NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক নিহত, গুৰুতৰভাৱে আহত আঠজন

March 14, 2019 4:00 pm · এন ই নাও নিউজ
ভয়ংকৰ দুৰ্ঘটনাত বিধ্বস্ত ছুম'খন। ফটো : অৰুণাচল টাইমছৰ সৌজন্যত

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ কিমিৰ সমীপত সংঘটিত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন আঠজন লোক গুৰুতৰভাৱে আহত হয়।

পশ্চিম কামেঙৰ আৰক্ষী অধীক্ষক ৰাজা বন্তিয়াই জানিব দিয়া অনুসৰি থ্ৰিজিনো চক্ৰৰ অধীৰ অন্তৰ্গত কিমিৰ বেইলে দলঙৰ সমীপত বুধবাৰে আগবেলা প্ৰায় ১১-৩০ বজাত এ এছ ১২চি ৮২৩৫ নম্বৰৰ টাটা ছুম’ গাড়ীখন পাহাৰৰ পথৰ পৰা তললৈ সৰি পৰাৰ ফলতে এই উক্ত মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত দুজন যাত্ৰী এগৰাকী পুৰুষ আৰু এগৰাকী মহিলা নিহত হয় আৰু আহত বাকী আঠজনক ভালুকপুঙ ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাৰ পাছত তেজপুৰলৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাটোত নিহত দুজনক ছোনাম শ্বেৰিং(৪৪) আৰু পেমা য়াংজম(৪০) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী অধীক্ষকগৰাকীয়ে জানিব দিয়া মতে দুৰ্ঘটনাটো সন্দৰ্ভত থ্ৰিজিনো আৰক্ষী থানাত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ইয়াৰ কাৰণ সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে।

Related News