• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিনেমা কথা: শ্ৰী ৰঘুপতি

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
June 10, 2023 11:57 am
Sri Raghupati
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিনেমাখনৰ নামটি এতিয়া অসমবাসীক ন-কৈ কোৱাৰ নিশ্চয়কৈ প্ৰয়োজন নাই। গত ৫জুন তাৰিখে অসমৰ লগতেই, অসমৰ বাহিৰৰো ভিন্ন চিত্ৰগৃহত মুক্তি লাভ কৰা এই ছবিখনৰ প্ৰতি বৰ্তমান ছবিগৃহত দৰ্শকে যথেষ্ট আশাপ্ৰদ সঁ‌হাৰি আগবঢ়াইছে। ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনা- শুব্ৰত কাকতিৰ। কাহিনী তথা কাহিনী লিখন আৰু সংলাপ- ৰবি শৰ্মাৰ। মূলতঃ মনোৰঞ্জনধৰ্মী যদিও এখন পৰিয়ালৰ সকলোৱে চাব পৰা ছবি শ্ৰী ৰঘুপতি। মনোৰঞ্জনৰ নামত অপ্ৰয়োজনীয় গ্লেমাৰৰ মেদ ব্যৱহৃত হোৱা নাই ছবিখনত। বৰ্তমান অসমৰ বিভিন্ন ছবিগৃহত চলি আছে।

শ্ৰী ৰঘুপতি বা ৰঘুপতি, প্ৰত্যশিতভাৱেই ছবিৰ মূখ্য চৰিত্ৰৰ নাম। অৰ্থাৎ ছবিখনত ৰবি শৰ্মাৰ নাম। ছবিখন আৰম্ভণিৰে পৰাই কাহিনীভাগৰ এক সুচল গতি,যি গতি ক’তো মন্থৰ হোৱা বা আমনিদায়ক হোৱাৰ কোনো অৱকাশ নাই। এজন চৰকাৰী চাকৰিয়াল ৰঘুপতিৰ পৰিয়াল আৰু প্ৰেয়সীৰ লগতে এগৰাকী ভগ্নী আছে। চৰিত্ৰবোৰ এইখিনিলৈকে প্ৰত্যশিত যদিওবা,কাহিনীভাগ অপ্ৰত্যাশিত। অৰ্থাৎ, আপুনি ছবিখন চাই থাকিলে, এইখিনিৰ পিছত এনেকুৱাই হ’ব বুলি ন দি কোৱাৰ থল নাই। অৰ্থাৎ ছবিখন চাবলৈ আগ্ৰহ অব্যাহত থাকে। এইয়া কাহিনীকাৰ ৰবি শৰ্মাত কৃতিত্ব। কাহিনীৰ গতিশীলতাৰ লগে লগে আনুষংগিক চৰিত্ৰ তথা ঘটনা,পৰিস্থিতিসমূহো খাপ খুৱাই আগবঢ়াই লৈ যোৱা হয়।

পৰিস্থিতি সলনি হয়, এক দুৰ্ঘটনাৰ মাজেৰে। আৰু এইখিনিতেই উল্লেখ কৰিব লাগিব যে- এই দুৰ্ঘটনাৰ শোক-যন্ত্ৰণাৰ লগতে, সময় সাপেক্ষে শ্ৰী ৰঘুপতিত কৰা হাস্যৰসৰ উপস্থাপনো স্বতঃস্ফূৰ্ত, দৰ্শকক সংযুক্ত কৰিব পৰা। বহু চিনেমাত দেখিবলৈ পোৱাৰ দৰে বলপূৰ্বক কাৰুণ্য বা হাস্যৰসৰ প্ৰয়োগ হোৱা নাই ছবিখনত। নায়কপ্ৰধান ছবি যদিও, সকলো সময়তে নায়কক বীৰ সজাবলৈও যোৱা নাই। নাৰীৰ সন্মান, মৰ্যাদা লগতেই, ধৰ্ষণক লৈ সংলাপ মনোগ্ৰাহী তথা শক্তিশালী।

Apply Now

আৰু প্ৰায় সমগ্ৰ ছবিখনতেই সংলাপৰ ব্যৱহাৰো ভাল লগা যদিওবা ই পৰিমিত। ছবিৰ আৰম্ভণিৰে পৰাই প্ৰদীপ দৈমাৰীৰ আলোকশিল্পৰ কাম যথেষ্ট ভাল হৈছে। সম্পাদনাৰ দিশটিও ভাল। আৱহ-সংগীতৰ লগতেই ছবিখনৰ গীতকেইটিৰ সংগীত ব্যৱস্থাপনা-প্ৰণয় দত্তৰ। এইখিনিতে ক’ব লাগিব যে- মনোৰঞ্জনধৰ্মী ছবি যদিও, শ্ৰী ৰঘুপতিত অযথা কিম্বা উপৰা-উপৰি গীতৰ পয়োভৰ নাই। সৌভিক ফুকনৰ শব্দ সংমিশ্ৰণৰ কাম প্ৰশংসনীয় সমগ্ৰ ছবিখনতেই।

অভিনয়ৰ ক্ষেত্ৰত আৰম্ভণিতেই ছবিৰ তাৰকা, ৰবি শৰ্মাৰ পৰিপক্ব, অনবদ্য অভিনয়ৰ কথা ক’ব লাগিব। অসমত বৰ্তমান সময়ত এনে এজন পূৰ্ণাঙ্গ নায়ক পাবলৈ নাই। লগতেই অৰুণ নাথৰ চৰিত্ৰ নিৰ্বাচনে মনত পেলালে মহৰ্ষি তুহিন কাশ্যপৰ মোৰ ঘোঁ‌ৰাৰ দূৰন্ত গতিৰ- অতুল পাচনীলৈ। এই দুয়োজন অভিনেতাৰেই অভিনয়ৰ ক্ষেত্ৰত এনে এক বহুমুখী প্ৰতিভাক দৰ্শকলৈ আগবঢ়াই দিয়াতো এক প্ৰশংসনীয় কাম। লগতেই প্ৰিয়ম পল্লবী আৰু আন প্ৰায়কেইটা চৰিত্ৰৰ অভিনয়ো স্বাভাৱিক।

অন্তৰ ফাললৈ কাহিনীত কিছু শিথিলতা আহি পৰে যদিও, সমগ্ৰ ছবিখনৰ ভাল লগাখিনিয়ে ইয়াৰ ওপৰৰ প্ৰভাৱত ক্ৰিয়া কৰি থাকিলে। শেহতীয়াভাৱে চোৱা ডাক্তৰ বেজবৰুৱা-২, ৰাজনীতি-১ৰ ঠাইত শ্ৰী ৰঘুপতিৰ দৰে উন্নত মানৰ মনোৰঞ্জনধৰ্মী ছবি অসমীয়া চলচ্চিত্ৰ উদ্যোগক লাগে, যি অকল পৰিয়ালকেন্দ্ৰীকেই নহয়, সকলোৱে উপভোগ কৰিব পৰা এক সুস্থ মনোৰঞ্জনৰ বাহক।

লেখকৰ মেইল: [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm
অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd