অদম্য ৰিয়ানঃ দলীয় ব্যৰ্থতা নেওচি কেৰালাৰ বিৰুদ্ধে দুৰন্ত শতক

Riyan Parag

জাতীয় দলত স্থান লাভৰ বাবে নিৰ্বাচকক সন্তুষ্ট কৰিব নোৱাৰিলেও ঘৰুৱা ক্ৰিকেটত নিজৰ অদম্য গতি অব্যাহত ৰাখিছে অসমৰ তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগে। ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজি পুনৰ উজলি উঠিল যুৱ তাৰকাগৰাকী।

কেৰালাৰ বিপক্ষে বৰ্ষাপাৰাত চলি থকা ৰঞ্জী ট্ৰফীৰ গ্ৰুপ মেচত আজি অসমৰ সামগ্ৰিক ব্যৰ্থতাৰ মাজতো প্ৰায় অকলেই যুঁজ দি ৰিয়ানে খেলে এক এক দৰ্শনীয় শতকীয় ইনিংছ। ৰিয়ানৰ এই বেটিং বিক্ৰমৰ বাবেই বৰ্ষাপাৰাত সন্মান ৰক্ষা হয় অসমৰ।

মেচখনত প্ৰথমে বেট ধৰি কেৰালাই শীৰ্ষক্ৰমৰ বেটাৰসকলৰ অনবদ্য প্ৰদৰ্শনৰ সুবাদত প্ৰথম ইনিংছত সংগ্ৰহ কৰে ৪১৯ ৰাণ। দলটোৰ হৈ শচীন বেবীয়ে সৰ্বাধিক ১৩১, অধিনায়ক ৰোহন কুন্নুম্মালে ৮৩, কৃষ্ণ প্ৰসাদে ৮০ আৰু ৰোহন প্ৰেমে ৫০ ৰাণ সংগ্ৰহ কৰে।

অসমৰ হৈ মুখতাৰ হুছেইন আৰু ৰাহুল সিঙে ৩ টাকৈ, সিদ্ধাৰ্থ শৰ্মাই ২টা আৰু আকাশ সেনগুপ্তাই এটা উইকেট লাভ কৰে। কেৰালাৰ এই শক্তিশালী স্থিতিৰ বিপৰীতে অসমে তৃতীয় দিনৰ সমাপ্তিলৈকে ৭ উইকেটত ২৩১ ৰাণ সংগ্ৰহ কৰিছে।

হাতত তিনিটা উইকেট বাকী থকা অৱস্থাত অসম এতিয়াও ১৮৮ ৰাণত পিছপৰি আছে। কেৰালাৰ বলিং আক্ৰমণৰ মোকাবিলা কৰাত অসমৰ প্ৰায়কেইগৰাকী বেটাৰেই ব্যৰ্থ হয়। দলীয় এই ব্যৰ্থতা নেওচি ৰিয়ানে খেলে ১১৬ ৰাণৰ অধিনায়কোচিত এক দুৰন্ত ইনিংছ।

ৰিয়ানে ১২৫ বলৰ সন্মুখীন হৈ ১৬ টা চাৰি আৰু ৩ টা ছয়েৰে এই চমকপ্ৰদ ইনিংছটো সজায়। তেওঁৰ বাদে অপেনাৰ ঋষভ দাসৰ বেটৰ পৰা আহে ৩১ ৰাণ। দিনটোৰ খেল সামৰণিৰ পৰলৈ আকাশ সেনগুপ্তা ১১ আৰু মুখতাৰ হুছেইন ১৯ ৰাণত অপৰাজিত থাকে।

উল্লেখ যে চলিত ৰঞ্জী ছিজনৰ ক্ৰমাগত দুখন মেচত ৰিয়ানৰ এয়া দ্বিতীয়টো শতক। গ্ৰুপৰ প্ৰথমখন মেচতো ৰিয়ানে ছত্তীশগড়ৰ বিপক্ষে মাত্ৰ ৮৭ টা বলত খেলিছিল ১৫৫ ৰাণৰ এক মাৰমুখী ইনিংছ।