NORTHEAST NOW (Assamese)

আই পি এলৰ বাবে সাজু ৰিয়ান : কাইলৈ ৰাওনা হ’ব ৰাজস্থান ৰয়েলছৰ শিবিৰলৈ

March 19, 2019 1:19 pm · এন ই নাও নিউজ
ফটো উৎস : ফেচবুক

ক্ৰিকেটৰ আটাইতকৈ চুটি সংস্কৰণ তথা বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় লীগ আই পি এলত অভিষেকৰ বাবে সাজু হৈছে অসমৰ উদীয়মান ক্ৰিকেটাৰ ৰিয়ান পৰাগ। ৰাজস্থান ৰয়েলছ দলত চুক্তিবদ্ধ হোৱা ৰিয়ানে দলীয় শিবিৰত যোগ দিয়াৰ উদ্দেশ্যে অহা ২০ মাৰ্চত ৰাওনা হ’ব।

অহা ২৩ মাৰ্চৰ পৰা ২৯ মে’লৈকে চলিব লগীয়া বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় তথা সৰ্ববৃহৎ ক্ৰিকেট লীগখনত অসমৰ একমাত্ৰ ৰিয়ান পৰাগেই কোনো ফ্ৰেঞ্চাইজিৰ সৈতে চুক্তিবদ্ধ হৈছে।

উল্লেখ্য যে যোৱা বৰ্ষৰ ১৮ ডিচেম্বৰত হোৱা আই পি এলৰ খেলুৱৈ নিলামত অসমৰ কিশোৰ খেলুৱৈজনক ৰাজস্থান ৰয়েলছে ২০ লাখ টকাত চুক্তিবদ্ধ কৰিছিল।

যোৱা বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা ১৯ অনূৰ্ধ্ব বিশ্বকাপত ভাৰতীয় দলত খেলাৰ সুযোগ লাভ কৰা ৰিয়ান এগৰাকী আক্ৰমণাত্মক বেটছমেন তথা লেগ স্পীনাৰ হিচাপে পৰিচিত।

ৰিয়ানৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ হৈ একাধিকবাৰ খেলাৰ সুযোগ পাইছিল বলাৰ আবু নেছিম আহমেদে।

ৰিয়ান অসমৰ প্ৰাক্তন ৰঞ্জি খেলুৱৈ পৰাগ দাস আৰু ৰাষ্ট্ৰীয় অভিলেখকাৰী সন্তৰণবিদ মিথু বৰুৱাৰ পুত্ৰ।

Related News