• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

চিনেমা কথাঃ ইতি তোমাৰ

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
March 25, 2024 9:44 pm
assamese film Iti Tumar
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিঠিৰ শেষত প্ৰিয়জন বা আপোনজনলৈ লিখা দুটি শবদ- “ইতি তোমাৰ”। মূলতঃ সেই চিঠি লিখাৰ দিনৰে কথন এই ছবিখন “ইতি তোমাৰ”। সমান্তৰালধৰ্মী এই ছবিখনে ২৯ মাৰ্চ তাৰিখে অসমৰ ভিন্ন ছবিগৃহত মুক্তি লাভ কৰিব। ছবিখনৰ কাহিনীভাগ লিখিছে নীলকন্ঠই আৰু ছবিৰ চিত্ৰনাট্য তথা সংলাপ যুটীয়াভাৱে লিখিছে অৰিন্দম বৰকটকী আৰু পাৰৱেজ আহমেদে। “ইতি তোমাৰ”ৰ পৰিচালনা পাৰৱেজ আহমেদৰ। উল্লেখনীয় যে বিজ্ঞাপন ছবি নিৰ্মাতা পাৰৱেজ আহমেদৰ দ্বাৰা পৰিচালিত এইখন প্ৰথমখন ছবি। ফ্লেছবেকত অতীত আৰু বৰ্তমানৰ ছবিক খণ্ড খণ্ডকৈ সামৰি চিত্ৰায়িত কৰা এখনি ছবি ইতি তোমাৰ।

আপুনি, মই,অথবা আমি প্ৰেম কাহিনীৰ এনে ছবি হয়তো বহুতো চাইছো, বা চাম। পিছে “ইতি তোমাৰ”নো কিহত পৃথক যে আপুনি আৰু এটা প্ৰেম কাহিনীক ছবিগৃহত চাবলৈ যাব? ইতি তোমাৰো সাংঘাতিকভাৱে পৃথক বা ভিন্ন নহয়। পিছে, ভিন্ন ‘ইতি তোমাৰ’ৰ কাহিনী কথনভংগী আৰু নিৰ্মাণত, ইয়াৰ কাহিনীৰ গতিৰ ছন্দ বা লয়ত, অভিনয়ত, দৃশ্যগ্ৰহণত, কাহিনীৰ, চিত্ৰনাট্যৰ সবলতাত আৰু অন্যান্য বহু দিশত। আমি সকলোৱেই প্ৰেমত পৰো, কেতিয়াবা যদি শৈশৱত, কেতিয়াবা কৈশোৰ, যৌৱন, কিম্বা জীৱনৰ যিকোনো পৰ্যায়ত। অমৰ আৰু মানু(মানসী)ও প্ৰেমত পৰিছিলে শৈশৱৰ ধেমালিৰ মাজেৰেই।

Apply Now

বৰ্তমান সময়ৰ ইন্টাৰনেট সমৃদ্ধ প্ৰেম যেনিবা নাছিল, সেইয়া আছিল চিঠিৰ যুগৰে প্ৰেম। গ্ৰাম্য পৰিবেশৰ মাজত, বৰনৈপৰীয়া ঠাইত একেলগে ডাঙৰ হোৱা অমৰ আৰু মানুৰ বয়সৰ লগে লগে প্ৰেমো একলা-দুকলাকৈ বাঢ়িছিল। দুয়োৰে যিহেতু পৃথক জীৱন আছিলে, গতিকে অৱশ্যেই দুয়োৰে জীৱনত কিছু ভিন্নতাৰ লগতেই জটিলতাও আছিল। পিছে আৰম্ভণিৰ ফ্লেছবেকৰ ক’লা-বগা শ্বটেৰে ছবিয়ে গতি লোৱাৰ পিছৰ পৰ্যায়ত, কোনো সময়তেই ছবিখনৰ কোনো অংশক লৈ আমুৰি লগাৰ অৱকাশ নাছিল। তাৰ পৰিৱৰ্তে পৰৱৰ্তী অংশত ছবিখনত কি হ’বলৈ গৈ আছে,সেই লৈ যদিওবা তীব্ৰ উত্তেজনা নাছিল, কিন্তু ছবিখনৰ মাজত যে আপুনি একাত্ম হৈ পৰিব পাৰিব সম্পূৰ্ণৰূপে-সেইটো ঠিক।

কাহিনী এক সঠিক লয়ত গতি কৰিছিলে, কিন্তু নাটকীয়তাবিহীনভাৱে। সেয়া কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰৰ সফলতা। অ’, কিছু কিছু অংশত নাটকীয়তা অনুভৱ হৈছে, পিছে সেইখিনিত পৰিচালক আৰু চিত্ৰনাট্যকাৰে ইমান সময় দিয়া নাই যে, ই আমনি লগাব পাৰে। আৰু এই নাটকীয়তাখিনিৰ অবিহনে এজন ব্যক্তিৰ অতীত, ভৱিষ্যতৰ প্ৰায়খিনি জীৱন কাহিনীক কেমেৰাৰ মাধ্যমেৰে দুঘন্টাতকৈ কম সময়ৰ ভিতৰত সামৰি লোৱা কিছু দুঃসাধ্য। মাজে মাজে সংলাপ শুনি থাকোতে লাগিছিলে- আমি জানো এনে কথনভংগীত গাঁ‌ৱত কথা পাতো? পিছে উত্তৰটো নিজৰ পৰাই আহিছিলে, হয় পাতোচোন।

চিনেমাৰ আৰম্ভণিতে ফ্লেছবেকৰ দৃশ্যটিৰ পিছত, আকাশত এটি পেৰাগ্লাইডাৰ উৰি থকাৰ দৃশ্যাংশৰ ৱাইড এংগল শ্বট এটা লোৱা হয়। অতীতৰ শৈশৱৰ অমৰ(হৰ্ষ দি কাশ্যপ), যৌৱনৰ(ড° অনুপম কৌশিক বৰা) আৰু বয়স্ক(অৰুণ নাথ)ৰ লগতে শৈশৱৰ মানু(বৰেণ্যা বৰা),যৌৱনৰ(দৰথী ভৰদ্বাজ)আৰু বয়স্কা(লিপিকা বৰা মেধি)ৰ চৰিত্ৰৰ প্ৰেম,আকুলতা গভীৰতা সকলোকে সামৰি লোৱা এক কঠিন কাম। যৌৱনৰ প্ৰথম প্ৰেম সকলোৰে বাবেই বিশেষ। তাতে দুয়ো যদি শৈশৱৰ সংগী হয়, কথাই নাই। অমৰ আৰু মানুৰো তেনেকুৱাই হৈছিল। ইমান মৃদু-মধুৰ ছন্দত আকুলতাৰে পূৰ্ণ আৱেগ ফটিকা দুয়োৱে পান কৰিছিলে, সেইয়া দেখিলে আপোনাৰো পৰো-নপৰোকৈ দুনাই প্ৰেমত পৰিবলৈ নিৰ্ঘাত হেপাঁ‌হ জন্মিব।

এই চুওঁ-নুচুওঁকৈ চুৱা, স্পৰ্শ নকৰাকৈয়েই স্পৰ্শ কৰাৰ যি অনবদ্য শিহৰণ, সেইয়া “ইতি তোমাৰ”ৰ চিত্ৰনাট্যকাৰ আৰু পৰিচালকৰ আন এক সফলতা। সম্পূৰ্ণৰূপে সৰল, সহজ, নিৰ্ভেজাল আৰু কলুষতাহীন প্ৰেমৰ এক নিৰ্মোহ ৰূপ যেন ইতি তোমাৰ। কোনো কোনো সময়ত ‘ইতি তোমাৰ’ক গীতি প্ৰেম কথিকা যেনো অনুভৱ হৈছিলে যদিও, ই নিজৰ “চিনেমেটিক” ছন্দ হেৰুওৱা নাছিলে। বৰঞ্চ দুয়োৰে ৰোমাঞ্চত আপুনিও ক্ৰমশঃ মোহাচ্ছন্ন হৈ পৰিব পৰাৰ এক আৱেশৰ সৃষ্টি হয়। মাজে মাজে দুবাৰমান ইতি তোমাৰ চাই থাকোতে পৰিনীতা আৰু হাম দিল দে ছুকে চনম ছবি দুখনলৈ মনত পৰিছিলে, যদিও ‘ইতি তোমাৰ’ত সেই ছবিকেইখনৰ তুলনাত নাটকীয়তাৰ পৰিমাণ বহু কম।

অধ্যয়ন কেন্দ্ৰিক, জীৱন কেন্দ্ৰিক পৰিৱৰ্তনে অমৰ আৰু মানুৰ জীৱনক, দুয়োৰে মধুৰ স্বপ্নক কিদৰে আন বাটে লৈ যায়, সেই লৈয়েই ছবিৰ পৰৱৰ্তী অংশ আগবাঢ়ে। অমৰ আৰু মানুৰ বাবে সময়-পৰিস্থিতি সকলোবোৰ সম্পূৰ্ণ সঠিক আৰু সুন্দৰ এক তালত চলি থকা পৰ্যায়ৰ মাজতেই অন্তৰ্নিহিত হৈ থাকে ভৱিষ্যতত আহিব পৰা জটিল সময়ৰ আভাস। যিটোৰ প্ৰয়োগো কোনো হাই-হুলস্থুল নোহোৱাকৈ দিছে পৰিচালকে। লগতেই উল্লেখনীয় যে,সাধাৰণতে এখন মানসম্পন্ন পেৰেলাল বা সমান্তৰালধৰ্মী ছবিত যি এক শক্তিশালী আৱেগৰ নিৰ্যাস থাকে, সেই নিৰ্যাসৰ আভাস ইতি তোমাৰতো দৃশ্যমান। এইখিনি বৰ্তাব পৰাটো আন এক কলা।

এতিয়া আহিছো ছবিখনৰ ভাল লগা আন কিছু দিশলৈ। ছবিখনৰ চৰিত্ৰ নিৰ্বাচন ইতি তোমাৰৰ এক খুবেই শক্তিশালী অংশ বুলিব লাগিব। প্ৰায় সকলো মুল চৰিত্ৰই নিজ নিজ ভূমিকাত এনেদৰে একাত্ম হৈ পৰিছে যে তাত আৰু দ্বিতীয় অভিনেতা-অভিনেত্ৰীৰ কথা আহি নপৰে। অৰুণ নাথ, মলয়া গোস্বামী, লিপিকা বৰা মেধিৰ আদিৰ লগতেই ছবিখনৰ অধিক সময়ৰ স্ক্ৰীণ টাইম বা দৃশ্যপটৰ সময় লোৱা যুটী ড° অনুপম কৌশিক বৰা আৰু দৰথী ভৰদ্বাজৰ যুটীৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰিবই লাগিব। দৰথী ভৰদ্বাজৰ অভিনয় পৰিপক্ক আৰু স্বাভাৱিক। আনহাতে,ড° অনুপম কৌশিক বৰাক অভিনয়ৰ দিশত ছবিখনৰ মুল তাৰকা যেন অনুভূত হ’ল। তেওঁ‌ নিজ চৰিত্ৰত ইমানেই সুন্দৰকৈ একাত্ম হৈ পৰিছে যে,বহু সময়ত মন্ত্ৰমুগ্ধ হৈ চাই থাকিব পাৰি তেওঁৰ অভিনয়।

বয়স্ক জীৱনৰ সময়ত দুয়ো লগ পোৱাৰ সময়ত ডুবন্ত বেলিৰ আগৰ লুইতখনক দৰ্শোৱা এক স্পষ্ট প্ৰতীকী। সময়-পৰিস্থিতি অনুসৰি পোচাক, ঘৰ, গাড়ী আদিৰ ব্যৱহাৰ সমুচিত। সম্পাদনাৰ দিশটি কোনো কোনো অংশত সামান্য দুৰ্বল। যিখিনি অংশত চিত্ৰনাট্য আৰু কাহিনীত যদিহে কিছু দৃশ্যাংশৰ পুনৰুপস্থাপন নহ’লহেঁতেন, তেন্তে সম্পাদনাও সম্পূৰ্ণ সঠিক হোৱাৰ সুযোগ থাকিলহেঁ‌তেন। হীৰকজ্যোতি নাথ আৰু যুতিমালা বুঢ়াগোহাঁইৰ আৱহ-সংগীত আৰু সামগ্ৰিকভাৱে গোটেই চিনেমাখনতে সংগীতৰ ব্যৱহাৰ খুব সুন্দৰ। এতিয়া আহিছো আন এক গুৰুত্বপূৰ্ণ দিশ চিনেমেট’গ্ৰাফীৰ দিশলৈ। একেআষাৰে ক’ব পৰাকৈ ৰূপমজ্যোতি শইকীয়াৰ ইতি তোমাৰ ৰ চিনেমেট’গ্ৰাফী অনবদ্য। লগতেই সুন্দৰ জ্যোতি শংকৰ ভট্টাচাৰ্যৰ কলা নিৰ্দেশনাৰ দিশটিও।

চিনেমাৰ অন্ত আপোনাৰ বাবে হয়তো প্ৰত্যশিত নহ’বও পাৰে, পিছে ভাল লগা। সম্পৰ্ক, বৈধতা-অবৈধতাৰ দিশত যি কথন হৈছিল আৰু যিদৰে ইয়াক গ্ৰহণযোগ্যতা প্ৰদান কৰা হ’ল, সেয়া আন এক ভাল লগা বা নতুনত্বৰে ভৰা দিশ। মুঠতে এক কথাত ক’বলৈ গ’লে- ইতি তোমাৰ চাই উঠি এনেকুৱা লাগিব, এই যেন সাউতকৈ আপুনি আপোনাৰ যৌৱনকাললৈ হে উভতি গ’ল আৰু একাত্ম হৈ পৰিল নিজৰ প্ৰেমাস্পদৰ লগত। যদিহে আপোনাৰ এতিয়া হৃদয় ভাঙিছে, যদিহে আপুনি প্ৰেমত আস্থা হেৰুৱাইছে, যদিহে আপুনি প্ৰেমহীনতাত ভুগিছে বা প্ৰেম বিচাৰি নেপাই হাইৰাণ হৈছে- তেন্তে”ইতি তোমাৰ”চাওক। নিৰাশ নহয়। অৱশ্যেই ইতি তোমাৰ মাথোঁ তৰুণ প্ৰজন্মৰ বাবেই নিৰ্মিত ছবি নহয়, ই সকলো বয়সৰ লোককে ষ্পৰ্শ কৰিব পৰাবিধৰ ভাৱে নিৰ্মিত।

(লেখিকাৰ মেইলঃ [email protected])

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm
ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

August 29, 2026 4:56 pm
তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd