DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰেড ক্ৰছ হস্পিটেলৰ বৰ্খাস্ত হোৱা ২০জন কৰ্মচাৰীৰ সমস্যা সমাধানৰ আশ্বাস দিলে অতিৰিক্ত উপায়ুক্তই

মুকুট দাস by মুকুট দাস
August 21, 2018 9:43 pm
Red-Cross-Discharge-Employee-Union-general-secretary
214
VIEWS
Share on FacebookShare on Twitter

যোৱা ২০ আগষ্টৰ পৰা অনিৰ্দিষ্টকালীন অনশন প্ৰতিবাদ কাৰ্য্যসূচী চলাই থকা চানমাৰিস্থিত ৰেড ক্ৰছ হস্পিটেলৰ ২০জন নিলম্বিত কৰ্মচাৰীৰ কাষত আজি উপস্থিত হয় কামৰূপ মহানগৰৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্তপ্ৰতিম কাঠকটীয়া।

অতিৰিক্ত উপায়ুক্তজনে প্ৰতিবাদত বহি থকা ভুক্তভোগী কৰ্মচাৰীসকলক পানীৰ খাবলৈ দি এই অনশন ভংগ কৰোৱায়। প্ৰতিবাদকাৰী কৰ্মচাৰীসকলৰ দ্বাৰা গঠিত ৰেড ক্ৰছ ডিচাৰ্জড এমপ্লয়ী য়ুনিয়নৰ সাধাৰণ সম্পাদক ফটিক দাসে জনোৱা মতে অতিৰিক্ত উপায়ুক্তজনে সমস্যাটো সন্দৰ্ভত উপযুক্ত আৰু তৎকালীন ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে। অতিৰিক্ত উপায়ুক্তজনে তেওঁলোকক জনোৱামতে, ইতিমধ্যে ইয়াৰ বাবে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰন্দ্ৰ মিট্টালৰ নেতৃত্বত এখন তদন্ত কমিটী গঠন কৰা হৈছে আৰু অহা ২৭ আগষ্টৰ পৰা এই তদন্তৰ কাম আৰম্ভ হ’ব।

আজি অতিৰিক্ত উপায়ুক্তজনৰ হাতত প্ৰতিবাদকাৰীসকলে বিভিন্ন দাবীসম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

আনহাতে ফটিক দাসে জনায় যে যদিহে অতিৰিক্ত উপায়ুক্তজনে দিয়া প্ৰতিশ্ৰুতিমতে তেওঁলোকৰ সমস্যাটো গুৰুত্বসহকাৰে চৰকাৰে নলয়, তেন্তে তেওঁলোকে পুনৰ আন্দোলনত বহিব।

উল্লেখযোগ্য যে গুৱাহাটীৰ চানমাৰিস্থিত ৰেড ক্ৰছ হস্পিটেল মেনেজেমেণ্ট ছ’চাইটিয়ে যোৱা ২০০৮ চনতে হস্পিটেলখনৰ ২০গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল।

ৰেড ক্ৰছ ডিচাৰ্জড এমপ্লয়ী য়ুনিয়নৰ সাধাৰণ সম্পাদক ফটিক দাসে জনোৱা মতে, ছ’চাইটিৰ তেতিয়াৰ সাধাৰণ সম্পাদিকাৰ স্বৈৰাচাৰিতা আৰু দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বাবেই এই ২০জন কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছিল। বৰ্খাস্ত কৰাৰ পিছতো তেতিয়াৰ পৰাই এই কৰ্মচাৰীসকলে তাত কাম কৰি আহিছে, কিন্তু তেওঁলোকে দৰমহা নাপায়। ফটিক দাসে কয় যে এই বৰ্খাস্তকৰণ সম্পূৰ্ণ অবৈধ আছিল।

আনহাতে ৰেড ক্ৰছ ডিচাৰ্জড এমপ্লয়ী য়ুনিয়নে অভিযোগ আনিছে যে ৰেড ক্ৰছ হস্পিটেল মেনেজেমেণ্ট ছ’চাইটিৰ বৰ্তমানৰ সাধাৰণ সম্পাদক দিগন্ত বুজৰবৰুৱাও দুৰ্নীতিত জড়িত।

Recent News

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd