সাম্প্ৰতিক সময়ত সমাজত মানৱীয়তাৰ স্খলন কিদৰে হৈছে, সেয়া নিতৌ সংঘটিত ঘটনাৱলীয়েই প্ৰকাশ কৰি আহিছে। ক্ষুদ্ৰাতিক্ষুদ্ৰ কোনো কথাতেই এতিয়া হত্যাপৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰে আজিৰ সমাজত। দিল্লীত সংঘটিত এনে এক হত্যাকাণ্ডই এনে অৱক্ষয়ৰ ছবিখন পুনৰ এবাৰ সমুখলৈ আনিছে।
দিল্লীৰ কেৰল বাগত এজন আততায়ীয়ে মাত্ৰ এটা ৰুটি দিবলৈ অস্বীকাৰ কৰাৰ বাবেই নৃশংসতাৰে হত্যা কৰিছে। যোৱা ২৬ জুলাইত সংঘটিত হৈছে এনে নিদাৰুণ ঘটনা।
প্ৰকাশিত খবৰ অনুসৰি, ২৬ জুলাইত কেৰল বাগত এজন লোকক ৰাস্তাত পৰি থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰিছিল আৰু লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
কিন্তু চিকিৎসালয়ত ব্যক্তিজনক মৃত ঘোষণা কৰা হৈছিল। ইয়াৰ পিছতে স্থানীয় ৰাইজে আৰক্ষীৰ কাষ চাপে আৰু এটা গোচৰ ৰুজু কৰে।
গোচৰটোৰ অনুসন্ধান চলাই আৰক্ষীয়ে ঘটনাৰ এজন প্ৰত্যক্ষদৰ্শী বিচাৰি পাবলৈ সক্ষম হয়। এই লোকজনে আৰক্ষীৰ আগত সমগ্ৰ ঘটনাৰ বিৱৰণ দাঙি ধৰে।
তেওঁ আৰক্ষীক জনোৱা মতে মৃত ব্যক্তিজনে এগৰাকী সুৰাপায়ী ব্যক্তিৰ অনুৰোধত প্ৰথমে নিজৰ আহাৰৰ বাবে অনা এটা ৰুটি খাবলৈ দিছিল। কিন্তু সুৰাপায়ী ব্যক্তি গৰাকীয়ে তেওঁক পুনৰ আন এটা ৰুটি বিচৰাত তেওঁ দিবলৈ অস্বীকাৰ কৰে।
ইয়াতে ক্ষুণ্ণ হৈ সুৰাপান কৰি থকা থকা লোকজনে চিঞৰিবলৈ আৰম্ভ কৰে আৰু ব্যক্তিজনক এখন চুৰিৰে আঘাত কৰে। এই আঘাতত ব্যক্তিগৰাকী মাটিত বাগৰি পৰে।
প্ৰত্যক্ষদৰ্শীজনে লগতে আততায়ী গৰাকীক তেওঁ ধৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হয় বুলি আৰক্ষীক অৱগত কৰে। এই ভাষ্য অনুসৰিয়ে আৰক্ষীয়ে অভিযুক্ত আততায়ীজনৰ সন্ধান আৰম্ভ কৰে আৰু ওচৰৰে উদ্যানৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে।
প্ৰতিবেদন অনুসৰি, মৃত ৰিক্সাচালকজনক ৪০ বছৰীয়া মুন্না বুলি চিনাক্ত কৰা হৈছে। আনহাতে হত্যাৰ অভিযুক্তগৰাকীক ফিৰোজ খান বুলি চিনাক্ত কৰা হৈছে। অভিযুক্ত ফিৰোজে আৰক্ষীৰ ওচৰত নিজৰ অপৰাধ স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে।