পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি পুৰণিগুদামত উত্তপ্ত পৰিস্থিতি; ঘাইপথ অৱৰোধ

নগাঁও জিলাৰ পুৰণিগুদামত শুকুৰবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

পুৰণিগুদামৰ ভীমৰগাঁৱত নিশা প্ৰায় ৯মান বজাত এ এছ-০১ বি পি-৩৫২৪ নম্বৰৰ এখন দ্ৰুতবেগী হুণ্ডাই এক্সচেণ্ট আৰু নগাঁও অভিমুখী এ এছ-০২ জি-৬৬৯৬ নম্বৰৰ এখন হুণ্ডাই আই ১০ৰ মাজত মুখামুখি সংঘৰ্ষ লাগে।

ইয়াৰ পিছতে ক্ষুব্ধ স্থানীয় ৰাইজে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱা অৱৰোধ কৰি তোলে।

অৱশ্যে পথ দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে বাহন দুখনৰ আৰোহীসকল।

উল্লেখযোগ্য যে, বৃহত্তৰ অঞ্চলটোত চাৰি লেনযুক্ত ৰাজপথৰ নিৰ্মাণৰ কাম আধৰুৱা হৈ থকাৰ বাবেই সঘনাই অঞ্চলটোত বহুবাৰ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। স্থানীয় ৰাইজে সংশ্লিষ্ট গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে চৰম অসন্তুষ্টি ব্যক্ত কৰে।

ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে শীঘ্ৰে পথৰ দাঁতিত সাংকেতিক ফলক লগোৱাৰ আশ্বাস দিয়াত ৰাইজে প্ৰায় এঘণ্টাৰ মুৰত ৰাজপথ চোৱা মুকলি কৰি দিয়ে।