খৰ্গ সংৰক্ষণ কৰিব বন বিভাগে ৷

২২ ছেপ্টেম্বৰত উদযাপিত হ’ব লগা বিশ্ব গঁড় দিৱসৰ দিনা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ২,৪৭৯ টা গঁড়ৰ খৰ্গ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ পুৰ্ণ প্ৰস্তুতি চলাইছে অসমৰ বন বিভাগে।

গঁড় খৰ্গৰ এই দাহন কাৰ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহন কৰিব৷ এই দাহন কাৰ্যৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৬ টাকৈ গেছৰ চালিত  চৌকা সংস্থাপন কৰা হৈছে ৷ নিৰ্মান কৰা হৈছে সভা থলী ৷

ৰাজ্যখনৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন প্ৰধান এম কে যাদৱৰ তত্বাৱধানত বোকাখাত ৰাজহুৱা খেলপথাৰত যুদ্ধকালীন প্রস্তুতিৰে এই দাহন কাৰ্যৰ প্ৰস্তুতি চলিছে । সোমবাৰৰ দিনা ৰাজ্যৰ ৮ টা স্থানত সংৰক্ষিত হৈ থকা আৰু পৰ্যবেক্ষণ সমিতিৰ দ্বাৰা পৰীক্ষা কৰা ২৪৭৯ টা গঁড়ৰ খৰ্গ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা কোষাগাৰলৈ অনাৰো ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ পৰাই এই সমুহ গঁড়ৰ খৰ্গ বোকাখাতৰ ৰাজহুৱা খেলপথাৰলৈ নি একেলগে দাহ কৰা হ’ব ।

উল্লেখ্য যে গঁড়ৰ খৰ্গৰ কোনো বিজ্ঞানসন্মত উপযোগিতা নাই যদিও বিশ্বৰ দুখনমান দেশত চলি থকা অন্ধবিশ্বাসৰ বাবেই গঁড় খৰ্গ ব্যৱহাৰ হৈ আহিছে ৷

দুখন মান বিদেশী ৰাষ্ট্ৰৰ অন্ধবিশ্বাসৰ বাবেই বিশ্বৰ গঁড় খৰ্গৰ এখন বজাৰ গঢ়ি উঠিছে ৷ এই বজাৰত গঁড়ৰ খৰ্গৰ মুল্য শূণ্য কৰাৰ বাবেই খৰ্গ সমুহ দাহ কৰাৰ ব্যৱস্থা কৰা বুলি বন বিভাগৰ সুত্ৰত প্ৰকাশ ৷

Recent News

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd