• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰে হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাবলৈ দাবী ৰিপুণ বৰাৰ

by
August 7, 2025 7:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবী তুলিলে কংগ্ৰেছ দলে। ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনক তীক্ষ্ণ সমালোচনা কৰি কয় যে, অসমৰ মুখ্যমন্ত্ৰী জনে ৰাইজক নিৰাপত্তা দিব নোৱাৰি আজি ৰাইজৰ হাতত বন্দুক তুলি দি নিজে নিজৰ নিৰাপত্তা ব্যৱস্থা কৰি লবলৈ আহ্বান জনোৱা কাৰ্যই প্ৰমাণ কৰিছে যে ৰাজ্য শাসনত মুখ্যমন্ত্ৰী জন আজি সম্পূৰ্ণ ভাবে ব্যৰ্থ হৈছে।

শেহতীয়াকৈ উজনি অসমত মিঞা বিচৰাৰ নামত আইন শৃংখলাজনিত পৰিস্থিতিৰ যি ভাৱে অৱনতি ঘটিছে সেই সমস্ত ঘটনাক্ৰমত উদ্বেগ প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কয় যে, দেশৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ সুত্ৰে আজি নামনি অসমৰ কিছু মুছলমান ব্যক্তিয়ে পেটৰ তাড়নাত উজনি অসমলৈ কামৰ সংক্ৰান্তত গৈছে যিদৰে অসমীয়া যুৱক-যুৱতীসকল বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত যায়।

Apply Now

তেওঁ কয় যে এখন ৰাজ্য চৰকাৰৰ মৌলিক দায়িত্ব হʼল দেশৰ নাগৰিকৰ নিৰাপত্তা ব্যৱস্থা সু-নিশ্চিত কৰাতো। কিন্তু আজি দেখা গৈছে এই ক্ষেত্ৰত অসম চৰকাৰ বাৰুকৈয়ে অসফল হৈছে।

তেওঁ লগতে কয়, যদি কʼৰবাত বিদেশী বাংলাদেশী আছে চৰকাৰে তাক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰক। ইয়াৰোপৰি ৰাজ্যত সংঘটিত মʼব ভায়’লেন্সক মুখ্যমন্ত্ৰীজনে নিজৰ পৃষ্ঠপোষকতাত হোৱা বুলি প্ৰকাশ কৰা কাৰ্য আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটা বাবে মহামান্য ৰাজ্যপালৰ দ্বাৰা মুখ্যমন্ত্ৰীজনক বৰ্খাস্ত কৰাৰ দাবী কৰিলে ৰিপুণ বৰাই।

সংবাদমেলত বৰাই কয় যে, অসম চুক্তিৰ আধাৰত ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো ব্যক্তি অসমত থাকিব নোৱাৰে, এয়া কংগ্ৰেছ দলৰ আপোচ বিহীন স্থিতি, কিন্তু সন্দেহজনক শব্দৰে ভাৰতীয় লোকক হাৰাহাস্তি কৰা কাৰ্য সংবিধান বিৰোধী।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতি, অসমীয়া জাতীয়তাবাদ আৰু অসমৰ খিলঞ্জীয়াক শেষ কৰিছে বুলিও মত প্ৰকাশ কৰি বৰাই কয় যে, যি জন ব্যক্তিয়ে অসম চুক্তিক নস্যাৎ কৰি কাʼ আইন জাপি দিব পাৰে তেওঁ কেনেকৈ অসম প্ৰেমী হʼব পাৰে?

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ৰিপুণ বৰাই কয় যে, আপুনি অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত আয়োগ গঠন কৰিছিল আৰু সেই আয়োগে খিলঞ্জীয়া ৰক্ষাৰ বাবে যি প্ৰতিবেদন দাখিল কৰিছিল তাক আপোনালোকে আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল! কিন্তু আজি কʼত গʼল সেই প্ৰতিশ্ৰুতি? আপুনি প্ৰকাশ কৰি থকাৰ দৰে যদি আপুনি অসম প্ৰেমীয়েই হʼয় তেন্তে বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ মানি অসমীয়াৰ সুৰক্ষা কৱচ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰি নিজকে অসম প্ৰেমী বুলি প্ৰমাণ কৰি দেখুৱাওক।

তেওঁ লগতে মত প্ৰকাশ কৰি কয় যে, এই বিজেপি চৰকাৰখনে নিজকে খিলঞ্জীয়া প্ৰেমী বুলি কয়, কিন্তু প্ৰকৃততে এই চৰকাৰখন খিলঞ্জীয়া বিৰোধী। এই চৰকাৰে আজি আমাৰ হাজাৰ-হাজাৰ বিঘা মাটি ৰামদেৱ,আদানি, আম্বানিৰ হাতত তুলি দিয়া কাৰ্যই প্ৰমাণ কৰে যে এই চৰকাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়ি খোৱা চৰকাৰ।

সংবাদমেলত অসমৰ জাতীয় সংগঠনসমূহক অসমৰ সাতামপুৰুষীয়া সমন্বয় ৰক্ষা কৰিবলৈ আহ্বান জনায় বৰাই প্ৰকাশ কৰে যে, অসমৰ বুৰঞ্জী তথা সংস্কৃতিত হিংসা আৰু ঘৃণাৰ স্থান নাই। এই অসম ভূমি শঙ্কৰদেৱ-লাচিত আৰু আজান ফকীৰৰ দেশ। আমি সকলোৱে শান্তি বজাই ৰাখিব লাগিব।

সংবাদমেলত, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে জাতি, মাটি, ভেটি সুৰক্ষাৰ নামত অসমৰ খিলঞ্জীয়া ৰাইজক হাৰাশাস্তি কৰিছে। এইখন চৰকাৰ কল্যাণকামী চৰকাৰ নহয় বুলি তেওঁ উল্লেখ কৰি নাগৰিকৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰা চৰকাৰখন শাসনত বৰ্তি থকাৰ অধিকাৰ নাই বুলি উল্লেখ কৰে।

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি মেহদী আলম বৰা, সাধাৰণ সম্পাদক বিপুল গগৈ আৰু জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ, মুখপাত্ৰ ৰিতম সিং উপস্থিত থাকে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd