নাগালেণ্ড প্ৰশাসনৰ বিৰুদ্ধে যোৰহাট জিলাৰ মৰিয়নী নিউসোণোৱালত চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে।
মৰিয়নীৰ কেইবাটাও ছাত্ৰ সংগঠনটোৰ সহযোগত আটছাৰ তৰফৰ পৰা মৰিয়নী নিউসোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ সন্মুখত মৰিয়নী মোককচাংৰ সংযোগী (MKG) পথ অৱৰোধ কৰে।
বিগত কিছু দিনৰ পৰা অসমৰ সংৰক্ষিত ভূমিত নগা বেদখলকাৰীয়ে কৰা আগ্ৰাসনৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে ছাত্ৰ সংগঠনটোৱে।
ছাত্ৰ সংগঠনটোৱে জানিবলৈ দিয়া অনুসৰি তেওঁলোকে নাগালেণ্ডৰ বিৰুদ্ধে অতি শীঘ্ৰে শিৱসাগৰ আৰু গোলাঘাট জিলাটো অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে।
উল্লেখ্য যে কিছুদিন পূৰ্বে যোৰহাট জিলা বন বিভাগ, মৰিয়নী ৰাজহচক্ৰ, মৰিয়নী থানা, নিউসোণোৱাল খণ্ড বন বিভাগ আৰু মৰিয়নী আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ সহযোগিতাত নাজিৰা লিগিৰী পুখুৰীৰ আৰক্ষী বেটেলিয়ন উইংগ কামাণ্ডৰ নেতৃত্বত অসম আৰক্ষীৰ এটা বৃহৎ দলে বনাঞ্চল খনৰ মাজত চলা বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাইছিল।
এই উচ্ছেদ অভিযানৰ পিছতে নাগা দুৰ্বৃত্তই অসমত প্ৰৱেশ কৰি বাগিচাৰ শ্ৰমিকক উদ্দেশ্যি গুলীবৰ্ষণ কৰিছিল।
আৰু এই ঘটনাৰ বাবেই আজি ছাত্ৰ সংগঠন কেইটাই এইদৰে নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে।