• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫০ বছৰৰ তলৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা!

 এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2022 12:38 pm
163
VIEWS
Share on FacebookShare on Twitter

৫০ বছৰৰ তলৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা। মূলতঃ জীৱশৈলীৰ পৰিৱৰ্তনৰ বাবেই এই বয়সৰ লোকসকল কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পাইছে বুলি মাৰ্কিন গৱেষকৰ গৱেষণাত প্ৰকাশ পাইছে। শেহতীয়াকৈ এক অধ্যয়ন অনুসৰি ৫০ বছৰ বয়সৰ আগতে ধৰা পৰা কৰ্কট ৰোগৰ ঘটনা সমগ্ৰ বিশ্বতে ভয়ংকৰভাৱে বৃদ্ধি পাইছে।

এই বৃদ্ধি ১৯৯০ চনৰ প্ৰথম ভাগৰ পৰাই লক্ষ্য কৰা হৈছিল আৰু এতিয়া ই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৫০ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত হোৱা কৰ্কট ৰোগৰ ভিতৰত আছে স্তন, মলাশয়, খাদ্যনলী, বৃক্ক, যকৃত আৰু অগ্ন্যাশয়ৰ কৰ্কট ৰোগ। সুৰা পান, টোপনি ক্ষতি, ধূমপান, মেদবহুলতা, আৰু উচ্চ মাত্ৰাত সংসাধিত খাদ্য গ্ৰহণ আদি কাৰকৰ বাবেই ৫০ বছৰৰ তলৰ অধিকাংশ লোক কৰ্কট ৰোগত আক্ৰান্ত হয় বুলি গৱেষকসকলে কৈছে।

সংসাধিত খাদ্য, চেনীযুক্ত পানীয়, মেদবহুলতা, সুৰাসেৱনৰ দৰে বিপদাশংকাৰ কাৰকবোৰ ১৯৫০-ৰ দশকৰ পৰা যথেষ্ট বৃদ্ধি পাইছে। গৱেষণাত অংশগ্ৰহণ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰিঘাম এণ্ড উইমেনছ হস্পিটেলৰ অধ্যাপক ছুজি ওগিনোৱে কয় যে কেতবোৰ বাহ্যিক কাৰকৰ বাবে ৫০ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত কৰ্কট ৰোগৰ প্ৰৱণতা বৃদ্ধি পাইছে।

শেহতীয়াকৈ নেচাৰ ৰিভিউজ ক্লিনিকেল অংক’লজী আলোচনীত প্ৰকাশিত অধ্যয়নটোত কতোৱা হৈছে যে প্ৰতিটো প্ৰজন্মৰ সৈতে বিপদাশংকাসমূহ বৃদ্ধি পাই গৈ আছে। অপিৰিশীলিত জীৱন শৈলীয়ে বহুতৰে বাবে বিপদ মাতি অনা বুলিও গৱেষকসকলে কৈছে।

গৱেষণাটোত প্ৰাপ্ত তথ্য অনুসৰি ১৯৬০ চনত জন্ম গ্ৰহণ কৰা লোকসকলে ১৯৫০ চনত জন্ম হোৱা লোকৰ তুলনাত ৫০ বছৰ বয়স হোৱাৰ আগতে অধিক হাৰত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছিল। গৱেষকসকলে ভৱিষ্যতবাণী কৰিছে যে এই বিপদাশংকাৰ স্তৰ ক্ৰমাগত প্ৰজন্ম অনুসৰি অনুসৰি বাঢ়ি যাব। তেওঁলোকে প্ৰথমে ১৪ টা বিভিন্ন কৰ্কট ৰোগৰ ঘটনা বিশ্লেষণ কৰি তাৰ আধাৰতে বিশ্বব্যাপী আন তথ্যও বিশ্লেষণ কৰিছিলষ গৱেষণাটোত ২০০০ চনৰ পৰা ২০১২ চনলৈ ৫০ বছৰ বয়সৰ তলৰ প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰত কৰ্কটৰ ঘটনা বৃদ্ধি হোৱা দেখা গৈছে । গৱেষকসকলে প্ৰকাশ কৰা মতে লোক এজনৰ আহাৰ, জীৱনশৈলী, ওজন, পাৰিপাৰ্শ্বিক সংস্পৰ্শ আদিৰ ওপৰতে কৰ্কট ৰোগৰ আশংকা বহু খিনি নিৰ্ভৰ কৰে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd