NORTHEAST NOW (Assamese)

বোকাখাতত ট্ৰাক-বাইকৰ মুখামুখি সংঘৰ্ষ; নিহত এজন

February 2, 2019 10:09 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

বোকাখাত নগৰৰ সমীপৰ লখৌজানত আজি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

প্ৰাপ্ত তথ্য মতে তীব্ৰ বেগত আহি থকা এখন ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হ’ল। দুৰ্ঘটনাটোৰ ফলত বাইকখনৰ আৰোহী ভৱেন বসুমতাৰী নামৰ লোকগৰাকী থিতাতে নিহত হয়।

আনহাতে দুৰ্ঘটনাত তেওঁৰ পত্নী দীপশিখা বৰা বসুমতাৰীও গুৰুতৰভাৱে আহত হয়। তেওঁক যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ভৱেন বসুমতাৰী আৰু তেওঁৰ পত্নি গোলাঘাটৰ লৱণঘাটৰ পৰা বোকাখাতলৈ আহি থকাৰ সময়তে উক্ত দুৰ্ঘটনাটো হয়।

 

Related News