NORTHEAST NOW (Assamese)

কলিয়াবৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা; আৰক্ষী বিষয়াসহ আহত দুজন

August 21, 2018 11:03 pm · ৰিদিপ শৰ্মা

আজি বিয়লি প্ৰায় ৩ মান বজাত জখলাবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত হাটবৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়।

নগাঁৱৰ পৰা গোলাঘাট অভিমুখে গৈ থকা এ এছ ০২ য়ু ৬৮১৬ নম্বৰৰ চুইফট ডিজায়াৰ বাহনখনক বিপৰীত ফালৰ পৰা আহি থকা সামগ্ৰী পৰিবাহী এ এছ ০৩ বি চি ১৪১৬ নম্বৰৰ ট্ৰাকখনে তীব্ৰজোৰে খুন্দা মৰাৰ ফলতে উক্ত ঘটনাটো সংঘটিত সংঘটিত হয় বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে দুৰ্ঘটনাগ্রস্ত চুইফট গাড়ীখনৰ সন্মুখভাগ ভাঙি চুৰ্মাৰ হৈ পৰাৰ বিপৰীতে ট্ৰাকখনো নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাগৰি পৰে।

আনহাতে পথ দুৰ্ঘটনাটোত চুইফট বাহনখনৰ আৰোহী নগাওঁ হয়বৰগাঁও আৰক্ষীৰ থানাৰ উপ-পৰিদৰ্শক মুক্তাৰ আহমেদ আৰু তেওঁৰ পত্নী গুৰুতৰভাৱে আহত হয়। আহত দুয়োগৰাকীকে স্থানীয় ৰাইজে উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ বাবে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে তেওঁলোকক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

পৰৱৰ্তী সময়ত জখলাবন্ধা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

আনহাতে কাইলৈ ঈদ উপলক্ষে নিজ কৰ্মস্থলীৰ পৰা গোলাঘাটৰ নিজ ঘৰলৈ বুলি আহি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হোৱা মুক্তাৰ আহমেদৰ পৰিয়ালত ঈদৰ আনন্দ কিছু ম্লান পৰে।

Related News