শিহৰণকাৰী দুৰ্ঘটনা; ট্ৰাকৰ চকাৰ তলত সোমাই মৃত্যুক সাৱটিলে মাতৃ-কন্যাই

Accident

ফটো : নৰ্থ-ইষ্ট নাও

কাছাৰ জিলাৰ সোনাই সমষ্টিৰ অন্তৰ্গত কাবুগঞ্জত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত মাতৃসহ কন্যা শিশুৰ ঘটনাস্থলতে মৃত্যু হয়।

নিহত কনমাণি জনী তানিয়া পাল আৰু মাতৃ গৰাকী পিংকী পাল বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা অনুসৰি শিশুটিয়ে নিজৰ মাকৰ সৈতে স্কুললৈ গৈ থকা অৱস্থাত মিজোৰাম অভিমুখী এখন ট্ৰাকে মহতিয়াই লৈ যায়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুয়োগৰাকীয়ে ট্ৰাকৰ চকাৰ তলত সোমাই যায়।

লক্ষীচৰন হাইস্কুলৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনাটোৰ পাছতেই উত্তেজিত ৰাইজে NL01AB- 3211 নম্বৰৰ ট্ৰাকখন ৰখাই এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।

ইয়াৰ উপৰি উত্তেজিত ৰাইজে দুয়োটা মৃতদেহ লৈ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে MZ01S – 3032 নম্বৰৰ আন এখন ট্ৰাক জ্বলাই দিয়ে।

পৰিৱেশ উত্তেজনাময় হোৱাৰ লগে লগে ঘটনাস্থলত স্থানীয় বিধায়ক আমিনুল হক লস্কৰৰ লগতে উপায়ুক্ত উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলায়।

বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘স্কুলৰ সন্মুখত বজাৰ নবহাবলৈ মই বাৰম্বাৰ কৈ আহিছিলো’।

ট্ৰাক চালকৰ দৌৰাত্ম্যৰ বাবে সংঘটিত এনে ঘটনাৰ বিৰোধ প্ৰদৰ্শন কৰি থকা প্ৰতিবাদকাৰীৰ ওপৰত চি আৰ পি এফে কিয় লাঠীচালনা কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে।

তেওঁ লগতে ঘটনা সম্পৰ্কত উপায়ুক্তৰ সৈতে আলোচনা কৰাৰ লগতে উপযুক্ত ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে।