NORTHEAST NOW (Assamese)
অসম

ৰোহিংগ্যা আলমে দাবী কৰা তেওঁৰ ‘পিতৃ’ আৰু শহুৰেকক চাৰিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

Posted by: অপর্ণা লস্কৰ Updated by: অপর্ণা লস্কৰ July 26, 2019 11:43 am
rohinngya-arrested-1140x570

যোৱা ১৯ জুলাইত কাছাৰৰ বগাধৰৰ পৰা ৰোহিংগ্যা আলম হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হোৱা চাঞ্চল্য মাৰ নাযাওতেই তেওঁৰ শহুৰেক আৰু ‘পিতৃ’ক বুধবাৰে নিশা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত বৃহস্পতিবাৰে বিয়লি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।

ৰোহিংগ্যা আলমৰ শহুৰেক, আজিজুৰ ৰহমান লস্কৰ, আৰু এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ যাওতে তেওঁৰ লিগেচীত দাবী কৰা ‘পিতৃ’ হুছেইন ৰাজা মজুমদাৰক চাৰিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ বাহিৰত নৰ্থইষ্ট নাওক  আজিজুৰ ৰহমান লস্কৰে কয়, ‘’আলম হুছেইন মজুমদাৰে সাত বছৰৰো অধিক কাল পূৰ্বে আমাক লগ পোৱাৰ সময়ত নিজকে অসমৰ বাসিন্দা বুলি পৰিচয় দিছিল।‘’

‘’সেই সময়ত মোৰ ছোৱালীক বিয়া কৰোৱাৰ পাছত, তেওঁ আমাৰ শিলচৰৰ পাৰ্শ্বৱৰ্তী বগাধৰ চতুৰ্থ খণ্ডৰ বাসগৃহত আমাৰ লগত থাকিবলৈ লৈছিল। তেওঁ যে ৰোহিংগ্যা সেয়া আমাক একেবাৰে জনোৱা নাছিল,’’-তেওঁ কয়।

আলম মজুমদাৰে দাবী কৰা অনুসৰি, হাছান ৰাজা মজুমদাৰ তেওঁৰ ‘পিতৃ’, আনহাতে, আমাৰ সাংবাদিকক থুলমূলভাৱে তেওঁ কয়, ‘’তেওঁ মাত্ৰ মোৰ লিগেচী ব্যৱহাৰ কৰিছে। মই তেওঁৰ সৈতে কোনোধৰণে সম্পৰ্কিত নহয়।‘’

আৰক্ষীৰ সূত্ৰসমূহে, ইয়াৰ মাজতে ৰোহিংগ্যা আলম হুছেইন মজুমদাৰক ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰাৰ বাবে পেন কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক, জন্মৰ প্ৰমাণ পত্ৰ, ভূমিৰ নথিৰ লগতে প্ৰয়োজনীয় আন নথিসমূহ লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰা লোকসকলৰ নাম নিশ্চিত কৰাৰ বাবে চেষ্টা চলাইছে।

‘’আমি তেওঁৰ শহুৰেক আৰু তেওঁৰ দাবী কৰা ‘পিতৃ’ দুয়োজনকে জেৰা কৰাৰ পাছত লাভ কৰা সকলোবোৰ লোকৰ বিৰুদ্ধে অধিক গোচৰ ৰুজু কৰাৰ বাবে সাজু হৈছো,’’- নাম প্ৰকাশ কৰিব নিবিচৰা এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

‘’আমি ষড়যন্ত্ৰকাৰীসকলক বিচাৰি উলিওৱাৰ লগতে আলম হুছেইন মজুমদাৰক অবৈধভাৱে এই সকলোবোৰ নথি লাভ কৰাত সহায় কৰা লোকসকলক বিচাৰি উলিয়াবলৈ যৎপৰোনাস্তি চেষ্টা চলাম,’’- আৰক্ষী বিষয়াগৰাকীয়ে কয়।