অসমত নিশ্চিত হোৱা নাই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নিৰাপত্তাঃ গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ খৰ্গেৰ

Bharat Jodo Nyay Yatra Kharge Letter To Amit Shah

ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গুৱাহাটীত প্ৰৱেশত বাধা দিয়ে অসম আৰক্ষীয়ে। ইয়াক কেন্দ্ৰ কৰি কংগ্ৰেছ কৰ্মী আৰু অসম আৰক্ষীৰ জোৱানৰ মাজত সংঘৰ্ষৰো সূত্ৰপাত হয়।

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ ৰাখি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰ যোগে খৰ্গেই ৰাহুল গান্ধী আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশ লোৱা কংগ্ৰেছ কৰ্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাত গৃহমন্ত্ৰী শ্বাহৰ হস্তক্ষেপৰ আহ্বান জনায়।

উল্লেখ্য যে কালি সূত্ৰপাত হোৱা সংঘৰ্ষৰ পিছতে অসম আৰক্ষীয়ে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাহুল গান্ধী্সহ কেইবাগৰাকীও কংগ্ৰেছ নেতাৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, অবৈধ সমাৱেশ, শান্তি ভংগ আদিৰ অভিযোগত এফআইআৰ দাখিল কৰে।

সংৰ্ষত কেইজনমান আৰক্ষী জোৱান আহত আঘাতপ্ৰাপ্ত হোৱাৰ লগতে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰক্ষীৰ হাতত প্ৰহৃত হয়। গৃহমন্ত্ৰীলৈ লিখা পত্ৰত খৰ্গেই এনে কেতবোৰ দৃষ্টান্তৰ উদাহৰণেৰে অসম আৰক্ষীয়ে পৰ্যাপ্ত নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত বিফল হোৱা বুলি উল্লেখ কৰিছে।

কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে বিজেপি কৰ্মীৰ দ্বাৰা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ বাহনত আক্ৰমণ আৰু অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক শাৰীৰিক আক্ৰমণ কৰাৰ কথা উল্লেখ কৰে পত্ৰখনত। লগতে বিজেপি কৰ্মীয়ে ৰাহুল গান্ধীৰ বাহন আগচি ধৰা ঘটনাকো আঙুলিয়াই দিয়ে খৰ্গেই।

এই সকলো পৰিঘটনাতে অসম আৰক্ষীয়ে বিজেপি কৰ্মীসকলক ৰাহুল গান্ধী তথা তেওঁৰ সহযোগীসকলৰ নিৰাপত্তাৰ ভংগ কৰাত অনুমতি দিয়া বুলি খৰ্গেই অভিযোগ কৰিছে। সামাজিক মাধ্যমত প্ৰমাণ থকাৰ পিছতো এইবোৰ কাণ্ডৰ সৈতে জড়িত কোনো এজনকো গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও অভিযোগ কৰে খৰ্গেই।

পৰিকল্পনা অনুসৰি যাত্ৰা আগবঢ়াৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে যাতে ৰাহুল গান্ধী বা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যিকোনো সদস্যৰ ক্ষেত্ৰত এনে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় বুলি নিশ্চিত কৰে, তাৰ বাবে খৰ্গেই গৃ্হমন্ত্ৰীগৰাকীক হস্তক্ষেপৰ অনুৰোধ জনাইছে।