ৰিয়ানক ‘সম্ভাৱনাযুক্ত ছুপাৰষ্টাৰ’ আখ্যা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ডিন জোনছৰ

Riyan & Dean Jones

মাত্ৰ ১৭ বছৰ বয়সতে আই পি এলত দেখুওৱা সুন্দৰ প্ৰদৰ্শনৰ বাবে অসম সন্তান ৰিয়ান পৰাগৰ নাম এতিয়া চৰ্চাত আছে বিশ্ব ক্ৰিকেটত। প্ৰথমবাৰৰ বাবে আই পি এল খেলা ৰিয়ানে চলিত ছিজনত ৰাজস্থানৰ হৈ দেখুওৱা পৰাক্ৰমী বেটিঙৰ বাবে ক্ৰিকেট বিশেষজ্ঞসকলৰ মুখে মুখে এতিয়া ৰিয়ানৰ নাম।

চলিত ছিজনত ৰিয়ানে ৭ খন মেচ খেলি ১৬০ ৰান সংগ্ৰহ কৰিছে। য’ত আছে এটা ইতিহাস সৃষ্টিকাৰী অৰ্ধশতকীয় ইনিংছ। ৰিয়ানে দিল্লীৰ বিৰুদ্ধে খেলা অৰ্ধশতকীয় ইনিংছটো আছিল আই পি এলৰ ইতিহাসত আটাইতকৈ কনিষ্ঠতম খেলুৱৈয়ে খেলা অৰ্ধশতক।

তদুপৰি ৰিয়ানে দলৰ বিপদৰ সময়ত এজন অনুভৱী বেটছমেনৰ ৰূপতো ক্ৰিজত থিয় দিয়া দেখা গৈছিল। ৰাজস্থান ৰয়েলছে লীগৰ অন্তিমখন মেচত সন্মুখীন হোৱা বেটিং বিপৰ্যৰ সময়ত দলৰ ত্ৰাণকৰ্তাৰ ৰূপত আছিল ৰিয়ান। অভিষেক ছিজনতে ৰিয়ানে বিস্ফোৰক, ধৈৰ্যশীল তথা এগৰাকী অনুভৱী ক্ৰিকেটাৰৰ দৰে কৰা আচৰণে ভৱিষ্যতে এগৰাকী সুদক্ষ ক্ৰিকেটাৰ হোৱাত সহায়ক হ’ব বুলি মন্তব্য কৰিছে ক্ৰিকেট বিশেষজ্ঞ তথা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ডিন জোনছে।

প্ৰাক্তন ক্ৰিকেটাৰ ডিন জোনছে ‘সম্ভাৱনাযুক্ত ছুপাৰষ্টাৰ’ হিচাপে আখ্যা দিছে ৰিয়ানক। তেওঁ লগতে কয় যে তীব্ৰ চাপ পোৱাৰ পাছতো ৰিয়ানে দিল্লীৰ বিৰুদ্ধে খেলা ইনিংছটোৱে তেওঁৰ ভিতৰত থকা প্ৰতিভা আৰু মানসিক শক্তিৰ উমান দিয়ে।

‘ৰিয়ান পৰাগ এগৰাকী সাংঘাতিক প্ৰতিভাধৰ ছুপাৰষ্টাৰ। মই ভাবো ৰিয়ানে খেলপথাৰৰ চাৰিওদিশে ষ্ট্ৰোক খেলিব পাৰিব। তেওঁ বেকফুট, ফ্ৰণ্টফুট সকলোতে ভাল’। ইণ্ডিয়া টুডেত প্ৰকাশিত ডিন জোনছৰ এই মন্তব্য।

ইয়াৰ উপৰি ডিন জোনছে ৰিয়ান পৰাগক ক্ৰিকেট বিশ্বৰ আটাইতকৈ আক্ৰমণাত্মক তথা ৩৬০ ডিগ্ৰী বেটছমেন হিচাপে পৰিচিত দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰ্ছৰ লগতো তুলনা কৰিছে।