ঋষভ পণ্টৰ নতুন অভিলেখ; অতিক্ৰম দ্ৰাবিড়, ধোনীৰ দৰে তাৰকা খেলুৱৈক

Rishabh Pant

পাৰ্লৰ বোলেণ্ড পাৰ্কত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা দ্বিতীয় এদিনীয়াত আজি শতক বঞ্চিত হ’লেও এক ঈৰ্ষণীয় সাফল্য অৰ্জন কৰিছে ভাৰতৰ উইকেটকিপাৰ বেটাৰ ঋষভ পণ্টে।

ভাৰতৰ বাবে নিৰ্ঘাত জয়ী হ’লগীয়া মেচখনত ৭১ টা বলত ৮৫ ৰাণ সংগ্ৰহ কৰা ঋষভ পণ্টে ভংগ কৰিছে ৰাহুল দ্ৰাবিড় আৰু মহেন্দ্ৰ সিং ধোনীৰ দৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ অভিলেখ।

এই মাৰমুখী ইনিংছটোৰ দ্বাৰা পণ্টে দক্ষিণ আফ্ৰিকাত এখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ভাৰতীয় উইকেটকিপাৰৰ নতুন অভিলেখ স্থাপন কৰে।

ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাত ভাৰতীয় উইকেটকিপাৰৰ দ্বাৰা পূৰ্বৰ সৰ্বাধিক স্ক’ৰৰ ৰেক’ৰ্ড আছিল ভাৰতীয় দলৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ। দ্ৰাবিড়ে ২০০১ চনত ডাৰ্বানত ৭৭ ৰাণ সংগ্ৰহ কৰিছিল। আনহাতে এম এছ ধোনীয়ে ২০১৩ চনত জোহান্সবাৰ্গত ৬৫ ৰান সংগ্ৰহ কৰিছিল।

ইনিংছৰ প্ৰায় আৰম্ভণিতেই শিখৰ ধাৱান (২৯) আৰু প্ৰাক্তন অধিনায়ক বিৰাট কোহলী (০) ৰ উইকেট হেৰুৱাই বিপদত পৰা ভাৰতীয় দলক অধিনায়ক ৰাহুলৰ সৈতে লগ লাগি এক সুস্থিৰ অৱস্থালৈ আনে ভাৰতে।

এদিনীয়া ক্ৰিকেটত নিজৰ প্ৰথমটো শতকৰ কাষ চপা পণ্টে দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ চামচিৰ বলত আক্ৰমণাত্মক শ্বট খেলিবলৈ গৈ আউট হয়। আনহাতে অধিনায়ক ৰাহুলে ৫৫ ৰানৰ অবদান আগবঢ়ায়।

এই সময়লকৈ ভাৰতে ৪৯ অভাৰত ৬ উইকেট হেৰুৱাই ২৭৫ ৰান সংগ্ৰহ কৰিছে। শাৰ্দুল ঠাকুৰে ৩৫ আৰু অশ্বিনে ১৮ ৰান কৰি বেটিং কৰি আছে।

উল্লেখ্য যে ভাৰত শৃংখলাৰ প্ৰথমখন এদিনীয়াত ৩১ ৰানত পৰাজিত হৈছিল। শৃংখলা জয়ৰ আশা জীয়াই ৰাখিবলৈ হ’লে ভাৰতে এই মেচখনত জয় লাভ কৰিব লাগিব।