• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এ পি ডি চি এলৰ বকেয়া আদায়ৰ প্ৰস্তাৱত ছীলমোহৰ: নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল

অসম বিদ্যুৎ নিয়ামক আয়োগে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰায় ১৫৫.৫৯ কোটি টকাৰ বকেয়া চাৰ্জ আদায়ৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ পাছতে নৱেম্বৰ মাহৰ পৰা ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকসকলে বৰ্ধিত মাচুলৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2026 3:21 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিদ্যুৎ গ্ৰাহকসকললৈ বেয়া খবৰ! নৱেম্বৰ মাহৰ পৰা ৰাজ্যবাসীয়ে বিদ্যুতৰ বিলত অধিক ধন ভৰিবলগীয়া হ’ব। অসম বিদ্যুৎ নিয়ামক আয়োগে শেহতীয়াকৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক গ্ৰাহকৰ পৰা প্ৰায় ১৫৫.৫৯ কোটি টকাৰ সঞ্চিত ইন্ধন আৰু শক্তি ক্ৰয় মূল্য সমাযোজন ছাৰচাৰ্জ আদায় কৰিবলৈ অনুমতি প্ৰদান কৰিছে। চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আগষ্ট মাহলৈকে জমা হোৱা এই বৃহৎ পৰিমাণৰ বকেয়া ধন অহা নৱেম্বৰৰ পৰা ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত পৰ্যায়ক্ৰমে আদায় কৰা হ’ব। ইয়াৰ বাবে আয়োগে নিৰ্দিষ্ট বিনিয়মসমূহ শিথিল কৰি এ পি ডি চি এলক চলিত বিত্তীয় বৰ্ষৰ বাকী থকা সময়ছোৱাত এই ধন সংগ্ৰহৰ পথ প্ৰশস্ত কৰি দিছে।

 

Apply Now

ৰাজ্যত বানপানীৰ ফলত হোৱা ব্যাঘাত আৰু অপৰিহাৰ্য কাৰণত সময়মতে ছাৰচাৰ্জ আৰোপ কৰাত পলম হোৱাৰ বাবেই এ পি ডি চি এলে বিনিয়মসমূহ শিথিল কৰাৰ অনুৰোধ জনাই আয়োগৰ কাষ চাপিছিল। শক্তি বিতৰণ কোম্পানীটোৱে জনোৱা মতে, পৰিপূৰক বিলসমূহ বাদ দি শক্তি ক্ৰয় আৰু পৰিবহণৰ ব্যয়ৰ তাৰতম্যৰ বাবেই বিগত পাঁচ মাহত প্ৰায় ১৫৬ কোটি টকাৰ এফ পি পি পি এ এছ বকেয়া হিচাপে জমা হৈছিল। এ পি ডি চি এলৰ প্ৰস্তাৱ অনুসৰি, এই ১৫৫.৫৯ কোটি টকা প্ৰতি মাহে ৩.৮১ শতাংশ প্ৰস্তাৱিত এফ পি পি পি এ এছ হাৰত অহা পাঁচ মাহৰ ভিতৰত আদায় কৰা হ’ব। ইয়াৰ পৰিমাণ নৱেম্বৰত ৪০.০৭ কোটি, ডিচেম্বৰত ৩০.৯৫ কোটি, ২০২৭ বৰ্ষৰ জানুৱাৰীত ২৮.৯৭ কোটি, ফেব্ৰুৱাৰীত ২৯.৩৬ কোটি আৰু মাৰ্চ মাহত ২৬.২৩ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

 

বৰ্তমানৰ নিয়ম অনুসৰি, কোনো এক নিৰ্দিষ্ট মাহৰ ছাৰচাৰ্জ সাধাৰণতে দ্বিতীয় পৰৱৰ্তী মাহত সংগ্ৰহ কৰা হয়। সেই অনুসৰি, এপ্ৰিল মাহৰ এফ পি পি পি এ এছ জুনত, মে’ মাহৰ জুলাইত আৰু আগষ্টৰ ছাৰচাৰ্জ অক্টোবৰত সংগ্ৰহ কৰাৰ কথা আছিল যদিও নিৰ্ধাৰিত বিলিং চক্ৰৰ ভিতৰত এই বকেয়াসমূহ সংগ্ৰহ কৰিব পৰা হোৱা নাছিল। আয়োগে লগতে উল্লেখ কৰিছে যে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা নিয়মীয়াকৈ প্ৰযোজ্য হ’বলগীয়া মাহিলী এফ পি পি পি এ এছে চলিত বিত্তীয় বৰ্ষৰ বাকী থকা মাহকেইটাত গ্ৰাহকৰ পৰা আদায় কৰিবলগীয়া ধনৰ বোজা আৰু অধিক বৃদ্ধি কৰিব।

 

অৱশ্যে, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ ওপৰত সমগ্ৰ সঞ্চিত ছাৰচাৰ্জ জাপি দিলে ই তেওঁলোকৰ ওপৰত অত্যধিক বিত্তীয় বোজাৰ সৃষ্টি কৰিব বুলি এ পি ডি চি এলে স্বীকাৰ কৰিছে। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীটোৱে ‘জীৱন ধাৰা’ শ্ৰেণীৰ গ্ৰাহক আৰু মাহে ১২০ ইউনিটলৈকে বিদ্যুৎ ব্যৱহাৰ কৰা ‘ঘৰুৱা-এ’ শ্ৰেণীৰ পৰিয়ালসমূহৰ বাবে ছাৰচাৰ্জৰ পৰিমাণ প্ৰতি ইউনিটত ০.০৫ টকাত সীমিত ৰখাৰ প্ৰস্তাৱ দিছে। ইয়াৰ বিপৰীতে অন্যান্য সকলো শ্ৰেণীৰ গ্ৰাহকৰ ক্ষেত্ৰত প্ৰস্তাৱিত আদায় ব্যৱস্থাৰ অধীনত প্ৰযোজ্য ছাৰচাৰ্জ আৰোপ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহৰ বিবাহক লৈ বিতৰ্কৰ সূত্ৰপাত; নিধি ৰাজদানৰ সৈতে হোৱা বিবাহ অবৈধ আখ্যা জামাত প্ৰধানৰ

মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহৰ বিবাহক লৈ বিতৰ্কৰ সূত্ৰপাত; নিধি ৰাজদানৰ সৈতে হোৱা বিবাহ অবৈধ আখ্যা জামাত প্ৰধানৰ

November 2, 2026 4:00 pm
এ পি ডি চি এলৰ বকেয়া আদায়ৰ প্ৰস্তাৱত ছীলমোহৰ: নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল

এ পি ডি চি এলৰ বকেয়া আদায়ৰ প্ৰস্তাৱত ছীলমোহৰ: নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল

November 2, 2026 3:21 pm
ৰামলীলাৰ মহা সমাৱেশ

ৰামলীলাৰ মহা সমাৱেশ

November 2, 2026 3:07 pm
‘উপমহাদেশখনৰ মানচিত্ৰ নতুনকৈ গঢ় দিছিল’-ইন্দিৰা গান্ধীক স্মৰণ কৰি কি লিখিলে শশী থাৰুৰে?

‘উপমহাদেশখনৰ মানচিত্ৰ নতুনকৈ গঢ় দিছিল’-ইন্দিৰা গান্ধীক স্মৰণ কৰি কি লিখিলে শশী থাৰুৰে?

November 2, 2026 1:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহৰ বিবাহক লৈ বিতৰ্কৰ সূত্ৰপাত; নিধি ৰাজদানৰ সৈতে হোৱা বিবাহ অবৈধ আখ্যা জামাত প্ৰধানৰ

মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহৰ বিবাহক লৈ বিতৰ্কৰ সূত্ৰপাত; নিধি ৰাজদানৰ সৈতে হোৱা বিবাহ অবৈধ আখ্যা জামাত প্ৰধানৰ

November 2, 2026 4:00 pm
এ পি ডি চি এলৰ বকেয়া আদায়ৰ প্ৰস্তাৱত ছীলমোহৰ: নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল

এ পি ডি চি এলৰ বকেয়া আদায়ৰ প্ৰস্তাৱত ছীলমোহৰ: নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল

November 2, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd