শিৱসাগৰত ‘সমলয় ই’ৰ উদ্যোগত উন্মোচন কৰা হ’ল ‘জীৱন সাৰথি’

শিৱসাগৰৰ প্ৰেছ ক্লাবত দেওবাৰে অৰ্থাৎ ১৮ আগষ্টত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত নৱপ্ৰজ্বন্মৰ কবি ৰিজুমণি গগৈৰ ‘জীৱন সাৰথি’ নামৰ  কবিতা পুথিখন উন্মোচন কৰা হয়।  ‘সমলয় ই’ মাহেকীয়া আলোচনীৰ উদ্যোগত আৰু সন্মিলিত কাব্যচৰ্চা মঞ্চ অসমৰ সহযোগত আয়োজিত অনুষ্ঠানটোত কাব্যপুথিখন উন্মোচন কৰে সদৌ অসম কবি সন্মিলনীৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈয়ে।

অনুষ্ঠানটোত উপস্থিত থাকে ‘সমলয় ই’ আলোচনীৰ সভাপতি শ্বাহ আলম, সাধাৰণ সম্পাদক অৰুণ কোঁৱৰ, কবি সীমান্ত সন্দিকৈ আৰু বিশিষ্ট সাংবাদিক এনামুদ্দিন আহমেদ।

সাংস্কৃতিক কৰ্মী অনুৰাগ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত আৰম্ভণিতে এটি কোৰাচেৰে আৰম্ভ কৰা হয়। অনুষ্ঠানটোত নৱপ্ৰজ্বন্মৰ কবি চাওচেং ৰাজকোমাৰী, জয়া গগৈ, সুৰভি বৰপাত্ৰ গোহাঁই আৰু সুকুমাৰ কোঁৱৰে স্বৰচিত কবিতা পাঠ কৰে।

‘সমলয় ই’ নামৰ মাহেকীয়া আলোচনীখনে নতুন প্ৰজ্বন্মৰ লেখক-লেখিকা তথা কবিসকলক উৎসাহ যোগাই আহিছে। ‘সমলয় ই’ আলোচনী এখন ৱেব আলোচনী।

২০১৭ চনত প্ৰশাসক অনুৰাগ শৰ্মা আৰু অৰুণ কোঁৱৰে ‘সমলয় ই’ নামেৰে সামাজিক মাধ্যমত এটা গ্ৰুপ খুলিছিল য’ত বহু জনৰ বহু লেখনি প্ৰবন্ধৰ আকাৰত প্ৰকাশ কৰা হৈছিল। এইদৰে প্ৰায় এটা বছৰৰ পাছত অৰ্থাৎ ২০১৮ চনত ‘সমলয় ই’ ৰ প্ৰথম সংখ্যা প্ৰকাশ কৰা হয়।