DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰোহিংগ্যা আলমে দাবী কৰা তেওঁৰ ‘পিতৃ’ আৰু শহুৰেকক চাৰিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

অপর্ণা লস্কৰ by অপর্ণা লস্কৰ
July 26, 2019 11:43 am
rohinngya-arrested-1140x570

পাতৰ হালধীয়া ছাৰ্ট পৰিহিতজন ৰোহিংগ্যা আলমৰ শহুৰেক আজিজুৰ ৰহমান লস্কৰ আৰু বগা ছাৰ্ট পৰিহিতজন তেওঁ দাবী কৰা 'পিতৃ' হাছান ৰাজা মজুমদাৰ। ফটো : নৰ্থইষ্ট নাও

14.3k
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৯ জুলাইত কাছাৰৰ বগাধৰৰ পৰা ৰোহিংগ্যা আলম হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হোৱা চাঞ্চল্য মাৰ নাযাওতেই তেওঁৰ শহুৰেক আৰু ‘পিতৃ’ক বুধবাৰে নিশা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত বৃহস্পতিবাৰে বিয়লি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।

ৰোহিংগ্যা আলমৰ শহুৰেক, আজিজুৰ ৰহমান লস্কৰ, আৰু এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ যাওতে তেওঁৰ লিগেচীত দাবী কৰা ‘পিতৃ’ হুছেইন ৰাজা মজুমদাৰক চাৰিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ বাহিৰত নৰ্থইষ্ট নাওক  আজিজুৰ ৰহমান লস্কৰে কয়, ‘’আলম হুছেইন মজুমদাৰে সাত বছৰৰো অধিক কাল পূৰ্বে আমাক লগ পোৱাৰ সময়ত নিজকে অসমৰ বাসিন্দা বুলি পৰিচয় দিছিল।‘’

‘’সেই সময়ত মোৰ ছোৱালীক বিয়া কৰোৱাৰ পাছত, তেওঁ আমাৰ শিলচৰৰ পাৰ্শ্বৱৰ্তী বগাধৰ চতুৰ্থ খণ্ডৰ বাসগৃহত আমাৰ লগত থাকিবলৈ লৈছিল। তেওঁ যে ৰোহিংগ্যা সেয়া আমাক একেবাৰে জনোৱা নাছিল,’’-তেওঁ কয়।

আলম মজুমদাৰে দাবী কৰা অনুসৰি, হাছান ৰাজা মজুমদাৰ তেওঁৰ ‘পিতৃ’, আনহাতে, আমাৰ সাংবাদিকক থুলমূলভাৱে তেওঁ কয়, ‘’তেওঁ মাত্ৰ মোৰ লিগেচী ব্যৱহাৰ কৰিছে। মই তেওঁৰ সৈতে কোনোধৰণে সম্পৰ্কিত নহয়।‘’

আৰক্ষীৰ সূত্ৰসমূহে, ইয়াৰ মাজতে ৰোহিংগ্যা আলম হুছেইন মজুমদাৰক ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰাৰ বাবে পেন কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক, জন্মৰ প্ৰমাণ পত্ৰ, ভূমিৰ নথিৰ লগতে প্ৰয়োজনীয় আন নথিসমূহ লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰা লোকসকলৰ নাম নিশ্চিত কৰাৰ বাবে চেষ্টা চলাইছে।

‘’আমি তেওঁৰ শহুৰেক আৰু তেওঁৰ দাবী কৰা ‘পিতৃ’ দুয়োজনকে জেৰা কৰাৰ পাছত লাভ কৰা সকলোবোৰ লোকৰ বিৰুদ্ধে অধিক গোচৰ ৰুজু কৰাৰ বাবে সাজু হৈছো,’’- নাম প্ৰকাশ কৰিব নিবিচৰা এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

‘’আমি ষড়যন্ত্ৰকাৰীসকলক বিচাৰি উলিওৱাৰ লগতে আলম হুছেইন মজুমদাৰক অবৈধভাৱে এই সকলোবোৰ নথি লাভ কৰাত সহায় কৰা লোকসকলক বিচাৰি উলিয়াবলৈ যৎপৰোনাস্তি চেষ্টা চলাম,’’- আৰক্ষী বিষয়াগৰাকীয়ে কয়।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd