• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় ঘাইপথ নে নৰকগামী বিপথ! চকা ঘুৰিলেই বাগৰে গাড়ী

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ কঠোৰ সকীয়ণি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
May 16, 2019 7:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি বিপদসংকুল  হৈ পৰিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত পাৱৈ – লিডু সংযোগী ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ছোৱা ।   বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে এটা সপ্তাহত দুবাৰকৈ ঘন্টা ঘন্টা ধৰি  জাগুণ- লিডুৰ স্বাভাৱিক জনজীৱন  ব্যাহত হৈ পৰে ।

লিডুৰ টিৰাপ কলিয়ৰীস্থ ৩১৫ নং (পূৰ্বতে  ৩৮ নং)  ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা ডাঙৰ ডাঙৰ গাঁতত  গাড়ী বাগৰি পৰাৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হয় । ৰাজ্যখনৰ এটা অতি গুৰুত্বপৃৰ্ণ সমষ্টি ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ পাৱৈৰ পৰা লিডু লৈ থকা ৩১৫ নং ৰাষ্টীয় ঘাইপথৰ দুৰৱস্থাই সকলোকে জ্বলা-কলা খুৱাই আহিছে ।

Apply Now

বিগত প্ৰায় তিনিবছৰে পথটোৰ বিভিন্ন অংশত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। তাৰোপৰি খৰালি পথছোৱা ধূলিময় হৈ পৰে আৰু বাৰিষা ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হয়। এনে কদৰ্য অৱস্থাৰ ফলত পথচাৰী, গাড়ী চালকৰ বাবে গোটেই পথটো মৰণফাণ্ডত পৰিণত হৈছে।

FB_IMG_1558007071947
ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী সদৃশ গাঁত

 

উল্লেখযোগ্য যে, এই পথছোৱা পুনঃ নিৰ্মাণ আৰু পথ মেৰামতিৰ বাবে অহা ৬০ লক্ষ টকাৰ দুৰ্নীতিৰ তদন্তৰ দাবীত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই ধাৰাবাহিক ভাৱে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । আজি সংস্থাই প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাৰ জৰিয়তে বাৰম্বাৰ ৰাষ্ট্ৰীয় পথটো নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আৰু পথটি মেৰামতিৰ বাবে অহা ৬০ লক্ষ টকাৰ দুৰ্নীতিৰ তদন্তৰ  দাবী জনাই অহাৰ লগতে মুখ্য মন্ত্ৰীলৈ দুবাৰকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছতো কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত উদ্বেগ প্ৰকাশ কৰে সংস্থাই ।

এই সম্পৰ্কে মাৰ্ঘেৰিটাৰ মহকুমাধিপতি সুমিত সত্তাৱনৰ সৈতে সংস্থাই আলোচনাত মিলিত হৈ বিষয়টো সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিবলৈ অনুৰোধ জনোৱাৰ প্ৰায় ২৩ দিন অতিক্ৰম কৰাৰ পাছতো সামান্যতম তৎপৰতা প্ৰদৰ্শন নকৰাত ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ।

ৰাষ্ট্ৰীয় পথৰ দুয়োকাষৰ নলা বন্ধ কৰি একাংশ ই ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তোলাৰ লগতে ৰাষ্টীয় পথৰ কাষৰ জলাশয়ত বৃহৎ পকী ঘৰ সজাৰ ফলত পানী ওলাই যোৱাৰ কোনো সুবিধা নথকাত ৰাষ্ট্ৰীয় পথটো অধিক জৰাজীৰ্ণ হোৱা বুলি মতপ্ৰকাশ কৰি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই এই ধৰণৰ  বে-আইনী কাৰ্যৰ বিৰুদ্ধে মহকুমা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

FB_IMG_1558007080705
গাড়ীৰ দুৰৱস্থা

 

তদুপৰি, ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰি মহকুমা প্ৰশাসনৰ মুৰব্বী সুমিত সত্তাৱনৰ এই ক্ষেত্ৰত কোনো দ্বায়িত্ব নাই নেকি বুলি সংগঠনটোৱে প্ৰশ্ন কৰে  । গণতান্ত্ৰিক চৰকাৰ এখনৰ বিৰুদ্ধে সাংবাদিকে ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ দাবীত আন্দোলনত জপিয়াই পৰাৰ পাছতো চৰকাৰ , প্ৰশাসন তথা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই  ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰি অহাটো দুৰ্ভাগ্যজনক বুলি প্ৰেছ বাৰ্তাত উল্লেখ কৰি  মে’ মাহৰ ভিতৰত চৰকাৰে  ৩১৫ নং ৰাষ্ট্ৰীয় পথটোৰ নিৰ্মাণৰ কাম  আৰম্ভ   নকৰিলে সংস্থাই মাৰ্ঘেৰিটাৰ বিভিন্ন অৰাজনৈতিক দল-সংগঠন তথা ৰাইজৰ সহযোগত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই বিগত সময়ছোৱাত বিভিন্ন স্থানত অনুষ্ঠিত হৈ থকা বিহু মেলা তথা অন্যান্য বিভিন্ন কাৰ্যসূচীৰ বাবে ১৩ মে’ৰ ঘোষিত কাৰ্যসূচী কিছুদিনলৈ স্থগিত ৰখা বুলি জানিবলৈ দিয়ে মুখপাত্ৰ মানস প্ৰতিম গগৈয়ে। মে’ৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে দুৰ্নীতিৰ তদন্তৰ  আনুষ্ঠানিক প্ৰতিশ্ৰুতি  নাপালে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm
কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd