তিনিচুকীয়া জিলা ক্ৰীড়া ভাৰতীৰ পুৰুষ আৰু মহিলাৰ ফুটবল খেলুৱৈ দলটোৱে আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে গৈ থকা অৱস্থাত জাগুনৰ ছয় মাইলত দুৰ্ঘটনাত পতিত হয়।
দলটোৱে এছ ২৩ চি চি ৩৫১২ নম্বৰ এখন মহিন্দাৰ মেক্সিমা গাড়ীৰে তিনিচুকীয়া জিলাৰ চুবুৰীয়া অৰুণাচলৰ প্ৰদেশৰ নামচাই জীলা ক্ৰীড়া সন্থাই আয়োজন কৰা খেললৈ গৈ আছিল।
দলটোত মুঠ ২৬ জন পুৰুষ আৰু মহিলা আছিল। ইয়াৰে ৫ জনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।
উল্লেখযোগ্য যে খেলুৱৈ সকলক মালপৰিবাহী গাড়ীৰে সৰবৰাহ কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে।
খেলুৱৈ সকলে তেওঁলোকক বাছ বা আন যাত্ৰীবাহী বাহনেৰে নিয়াৰ বাবে অনুৰোধ কৰিছিল যদিও তিনিচুকীয়া দলটোৰ দায়িত্বত থকা উদ্যোক্তাই মালবাহী গাড়ীৰে অতি বিপজ্জনকভাৱে যাতায়াতৰ ব্যৱস্থা কৰাকলৈও আজি খেলুৱৈ সকলে ক্ষুভিত হৈ পৰা পৰিলক্ষিত হয়।
আনহাতে মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সত্য ৰঞ্জন কাকতী সহ এটা দলে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ আঘাত প্ৰাপ্ত ফুটবল খেলুৱৈ সকলৰ স্বাস্থ্যৰ বুজ লয়।
লগতে খেলুৱৈ সকলৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থাও গ্ৰহণ কৰা হ’ব বুলি সাংবাদিকৰ আগত কাকতীয়ে উল্লেখ কৰে।
মন কৰিবলগীয়া যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আঘাতপ্ৰাপ্ত খেলুৱৈ সকলত জাগুন ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হৈছিল যদিও চিকিৎসকৰ অনুপস্থিতিৰ বাবে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ অনা হয় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সকলক ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।