পুনৰ ক’লা দিনবোৰ উভতি আহিছে নেকি বিটিচিলৈ! : তামুলপুৰত ডিপোত ডকাইটি, ২ লক্ষাধিক টকা লুট

Baksa

বাক্সাৰ তামুলপুৰত দিনদুপৰতে সংঘটিত হৈছে ধন লুটৰ ঘটনা। এটি পেট্ৰল ডিপোৰ পৰা দুৰ্বৃত্তই লুটিলে দুই লক্ষাধিক টকা। ডকাইটিৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য৷

ঘটনাৰ বিৱৰণীৰ মতে সোমবাৰে বাক্সা জিলাৰ তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি পথৰ সৌৰাগুৰীত সংঘটিত হৈছে উক্ত দিন ডকাইতিৰ ঘটনাটো।

বাইকত অহা দুই দুৰ্বৃত্তই সৌৰাগুৰিত অৱস্থিত ”উপাসনা কিষাণ সেৱা কেন্দ্ৰ” নামৰ এটি পেট্ৰল পাম্পৰ কৰ্মচাৰীক চোকা অস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰি কাঢ়ি নিয়ে প্ৰায় দুই লক্ষাধিক টকা।

পেট্ৰল পাম্পটোত অন্য কৰ্মচাৰীয়ে গাড়ীত তেল দি থাকোতে নম্বৰ প্লেট বিহীন এখন বাইকত অহা দুগৰাকী বাইক আৰোহীয়ে পেট্ৰল ভৰাই থকা মেচিনৰ ওচৰলৈ চাপি যায়।

সেই সময়তে দুই বাইক আৰোহীৰ এগৰাকী যুৱকে চোকা অস্ত্ৰ দেখুৱাই মহিলা কৰ্মচাৰীৰ কান্ধত থকা টকাৰ মোনাৰ দোল এডাল কাটি টকাৰ মোনাখন কাঢ়ি লৈ পলায়ন কৰে৷

দুৰ্বৃত্তই ধন লুট কৰি নিয়া সমগ্ৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈছে৷এই ঘটনাৰ পিছতে তেল ডিপ’টোত কৰ্মচাৰীসকলৰ মাজত হুৱাদুৱা লাগে৷

জানিব পৰা মতে ঘটনাৰ কিছু সময় পূৰ্বে এগৰাকী গ্ৰাহকে নগদ ডেৰলাখ টকাৰ ডিজেল ক্ৰয় কৰিছিল আৰু টকাখিনি আছিল মহিলা কৰ্মচাৰীগৰাকীৰ কান্ধত লৈ থকা মোনাখনত৷

ঘটনাৰ খবৰ লাভ কৰি তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটাৰ দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।