DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভোটৰ আশাত দিয়া প্ৰতিশ্ৰুতিৰ পাছত নিজেই নিজে পতা জালত বন্দী হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা: ৰিপুন বৰা

‘হিমন্ত বিশ্ব শৰ্মাই ফাইনেঞ্চৰ ঋণৰ নামত কলটো থৈ বাকলিটো দিবলৈ ওলাইছে’ বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 13, 2021 6:35 pm
ripun
470
VIEWS
Share on FacebookShare on Twitter

মহিলাৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত নিৰ্বাচনৰ পূৰ্বে ভোটৰ আশাত দিয়া প্ৰতিশ্ৰুতিৰ পাছত নিজেই নিজে পতা জালত বন্দী হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে কটাক্ষ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

ইপিনে, যোৱা বিধান সভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ নেতৃত্বাধীন মহাজোট বন্ধনৰ তৰফৰ পৰা মাইক্রফাইনেন্সৰ ঋণ মাফ কৰি মহিলাসকলক সকাহ দিব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াৰ পাছতে তাক অনুকৰণ কৰি বিজেপি মিত্রজোঁটেও একে কথাই ঘোষণা কৰিলে আৰু সকলো মাক্রফাইনেন্সৰ ঋণ মাফ কৰিম বুলি প্রতিশ্রুতি দিলে বুলি ৰিপুন বৰাই উল্লেখ কৰে।

এতিয়া বিজেপি মিত্রজোটৰ চৰকাৰে নিৰ্বাচনত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিম বুলি কোৱা মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজে দিয়া প্ৰতিশ্ৰুতি এতিয়া পালন কৰিব লাগে বুলি দাবী জনায় ৰিপুন বৰাই।

বৰাই লগতে প্ৰশ্ন কৰি কয় ‘অন্যান্য প্ৰতিশ্ৰুতিৰ দৰে অসমৰ গ্ৰাম্যাঞ্চলৰ মহিলাসকলে লোৱা মাক্রফাইনেন্সৰ ঋণ মাফ কৰি নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বিপৰীতে বিভিন্ন চর্ত আৰোপ কৰি এই ৠণ মাফ কৰাৰ নামত দীঘলীয়া সময় লোৱাৰ লগতে ঋণগ্ৰস্ত মহিলাসকলক ৠণ মাফৰ নামত আভুৱা ভাৰিব নেকি?’

ইপিনে, মন্ত্ৰী অশোক সিংঘাল কমিটিয়ে মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ কৰাক লৈ যিবোৰ নিয়ম বান্ধি দিছে, সেইবোৰৰ দ্বাৰা নিশ্চিতভাৱে ঋণগ্ৰস্ত মহিলা সকল উপকৃত হব বুলি আশা কৰা নাযায় বুলি সদৰী কৰে ৰিপুন বৰাই।

তেওঁ আৰু কয় ‘মন্ত্ৰী অশোক সিংঘাল কমিটিয়ে বান্ধি দিয়া চৰ্তবোৰ পৰ্যালোচনা কৰিলে গৰিষ্ঠ সংখ্যক মাইক্ৰ ফাইনেঞ্চৰ ঋণ লোৱা মহিলা বঞ্চিত হোৱাটো নিশ্চিত । চৰকাৰে ঋণ মাফৰ এটা চৰ্ত ১ লাখ টকা আয় নিৰ্ধাৰিত কৰিছে। অৰ্থাৎ এক লাখ টকাৰ তলৰ আয়ৰ লোক সকলে ঋণ মাফ পাব।’

‘অৰ্থাৎ মাহিলি (১০০০০০÷১২)=৮৩৩৩•৩৪ টকা উপাৰ্জন কৰা পৰিয়ালে ঋণ মাফ পাব। কিন্তু আজিৰ তাৰিখত দৈনিক হাজিৰা যদি ৩০০ টকাও হয় ,তেনেহলে বাগিচাৰ মহিলা শ্ৰমিক সকলৰ বাহিৰে কোনেও ঋণ মাফ নাপাব। বাগিচাৰ মহিলা শ্ৰমিক সকলৰ যদি ৰেচনৰ কোটা সংলগ্ন কৰা হয় তেন্তে তেওঁলোকৰো বহু ঋণ মাফৰ পৰা বঞ্চিত হব। আনহাতে একেটা পৰিয়ালৰ গৃহস্থয়ো উপাৰ্জন কৰে আৰু পত্নীৰ আয় এক লাখতকৈ কম, তেওঁলোক বঞ্চিত হব। তাৰ মানে ঋণ লোৱা বহুত মহিলা বাদ পৰিব।‘ উদাহৰণ সহকাৰে বুজাই কয় ৰিপুন বৰাই।

চাৰি চকীয়া আদি থকা লোক আৰু শেহতীয়াকৈ ৰেফ্ৰিজাৰেটৰ থকা লোকেও ঋণ মাফ নাপাব বুলি আলোচনা হৈছে বুলি উল্লেখ কৰি বৰাই লগতে কয় ‘কিন্তু বহুলোকে এখন চাৰি চকীয়া গাড়ী ঋণ লৈ কিনিব পাৰে। সাধাৰণতে আমাৰ বহু লোকে বেংক ফাইনেঞ্চৰ জৰিয়তে ডাউন পেমেন্ট দি গাড়ী ক্ৰয় কৰে। ধৰা হল এখন চাৰিচকীয়া সামগ্ৰী কঢ়িওৱা গাড়ী এজন লোকে জমা টকা দুই লাখ ডাউন পেমেন্ট দি মাহিলি ই এম আই দিয়াৰ প্ৰতিশ্ৰুতিত বেংকৰ ল’ন লৈ কিনিলে। গাড়ী চলি থকা অৱস্থাত বেংকৰ ধাৰ হয়টো মাৰিছে। কেতিয়াবা ই এম আই মাৰিবলৈ মাইক্ৰ ফাইনেঞ্চৰ ঋণ লব লগা হৈছে । কোনো কোনোৰ আকৌ দোকানতো ৰেফ্ৰিজাৰেটৰ থাকিব পাৰে । তেনে ক্ষেত্ৰত চৰকাৰৰ পলিচি কি হব? তেওঁলোকৰ ঋণ মাফ হবনে?’

 

‘চৰকাৰে এই নীতি নিয়মৰ দ্বাৰা মাইক্ৰ ফাইনেঞ্চৰ ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা হ্ৰাস কৰাৰ বাবে তৎপৰতা চলাইছে, যাতে সাপো মৰে লাঠিও নাভাগে।‘ এইদৰে উল্লেখ কৰি বৰাই আৰু কয় ‘আনহাতে ঋণ মাফ হব বুলি ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ কথাত বিশ্বাস আৰু আস্থা ৰখা মহিলা সকলক মন্ত্ৰী অশোক সিংঘাল কমিটিয়ে যি চৰ্ত আৰোপ কৰি দিছে তাৰ পৰা দেখা যায় যে ঋণগ্ৰস্ত মহিলা সকলে ঠগন খোৱাৰ সম্ভাৱনা প্ৰকট। এই ধৰণে নিৰ্বাচিত চৰকাৰ এখনে ভোটাৰ জনসাধাৰণক ৰাম ঠগন দিয়াটো পৰিতাপৰ বিষয়। ডঃ হিমন্ত বিশ্ব শৰ্ম্মাই যে ফাইনেঞ্চৰ ঋণৰ নামত কলটো থৈ বাকলিটো দিবলৈ ওলাইছে সেইটো ইতিমধ্যেই জনসাধাৰণে বুজি উঠিছে।‘

Recent News

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

AAP Delhi liquor scam

সুৰা কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যয় হৈছিল গোৱা নিৰ্বাচনত! আপৰ বিৰুদ্ধে বিস্ফোৰণ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd