পেঙেৰীত ভয়াৱহ বাছ দুৰ্ঘটনা; আহত ২০, এজনৰ অৱস্থা সংকটজনক

Bus accident

তিনিচুকীয়া জিলাৰ পেঙেৰীত আজি এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত এখন যাত্ৰীবাহী বাছৰ ২০ জন লোক আহত হ’ব লগা হয়।

প্ৰাপ্ত তথ্য মতে আজি দিনৰ প্ৰায় ১০:৩০ বজাত এ এছ ২৩ এ চি ৫৪০০ নম্বৰৰ খৃষ্টিনা নামৰ যাত্ৰীবাহী বাছখন বৰডুমচা পেঙেৰী হৈ তিনিচুকীয়া অভিমুখে গৈ থকা অৱস্থাত পেঙেৰী হাবীৰ মাজেৰে যোৱা পথত উক্ত দুৰ্ঘটনা সংঘটিত হয়৷

দুৰ্ঘটনাটোৰ খবৰ বিয়পী পৰাৰ লগে লগে ঘটনাস্থলীত পেঙেৰী আৰক্ষী উপস্থিত হোৱাৰ লগতে মৃত্যুঞ্জয় ১০৮ আৰু স্থানীয় কেইবাখনো গাড়ীৰে আঘাতপ্ৰাপ্ত সকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে৷

আহত সকলক ডিগবৈ অসামৰিক চিকিৎসালয় আৰু পেঙেৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰে গীতা ছেত্ৰী নামৰ যুৱতী গৰাকীৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনা সন্দৰ্ভত এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমক জনোৱা মতে যাত্ৰীবাহী বাছখনৰ সন্মুখত এখন দ্ৰুত বেগী মটৰ চাইকেল আহি যোৱাত মটৰ চাইকেলখনক বচাবলৈ গৈ বাছৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনাটো সংঘটিত কৰে।