• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰামলীলা ময়দানৰ ভিৰ দেখুৱাবলৈ ছানী লিয়নী, আৰ্জেণ্টিনাৰ বিশ্বকাপ উদযাপনৰ ছবি! ‘ইণ্ডিয়া’ৰ সমাৱেশক লৈ ছ’চিয়েল মিডিয়াত ভুৱা ছবিৰ বন্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2026 4:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ভোট বচাও, দেশ বচাও’ শীৰ্ষক কাৰ্যসূচীৰে দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই আয়োজন কৰা মহাসমাৱেশক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে একাধিক ভুৱা ছবি আৰু ভিডিঅ’। সমাৱেশত বিপুল জনসমাগম হোৱা বুলি দেখুৱাবলৈ পুৰণি ছবি, আন ঘটনাৰ দৃশ্য আনকি কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা ছবিও প্ৰচাৰ কৰা হৈছে। এই বিষয়টোক লৈ বিৰোধী কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে শাসকীয় বিজেপিয়ে।

সমাৱেশ চলি থকাৰ সময়তে ছ’চিয়েল মিডিয়াত বিয়পি পৰা কেইবাখনো ছবিৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। ‘এক্স’ত কৰা এটা পোষ্টত কংগ্ৰেছক আক্ৰমণ কৰি তেওঁ কয় যে ৰামলীলা ময়দান জনতাৰে ভৰি পৰা বুলি দেখুৱাবলৈ দলটোৱে অন্ততঃ কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা ছবিখন অধিক বিশ্বাসযোগ্যভাৱে তৈয়াৰ কৰিব লাগিছিল। কংগ্ৰেছৰ ভুৱা প্ৰচাৰ অভিযানৰ অংশ হিচাপে প্ৰস্তুত কৰা ছবিখনতো ভুল ৰৈ গৈছে বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে।

Apply Now

কেৱল কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা ছবিয়েই নহয়, আন কেইবাটাও পুৰণি দৃশ্যও সাম্প্ৰতিক সমাৱেশৰ ছবি বুলি প্ৰচাৰ কৰাৰ অভিযোগ উঠিছে। ৰিভাৰ্ছ ইমেজ ছাৰ্চৰ জৰিয়তে পৰীক্ষা কৰাত দেখা গৈছে যে চিপিআই(এম)-ৰ সাপ্তাহিক মুখপত্ৰ ‘পিপলছ ডেম’ক্ৰেছী’ত ২০১৯ চনত প্ৰকাশিত এটা বাতৰিৰ ছবি আৰু ২০২০ চনৰ ১০ জুনত দলটোৰ পশ্চিম বংগ ৰাজ্যিক সমিতিৰ ‘এক্স’ হেণ্ডেলত প্ৰকাশ কৰা কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডৰ এখন সমাৱেশৰ ছবিকো দিল্লীৰ ৰামলীলা ময়দানৰ শেহতীয়া সমাৱেশৰ ছবি বুলি প্ৰচাৰ কৰা হৈছে।

ইয়াৰ উপৰি, কেৰালাৰ কোচিত অভিনেত্ৰী ছানী লিয়নীক চাবলৈ সমবেত হোৱা বিপুল জনতাৰ এখন ছবিও ‘ইণ্ডিয়া’ৰ সমাৱেশৰ ছবি বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছে। অভিনেত্ৰীগৰাকীৰ উপস্থিতিক কেন্দ্ৰ কৰি সেই সময়ত হাজাৰ হাজাৰ লোকৰ সমাগম হৈছিল। ফলত চহৰখনৰ এখন গুৰুত্বপূৰ্ণ পথত কেইবা ঘণ্টা ধৰি যান-জঁটৰ সৃষ্টি হৈছিল।

একেদৰে, ২০২২ চনত ফিফা বিশ্বকাপত আৰ্জেণ্টিনাই বিজয় সাব্যস্ত কৰাৰ পিছত বুয়েনছ আয়াৰ্ছৰ ওবেলিস্ক স্মাৰকস্থলীত সমবেত হোৱা প্ৰায় ৪০ লাখ লোকৰ উল্লাসৰ ড্ৰোনেৰে তোলা দৃশ্যও ‘ইণ্ডিয়া’ৰ সমাৱেশৰ দৃশ্য বুলি ভুৱা শিৰোনামেৰে বিয়পাই দিয়া হৈছে।

আনহাতে, বিৰোধী মিত্ৰজোঁটৰ এই সমাৱেশক সম্পূৰ্ণৰূপে ব্যৰ্থ আখ্যা দিছে বিজেপিয়ে। দেওবাৰে এখন সংবাদমেলত বিজেপিৰ সাংসদ তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই কংগ্ৰেছক কটাক্ষ কৰি কয় যে সমাৱেশত ১০ লাখ লোকৰ সমাগম হ’ব বুলি কংগ্ৰেছে দাবী কৰিছিল। কিন্তু বাস্তৱত ৰামলীলা ময়দানৰ প্ৰায় ৪০ শতাংশ আসন খালী হৈ আছিল।

বিজেপিৰ অভিযোগ, সমাৱেশত বিপুল জনসমাগম হোৱা বুলি বিৰোধী শিবিৰে প্ৰচাৰ কৰা ছবিৰ অধিকাংশই ভুৱা। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৰামলীলা ময়দানৰ আকাশমাৰ্গৰ পৰা তোলা দৃশ্য প্ৰচাৰ কৰি সমাৱেশত প্ৰকৃততে বৃহৎ সংখ্যক লোকৰ উপস্থিতি আছিল বুলি দাবী কৰিছে।

ৰাজনৈতিক দলসমূহৰ এই পৰস্পৰবিৰোধী দাবীৰ মাজতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে—জনসমৰ্থন প্ৰমাণ কৰিবলৈ ৰাজনৈতিক দলসমূহে কিয় পুৰণি ছবি অথবা কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা দৃশ্যৰ আশ্ৰয় ল’বলগীয়া হৈছে? ছ’চিয়েল মিডিয়াত বিয়পি পৰা প্ৰতিখন ছবিৰ সত্যতা পৰীক্ষা নকৰাকৈ বিশ্বাস কৰাটো কিমান বিপজ্জনক? ৰাজনৈতিক প্ৰচাৰৰ এই প্ৰতিযোগিতাত সঁচা তথ্য আৰু ভুৱা প্ৰচাৰৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰাৰ দায়িত্ব অৱশেষত কাৰ?abc

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰামলীলা ময়দানৰ ভিৰ দেখুৱাবলৈ ছানী লিয়নী, আৰ্জেণ্টিনাৰ বিশ্বকাপ উদযাপনৰ ছবি! ‘ইণ্ডিয়া’ৰ সমাৱেশক লৈ ছ’চিয়েল মিডিয়াত ভুৱা ছবিৰ বন্যা

ৰামলীলা ময়দানৰ ভিৰ দেখুৱাবলৈ ছানী লিয়নী, আৰ্জেণ্টিনাৰ বিশ্বকাপ উদযাপনৰ ছবি! ‘ইণ্ডিয়া’ৰ সমাৱেশক লৈ ছ’চিয়েল মিডিয়াত ভুৱা ছবিৰ বন্যা

November 2, 2026 4:26 pm
মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহৰ বিবাহক লৈ বিতৰ্কৰ সূত্ৰপাত; নিধি ৰাজদানৰ সৈতে হোৱা বিবাহ অবৈধ আখ্যা জামাত প্ৰধানৰ

মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহৰ বিবাহক লৈ বিতৰ্কৰ সূত্ৰপাত; নিধি ৰাজদানৰ সৈতে হোৱা বিবাহ অবৈধ আখ্যা জামাত প্ৰধানৰ

November 2, 2026 4:00 pm
এ পি ডি চি এলৰ বকেয়া আদায়ৰ প্ৰস্তাৱত ছীলমোহৰ: নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল

এ পি ডি চি এলৰ বকেয়া আদায়ৰ প্ৰস্তাৱত ছীলমোহৰ: নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল

November 2, 2026 3:21 pm
ৰামলীলাৰ মহা সমাৱেশ

ৰামলীলাৰ মহা সমাৱেশ

November 2, 2026 3:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰামলীলা ময়দানৰ ভিৰ দেখুৱাবলৈ ছানী লিয়নী, আৰ্জেণ্টিনাৰ বিশ্বকাপ উদযাপনৰ ছবি! ‘ইণ্ডিয়া’ৰ সমাৱেশক লৈ ছ’চিয়েল মিডিয়াত ভুৱা ছবিৰ বন্যা

ৰামলীলা ময়দানৰ ভিৰ দেখুৱাবলৈ ছানী লিয়নী, আৰ্জেণ্টিনাৰ বিশ্বকাপ উদযাপনৰ ছবি! ‘ইণ্ডিয়া’ৰ সমাৱেশক লৈ ছ’চিয়েল মিডিয়াত ভুৱা ছবিৰ বন্যা

November 2, 2026 4:26 pm
মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহৰ বিবাহক লৈ বিতৰ্কৰ সূত্ৰপাত; নিধি ৰাজদানৰ সৈতে হোৱা বিবাহ অবৈধ আখ্যা জামাত প্ৰধানৰ

মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহৰ বিবাহক লৈ বিতৰ্কৰ সূত্ৰপাত; নিধি ৰাজদানৰ সৈতে হোৱা বিবাহ অবৈধ আখ্যা জামাত প্ৰধানৰ

November 2, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd