NORTHEAST NOW (Assamese)

নগাঁৱৰ পেট্ৰল পাম্পত সশস্ত্ৰ ডকাইতৰ দলৰ লুটপাত; লৈ গ’ল নগদ ধনসহ লক্ষাধিক টকাৰ সামগ্ৰী

November 17, 2019 12:00 pm · ভাৰ্গব হাজৰিকা
Updated: November 17, 2019 12:08 pm

নগাঁও জিলাৰ পুৰণিগুদামৰ কাষৰিগাৱঁত থকা ৰিলায়েন্স পেট্ৰল পাম্পত হাতে হাতে মাৰণাস্ত্ৰ লৈ অহা এটা ডকাইতৰ দলে দেওবাৰে পুৱতি নিশা লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত কৰে।

দুখন ব্ৰাইকে তেল ভৰাবলৈ আহি পেট্ৰল পাম্পটোৰ কৰ্মচাৰীক পিষ্টল দেখুৱাই ভয়-ভাবুকি প্ৰদান কৰি কাৰ্যালয়ৰ কোঠালিলৈ লৈ যোৱাৰ লগতে ডিপুটোৰ আশে-পাশে থকা প্ৰায় ১৫ জন লোকে হাতে হাতে পিষ্টল লৈ তেল ডিপোটোত প্ৰৱেশ কৰি ডিপোটোৰ এজন কৰ্মচাৰীক আঘাত কৰি লুটপাট চলায়।

হেমলেট পিন্ধি প্ৰৱেশ কৰা ডকাইতৰ দলটোৱে পেট্ৰল পাম্পটোৰ পৰা ৬০ হাজাৰ নগদ টকাসহ তিনিটা কম্পিউটাৰ, কেইবাটাও চি চি টি ভি কেমেৰা আৰু দুটা প্ৰিন্টাৰ কাঢ়ি নিয়ে।

পাছত ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও বাতৰি যুগুত কৰা সময়লৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোৱে স্থানীয় ৰাইজৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে।

আনহাতে তেল ডিপোটোৰ সমীপতে পুৰণিগুদাম আৰক্ষী চকীখন থকাৰ পাছতো কিদৰে এনে ডকাইতি কাণ্ড সংঘটিত হ’বলৈ পালে ইয়াক লৈ এতিয়া ৰাইজৰ মাজত অৱতাৰণা হৈছে বিভিন্ন প্ৰশ্ন।

Related News