কলিয়াবৰৰ মিছাত আজি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভাৱে আহত হয়। নিহত লোকজন শিৱসাগৰ জিলাৰ হাঁহচৰা বকুলা গাঁৱৰ দিলীপ গগৈ ( ৬১) তথা আহত গৰাকী তেওঁৰ পত্নী ইন্দিৰা গগৈ বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি শিৱসাগৰৰ হাঁহচৰা বকুলা গাঁৱৰ পৰা পত্নীৰ সৈতে গুৱাহাটীলৈ বুলি আহি থকা দিলীপ গগৈৰ এ এছ ০১ এ এক্স ৯৫৮৭ নম্বৰৰ এল্ট’ গাড়ীখনক আজি বিয়লি কলিয়াবৰৰ মিছাত এখন বিপৰীত মুখী দ্ৰুতবেগী এ এছ ০২ বি চি ৪৩৮৮ নম্বৰৰ ডাম্পাৰে প্ৰচণ্ড জোৰত খুন্দা মৰাত এল্ট’ৰ সন্মুখ ভাগ ভাঙি গগৈক হেঁচা মাৰি ধৰে। ফলত তেওঁ থিতাতে প্ৰাণ হেৰুৱাব লগীয়া হয়।
আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দিলীপ গগৈৰ পত্নী ইন্দিৰা গগৈক মিছা আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ বাবে জখলাবন্ধা এফ আৰ য়ুত ভৰ্ত্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখন ঘটনাস্থলীতে এৰি চালক গৰাকীয়ে তাৰ পৰা পলায়ন কৰে। চালক গৰাকীক বিচাৰি মিছা আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও তেওঁক বাতৰি লিখা পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই।