গৌৰীসাগৰত পথত বাগৰি পৰিল যাত্ৰীবাহী টেম্পো; এজন নিহত, কেইবাগৰাকী আহত

Accident-750x375-1-1

প্ৰতিনিধিত্বমূলক ফটো

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত গৌৰীসাগৰ-দিখৌমুখ সংযোগী বৰআলিত আজি পুৱাতে সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়৷

ঘটনাৰ বিৱৰণী অনুসৰি দিখৌমুখৰ তেলীয়াডোঙা তিনিআলিৰ পৰা গৌৰীসাগৰলৈ দৈনিক যাত্ৰী লৈ চলাচল কৰা এ এছ ০৪ চি ৪২৩৪ নম্বৰৰ বিক্ৰম টেম্পো বাহনখন আজি ১০ গৰাকী যাত্ৰীক লৈ গৌৰীসাগৰলৈ গৈ থকাৰ অৱস্থাতে বৰআলিৰ গৌৰীসাগৰ চিৰিপুৰীয়া তিনিআলিৰ সমীপত একে দিশেৰে গৈ থকা আন এখন মেগা অট’ টেম্পোৰে অগাভেটা হোৱাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে যাত্ৰীসহ বাগৰি পৰে।

পুৱা প্ৰায় ৮.৪৫ বজাতে সংঘটিত এই দুৰ্ঘটনাটোত বাহনখনত থকা কেওগৰাকী যাত্ৰী আহত হোৱাত স্থানীয় ৰাইজে ততাতৈয়াকৈ তেওঁলোকক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়।

কিন্তু বুকুত গুৰুতৰভাৱে আঘাত পোৱা দিখৌমুখৰ জনমিৰি বৰগাৱঁৰ সূৰ্য টায়ে নামৰ ব্যক্তিজনক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হয়।

প্ৰণিধানযোগ্য এই যে গৌৰীসাগৰ-দিখৌমুখ পথত দৈনিক চলাচল কৰা বিক্ৰম অট’ আৰু মেগা টেম্পোৰ বাহনসমূহৰ অধিকাংশ চালকেই কম বয়সীয়া তথা অনুজ্ঞাপত্ৰহীন চালক বুলি অভিযোগ উত্থাপিত হৈ আহিছে।

এনে একাংশ কমবয়সীয়া উদণ্ড চালকৰ দৌৰাত্ম্যৰ বাবেই বহুসময়ত যাত্ৰীয়ে হাৰশাস্তি ভোগ কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰি এইক্ষেত্ৰত স্থানীয় আৰক্ষী প্ৰশাসনৰ লগতে জিলা পৰিবহণ বিভাগৰ নিষ্ক্ৰিয় ভূমিকাক তীব্ৰ সমালোচনা কৰে।