• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধান খেতি আৰু গোলকীয় উত্তাপ: কেনেকৈ আমাৰ প্ৰিয় ভাতৰ কাঁহীখনে জলবায়ু পৰিৱৰ্তনৰ মাত্ৰা বৃদ্ধি কৰিছে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2026 6:45 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীৰ আধাতকৈও অধিক জনসংখ্যাৰ বাবে ভাত হৈছে প্ৰধান খাদ্য। দক্ষিণ-পূব এছিয়াৰ পৰা আৰম্ভ কৰি ভাৰত আৰু চীনলৈকে কোটি কোটি মানুহৰ দৈনন্দিন আহাৰৰ বাবে ধান খেতি অতি প্ৰয়োজনীয়। কিন্তু ধান খেতিৰ বাবে পানীৰে উপচি থকা পথাৰবোৰে এনে কিছুমান অনুজীৱৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰে, যিবোৰে জলবায়ু গৰম কৰা গেছ নিৰ্গমন কৰে। এক নতুন গৱেষণাত পৰিৱেশ আৰু কৃষি বিজ্ঞানীৰ এটা দলে লাভ কৰা তথ্য অনুসৰি, ১৯৬০ চনৰ পৰা গোলকীয়ভাৱে ধানখেতিৰ পথাৰৰ পৰা ওলোৱা গ্ৰীণহাউচ গেছৰ পৰিমাণ প্ৰায় দুগুণ বৃদ্ধি পাইছে। ২০১০-ৰ দশকত ইয়াৰ পৰিমাণ বছৰেকত প্ৰায় ১১০ কোটি টন কাৰ্বন ডাই অক্সাইডৰ সমান হৈছিলগৈ, যিটো প্ৰায় ২৩ কোটি ৯০ লাখ গাড়ীৰ পৰা বছৰেকত ওলোৱা ধোঁৱাৰ সমান। পশুধনৰ পিছতে কৃষি খণ্ডত ধান খেতিয়েই হৈছে আটাইতকৈ ডাঙৰ গেছ নিৰ্গমনৰ উৎস আৰু ভৱিষ্যতে ভাতৰ চাহিদা আৰু বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

ধান খেতিৰ পৰা গেছ নিৰ্গমন বৃদ্ধি হোৱাৰ মূল কাৰণ দুটা, সেয়া হৈছে ধান খেতিৰ মাটিৰ সম্প্ৰসাৰণ আৰু খেতি কৰাৰ আধুনিক পদ্ধতিৰ প্ৰয়োগ। এই বৃদ্ধিৰ আধাতকৈও বেছি কাৰণ হৈছে ধান খেতিৰ এলেকা বৃদ্ধি পোৱাটো। উদাহৰণস্বৰূপ, আফ্ৰিকাত ১৯৬০ চনৰ পৰা ধান খেতিৰ এলেকা প্ৰায় দুগুণ হৈছে, যাৰ ফলত সেই অঞ্চলত মিথেন গেছৰ পৰিমাণো দুগুণ হৈছে। ইয়াৰ উপৰিও বৰ্তমান সময়ত কৃষকসকলে অধিক সাৰ, খেৰ আৰু গোবৰ আদি জৈৱিক পদাৰ্থ ব্যৱহাৰ কৰিবলৈ লৈছে, অধিক উৎপাদনক্ষম ধানো বাছি লৈছে আৰু গছবোৰ ঘনকৈ ৰুবলৈ লৈছে। ইয়াৰ ফলত ধানৰ উৎপাদন বৃদ্ধি পাইছে যদিও গেছ নিৰ্গমনো বাঢ়িছে। গৱেষণাত দেখা গৈছে যে খেতি চপোৱাৰ পিছত খেৰখিনি পথাৰতে শুকুৱাই পুনৰ মাটিৰ সৈতে হাল বাই মিলাই দিয়াৰ অভ্যাসটোৱেই ১৯৬০ চনৰ পৰা হোৱা মুঠ নিৰ্গমন বৃদ্ধিৰ ১৮ শতাংশৰ বাবে দায়ী। কাৰণ ই মাটিত জৈৱিক পদাৰ্থ বৃদ্ধি কৰে আৰু অনুজীৱই এইবোৰ পচাই বেছি মিথেন গেছ উৎপন্ন কৰে। বিশ্বৰ ক্ৰমবৰ্ধমান উষ্ণতাই এই অনুজীৱবোৰৰ কাৰ্যকলাপ আৰু খৰতকীয়া কৰি তুলিছে। আনহাতে ২০০০ চনৰ পিছত কৃত্ৰিম নাইট্ৰ’জেন সাৰৰ ব্যৱহাৰ প্ৰায় ৭৬ শতাংশ বৃদ্ধি পাইছে, যাৰ ফলত নাইট্ৰাছ অক্সাইড নামৰ আন এবিধ শক্তিশালী গেছ বৃদ্ধি পাইছে। ই মানুহৰ কাৰ্যকলাপৰ বাবে হোৱা মুঠ গোলকীয় নিৰ্গমন বৃদ্ধিৰ প্ৰায় ৯ শতাংশ বৰঙণি যোগাইছে।

Apply Now

পানী যোগান ধৰাৰ পদ্ধতিয়েও এই গেছ নিৰ্গমনত যথেষ্ট প্ৰভাৱ পেলায়। আগতে পথাৰখন গোটেই সময়ছোৱা পানীৰে ডুবাই ৰখা হৈছিল, যাৰ ফলত অনুজীৱৰ দ্বাৰা অহৰহ গ্ৰীণহাউচ গেছ ওলাই আছিল। কিন্তু যোৱা দুটা দশকত বহু কৃষকে মাজে মাজে পথাৰৰ পানী শুকুৱাই দিয়া পদ্ধতি ব্যৱহাৰ কৰিবলৈ লৈছে। ইয়াৰ ফলত মিথেন গেছ কমিছে যদিও মাটি শুকোৱা আৰু তিতাৰ চক্ৰটোৰ বাবে নাইট্ৰাছ অক্সাইড গেছ সামান্য পৰিমাণে বৃদ্ধি পাইছে। ধান খেতিৰ সম্পূৰ্ণ জলবায়ু প্ৰভাৱ জোখা সহজ নহয়, কাৰণ ইয়াৰ পৰা মিথেন আৰু নাইট্ৰাছ অক্সাইড ওলোৱাৰ লগতে ধান গছে বাঢ়ি অহাৰ সময়ত বতাহৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণো কৰে আৰু ঋতুৰ মাজৰ সময়ছোৱাত মাটিৰ পৰা কাৰ্বন হেৰুৱায়। এই সকলোবোৰ সঠিকভাৱে জুখিবলৈ বিজ্ঞানীসকলে তিনিটা পদ্ধতি ব্যৱহাৰ কৰিছে। তেওঁলোকে এটা কম্পিউটাৰ মডেলৰ সহায়ত শস্যৰ বৃদ্ধি আৰু মাটিৰ প্ৰক্ৰিয়া পৰীক্ষা কৰিছে, কৃত্ৰিম বুদ্ধিমত্তা বা এআই চালিত মেচিন লাৰ্নিং মডেল ব্যৱহাৰ কৰি তথ্য কম থকা অঞ্চলবোৰ সাঙুৰি লৈছে আৰু ১২০০ তকৈও অধিক পথাৰৰ পৰীক্ষাৰ তথ্য পুনৰ বিশ্লেষণ কৰিছে। এই সকলোবোৰে মিলি ১৯৬১ চনৰ পৰা ২০২০ চনলৈকে নিৰ্গমনৰ পৰিমাণ নিৰ্ধাৰণ কৰাত সহায় কৰিছে।

ধানৰ উৎপাদন কম নকৰাকৈয়ে এই গেছ নিৰ্গমন হ্ৰাস কৰাৰ কিছুমান উপায় আছে। গৱেষণাৰ মতে, সাৰ আৰু খেৰৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা, পানী মাজে মাজে শুকুৱাই দিয়া আৰু কমকৈ হাল বোৱাৰ জৰিয়তে শতিকাৰ মধ্যভাগলৈকে ধান খেতিৰ পৰা ওলোৱা গ্ৰীণহাউচ গেছ প্ৰায় ১০ শতাংশ হ্ৰাস কৰিব পৰা যাব। আচৰিত কথা যে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰিলেই সদায় গ্ৰীণহাউচ গেছ নিৰ্গমন কম নহয়, যদিও জৈৱিক খেতিত ইয়াৰ আদৰ আছে। পথাৰত জোখতকৈ বেছি খেৰ থাকিলে মিথেন গেছ বৃদ্ধি পাব পাৰে আৰু মাটিৰ পৰা কাৰ্বন হ্ৰাস হোৱাৰ প্ৰক্ৰিয়া খৰতকীয়া হ’ব পাৰে। ইয়াৰ এক বিকল্প হৈছে খেৰখিনি কম অক্সিজেনত পুৰি বায়োচাৰ বা এঙাৰলৈ ৰূপান্তৰ কৰি মাটিত মিলাই দিয়া, যাৰ ফলত মাটিৰ কাৰ্বন স্থিৰ হয় আৰু মিথেন গেছ হ্ৰাস পায়।

পানী ব্যৱস্থাপনাৰ এই পদ্ধতি এছিয়াৰ দৰে উন্নত জলসিঞ্চন আন্তঃগাঁথনি থকা অঞ্চলত বেছি ফলপ্ৰসূ। চীন আৰু দক্ষিণ এছিয়াৰ দৰে অধিক সাৰ ব্যৱহাৰ কৰা অঞ্চলত নাইট্ৰ’জেন সাৰৰ অতিৰিক্ত ব্যৱহাৰ ৰোধ কৰিলে শস্যৰ উৎপাদন কম নোহোৱাকৈয়ে গেছ নিৰ্গমন আৰু পানী প্ৰদূষণ হ্ৰাস কৰিব পৰা যায় আৰু ইয়াৰ ফলত কৃষকৰ পইচাও বাচে। কিন্তু মাটি চাহ কৰা বা হাল বোৱাৰ পদ্ধতিটো সকলো ঠাইতে একে নহয়। আমেৰিকা বা চীনৰ দৰে ঠাণ্ডা অঞ্চলত কমকৈ হাল বালে ই মাটিৰ কাৰ্বন ধৰি ৰখাত সহায় কৰে, কিন্তু গৰম আৰু সদায় পানীৰে উপচি থকা অঞ্চলত ই মিথেন গেছ আৰু বৃদ্ধিহে কৰিব পাৰে। গতিকে কোনো এটা পদ্ধতি সকলো ঠাইতে কাম নকৰে আৰু প্ৰতিটো অঞ্চলেই নিজৰ বাবে আটাইতকৈ উপযুক্ত পদ্ধতি বাছি ল’ব লাগিব। সামগ্ৰিকভাৱে, আধুনিক উপায়েৰে নিৰ্গমন কিছু পৰিমাণে কম কৰিব পৰা যাব যদিও এই সম্ভাৱনা সীমিত, গতিকে ধান উৎপাদনত বাধা নোপোৱাকৈ নিৰ্গমন আৰু অধিক হ্ৰাস কৰিবলৈ ভৱিষ্যতে নতুন আৰু অধিক ফলপ্ৰসূ কৌশলৰ প্ৰয়োজন হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd