RIIMS এপৰ জৰিয়তে শিক্ষকক গিনিপিগ সজাব বিচৰা হৈছে, এগৰাকী প্ৰাক্তন শিক্ষামন্ত্ৰীৰ অভিযোগ

সোমবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত অসমৰ শিক্ষা ব্যৱস্থা টোগলকী ব্যৱস্থালৈ পৰিৱৰ্তন হ’ব ধৰিছে বুলি মন্তব্য কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰিপুন বৰাই।

ভাৰতৰ প্ৰখ্যাত শিক্ষাবিদ তথা ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যে ছাত্র-ছাত্রীক ভাল শিক্ষাদান কৰিবলৈ হ’লে শিক্ষক সকলক সকলো মানসিক চাপ আৰু অভাৱ- অনাটনৰ উৰ্দ্ধত ৰাখিব লাগিব৷

কিন্তু দুর্ভাগ্যৰ বিষয় যে বর্তমান বিজেপি চৰকাৰৰ আমোলত অসমৰ শিক্ষা ব্যৱস্থাত এনে অৱস্থা আহি পৰিছে যে টোগলকী ব্যৱস্থাৰে বাৰে বাৰে শিক্ষক সমাজক গিনিপিগ সজাইছে৷ উদাহৰণস্বৰূপে শিক্ষক অথবা যিকোনো বিভাগীয় চাকৰিয়ালৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে মুৰব্বী বিষয়া, অধ্যক্ষ, প্রধান শিক্ষক আদিৰ তত্বাৱধান আৰু কৰ্তৃত্বত উপস্থিতি নিশ্চিত কৰাৰ ব্যৱস্থা প্ৰচলন হৈ আছে৷ কলেজ সমূহত ডিজিটেল পদ্ধতিৰে উপস্থিতি নিশ্চিত কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

কিন্তু অলপতে অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষক সমাজৰ প্ৰতিনিধি সংগঠন বিলাকক এন্ধাৰত ৰাখি অত্যন্ত ক্ষিপ্ৰতাৰে RIIMS নামৰ এটা এপৰ যোগেৰে সন্মানীয় প্রাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক সকলৰ উপস্থিতি নিৰ্ণয় কৰাৰ বাবে তৎপৰ হৈ পৰিছে।

শিক্ষকক প্ৰতিনিধিত্ব কৰা ১০ টা সংগঠনে ইয়াৰ বিপক্ষে স্বাভাৱিকতে আদালতৰ দ্বাৰস্থ হৈছে। এইখিনিতে আন এটা কথা বিশেষ ভাৱে দ্ৰষ্টব্য, ২০১৯ চনত অসম চৰকাৰে আন এটা ডিজিটেল ব্যৱস্থাৰে ৫ খন জিলাৰ শিক্ষানুস্থান বিলাকত এটা পাইলট প্রজেক্ট চলাইছিল |

ৰাইজৰ ওপৰত নির্বিচাৰ কৰ কাটল আৰোপ কৰি প্ৰাইভেট কোম্পানীক লাভাম্বিত কৰা বিজেপিৰ এই ৰিমছ এপৰ জৰিয়তে এই বাৰ শিক্ষকক গিনিপিগ সজোৱা হৈছে। ৰাজ্যৰ অন্যান্য খণ্ডৰ কৰ্মচাৰী বিলাকেও পৰবৰ্তী পৰ্যায়ত নিশ্চিত ভাৱে এনে দুৰ্ব্যৱহাৰৰ সম্মুখীন হ’ব লাগিব৷

অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰিপুন বৰাই এই প্ৰসংগতে কেইটামান প্ৰসংগও উত্থাপন কৰে।

(১) ডিজিটেল ব্যৱস্থাৰে শিক্ষকৰ উপস্থিতি নিৰ্ণয় হোৱাৰ অন্তৰালৰ নীতি কি? অধ্যক্ষ আৰু প্ৰধান শিক্ষক সকলৰ দক্ষতা আৰু যোগ্যতা সম্পৰ্কত ইয়াৰ দ্বাৰা ৰাজহুৱা সন্দেহ ব্যক্ত কৰি সেই পদত উপবিষ্ট জ্যেষ্ঠ গুৰু সমাজক অপমান কৰা হোৱা নাইনে?

স্কুললৈ শিক্ষক সকল নিৰ্দিষ্ট সময়ত আহিছে নে তাৰ খতিয়ান ইমান দিনে তেওলোকেই ৰাখি আহিছে। আমি ভাবো আজিও ইয়াত কোনো অসুবিধা নাই, আঁসোৱাহ চৰকাৰী নীতিতহে আছে।

২। প্ৰতিকূল যাতায়ত আৰু ইণ্টাৰনেট সংযোগহীন স্কুল বিশেষত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে অশেষ কষ্টৰ মাজেৰে গঞা বিদাৰ্থীক পাঠ দান কৰি আহিছে। যিহেতু বিদ্যালয় সমূহত শিক্ষক আৱাসৰ সুবিধা নাই, তেনে স্থলত, ডিজিটেল পদ্ধতিৰে এক মিনিট পলম হলেও তেওঁৰ দৰমহা কৰ্তন হব ।

চৰ চাপৰিত দুর্গম এলেকাত কৰ্মৰত শিক্ষক সকল এই ক্ষেত্ৰত সাংঘাটিক ভাৱে ক্ষতি গ্ৰস্ত হ’ব।

(৩) প্রথম অৱস্থাত অসম চৰকাৰে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতি ডিজিটেল পদ্ধতিৰে নিশ্চিত কৰাৰ উদ্দেশ্যে RIIMS  নামৰ এটা এপৰ প্ৰয়োগৰ বাবে নির্দেশ দিলে।

শিক্ষক আৰু বিদ্যার্থী সকলক নিজৰ নিজৰ Android Mobile ত RIMS App আপলোড কৰি চকু টিপিয়াই উপস্থিতি দিবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু এই নির্দেশ অমান্য কৰিলে শিক্ষক সকলৰ দৰমহা কৰ্তন কৰা হব বুলি চৰকাৰে দিয়া ভাবুকিৰ বাবে বহু শিক্ষকে Android Mobile কিনিবলৈ বাধ্য হয়।

ইয়াৰ পিছত এই RIIMS App ৰ মাধ্যমেদি শিক্ষক সকলৰ ব্যক্তিগত তথ্যসমূহ আৰু তেওঁলোকৰ গতি বিধিৰ কোনো গোপনীয়তা নাথাকিব যাৰ ফলত সংবিধান প্রদত্ত তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব হ’ব বুলি শিক্ষকসমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিলে।

ইতিমধ্যে কালীপ্রসাদ চেতিয়া নামৰ ডিমৌৰ এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে ৰিমছ এপৰ পৰা মানসিক হাৰাশাস্তি হৈ আত্মহনন কৰা বুলি বাতৰি প্ৰকাশ পাইছে।

(৪) যোৱা 22 ডিচেম্বৰ তাৰিখে উক্ত গোচৰ সন্দৰ্ভত অসম চৰকাৰে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত দিয়া এফিডেফিট অনুযায়ী পূর্বতে সকলো শিক্ষকে Android Mobile যোগে RIIMS App আপলোড কৰি চকু টিপিয়াই উপস্থিতি দিয়া ব্যৱস্থাৰ পৰিৱৰ্তে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ মোবাইল যোগে এবাৰ ফটো আপলোড কৰি উপস্থিতিৰ খতিয়ান দিব বুলি উচ্চ ন্যায়ালয়ক জনালে। যদি এয়ে হয় চৰকাৰলৈ আমাৰ প্ৰশ্ন:-
ক) পূর্বতে কিয় সকলো শিক্ষকক গাঁঠিৰ ধন ভাঙি ব্যয়বহুল Android mobile কিনিবলৈ বাধ্য কৰালে ?
খ) প্রধান শিক্ষকৰ হাতত থকা Mobile ৰ যোগেদি RIIMS App ৰ মাধ্যমেদি উপস্থিত নিৰূপণ কৰিলে শিক্ষক সকলৰ ব্যক্তিগত গোপনীয়তা যে ভংগ ন’হব তাৰ কিবা গেৰান্টি আছে নেকি?

গ) কেৱল ব্যক্তিগত ব্যৱসায়ীক সংগঠন এটাক লাভাম্বিত কৰাৰ স্বাৰ্থতে এই ডিজিটেল ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে নেকি? এই বিষয়ত সকলো কথা বিতং ভাৱে বৰ্ণনা কৰি এক শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ।

(৫) যোৱা ২৩/১২/২১ তাৰিখৰে আন এটা বাতৰি আনুযায়ী, টেট পৰীক্ষাৰ আন এটা মাৰাত্মক বিসংগতি ধৰা পৰিছে। আৰু উচ্চ প্রাথমিকৰ সাধাৰণ পৰীক্ষাৰ অলপতে ঘোষণা কৰা ফলাফলত অসন্তুষ্ট প্রার্থী সকলে ২০০ টকাকৈ মাচুল ভৰি ও এম আৰ চিট ডাউনলোড কৰি দেখে যে এন্‌চাৰ কী আৰু প্ৰকৃত শুদ্ধ উত্তৰৰ মাজত যথেষ্ট প্রভেদ আছে।

অতি পৰিতাপৰ কথা যে ছেবাৰ অধ্যয়ন অনুসৰি ভাৰতৰ প্ৰথম আঞ্চলিক দল ‘শিৰোম্‌ণি আকালি দল। যিকোনো লোকেই জানে যে ইয়াৰ শুদ্ধ উত্তৰ ডি এম কে। শিক্ষক নিযুক্তিৰ বাবে পতা পৰীক্ষাতো যদি এনে বিসংগতি থাকে বা চৰকাৰে TET ৰ দৰে এটা পৰীক্ষা নিয়াৰিকৈ পাতিব নোৱাৰে তেন্তে চৰকাৰৰ দক্ষতা থাকিল কত?

(৬) 2009 চনৰ ‘Right To Education Act’ অনুযায়ী PTR অব্যাহত ৰাখিবলৈ সকলে বৃহৎ সংখ্যক অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন হোৱাত কেন্দ্ৰ চৰকাৰৰ 90% পুঁজি 3/4 অসমতো 2012 চনৰ পৰা TET পৰীক্ষা অনুষ্ঠিত কৰি ঠিকাভিত্তিত কেইবাহাজান নিযুক্তি দিয়া হৈছিল।বর্তমানেও এই ব্যৱস্থা চলি আছে।

পৰৱৰ্তী কালত কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰ মাজত হোৱা আলোচনাৰ ভিত্তিত PAB MINUTES অনুযায়ী শিক্ষকৰ ক্ষেত্ৰত ঠিকাভিত্তিত, নিয়মীয়া, STATE POOLআদি ভিন ভিন গাঁথনি থাকিব নোৱাৰিব বুলি সিদ্ধান্ত লয়।

(৭) 2011 চনৰ 11 জুলাই তাৰিখে অসম চৰকাৰে প্ৰকাশ কৰা The Assam Right of children to free and Compulsory Education Rules, 2011 বিধিত স্পষ্টভাৱে উল্লেখ আছে যে Assam State RTE 2011 ৰ অধীনত নিযুক্ত হোৱা শিক্ষকসকলৰ বেতন সেৱাবিধি, পেঞ্চন আদি নিয়মীয়া শিক্ষকসকলৰ সৈতে একে হব লাগিব।

(b) 2013 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ত ঘোষণা কৰিছিল যে ঠিকাভিত্তিক শিক্ষকসকলৰ D.El.Ed নথকা বাবেহে তেওঁলোকক নিয়মীয়া কৰিব পৰা হোৱা নাই।শিক্ষামন্ত্ৰীয়ে আৰু ঘোষণা কৰিছিল যে এই সকল শিক্ষকে D.El.Ed লাভ কৰিলে তেওঁলোকক নিয়মীয়া কৰা হব।ইতিমধ্যে অধিকাংশ ঠিকাভিত্তিক শিক্ষকে D.EL.Ed কৰা স্বত্বেও তেওঁলোকক আজি পর্যন্ত নিয়মীয়া কৰা হোৱা নাই।

(৯) বিজেপি দলে 2016 চনৰ নিৰ্বাচনী ইস্তাহাৰত ঠিকাভিত্তিক শিক্ষকসকলক তেওঁলোকৰ চৰকাৰ হলে প্ৰথমখন কেবিনেটতে নিয়মীয়া কৰা হব বুলি দিয়া প্ৰতিশ্ৰুতি আজিলৈ কাৰ্য্যকৰী
ন’হল।

2019 চনত ঠিকাভিত্তিক শিক্ষকসকলৰ কাৰ্য্যকাল ৬০ বছৰলৈ বঢ়োৱা আৰু নিয়মীয়া শিক্ষকৰ দৰে প্ৰায়বোৰ সুবিধা দিয়া হব বুলি ৰাজ্যপালে স্বাক্ষৰ কৰা জাননী পত্ৰও আজি পর্যন্ত কাৰ্য্যকৰী নহল।

(১০) যি সময়ত ৰাজ্যচৰকাৰৰ কৰ্মচাৰীয়ে 31% মৰগীয়া বানচ পায় আহিছে ঠিকাভিত্তিক প্রায় 40,000 TET শিক্ষক সকলে 2019 চনৰ পৰা মাত্র 12% মৰগীয়া বানচতে সীমাবদ্ধ থাকিব লগা হৈছে।

(১১) বৰ্তমান অসম চৰকাৰৰ শিক্ষা ব্যৱস্থাত এনে টৌগলকী ব্যৱস্থা বিৰাজ কৰিছে যে একেখন বিদ্যালয়তে ঠিকাভিত্তিত, STATE POOL আৰু নিয়মীয়া আদি ভিন ভিন ধৰণৰ শিক্ষক আছে।সকলোৰে কাম একেই দায়িত্ব একেই।সকলোৱে নির্বাচনী দায়িত্ব, NRC, আধাৰকাৰ্ড,লোকপিয়ল, ভেকচিন আদিৰ সকলো চৰকাৰী দায়িত্ব পালন কৰি আহিছে যদিও নিয়মীয়া শিক্ষকসকলৰ দৰে ঠিকা ভিত্তিক শিক্ষকসকলে পেঞ্চন, মৰগীয়া বানচ, NPS, Service Book, Death Benefits Teachers Award, আদি সকলো সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে।

এনে পৰিস্থিতিত শিক্ষকসকলে কেতিয়াও সুস্থ মানসিকতাৰে শিক্ষাদান কৰিব নোৱাৰে। সেয়েছে শিক্ষক সমাজৰ মাজত কোনো বৈষম্য নাৰাখি ঠিকাভিত্তিক শিক্ষক সকলক নিয়মীয়া শিক্ষকসকলে পোৱা সকলো সা-সুবিধা প্ৰদান কৰিবলৈ দাবী জনায় অসম প্ৰদেশ কংগ্ৰেছে।