• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশত আশ্ৰয় লৈ থকা ৰহিঙীয়াসকল এটা “আঞ্চলিক ভাবুকি” বুলি মন্তব্য শ্বেইখ হাছিনাৰ

সমস্যাটো সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক আহ্বান বাংলাদেশৰ প্ৰধান মন্ত্ৰীগৰাকীৰ

NE NOW NEWS এন ই নাও নিউজ
ঢাকা , November 13, 2019 8:13 am

2 min read

rohingya refugees
863
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰত সেনা আৰু বৌদ্ধ নাগৰিকৰ উৎপীড়নৰ বলি হৈ বাংলাদেশলৈ পলাই অহা ১০লাখৰো অধিক ৰহিঙীয়াক “এটা আঞ্চলিক ভাবুকি” বুলি মন্তব্য কৰিছে প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাই।

১১ নৱেম্বৰত ঢাকা গ্ল’বেল ডায়েলগ উদ্বোধন কৰাৰ সময়ত হাছিনাই ৰহিঙীয়া সংকটটো কেৱল বাংলাদেশৰ নহয়, গোটেই অঞ্চলটোৰ এটা সংকট হিচাপে চিহ্নিত কৰে আৰু সকলোকে এই সংকট নিৰাময় কৰাৰ বাবে আহ্বান জনায়।

“সামৰিক নৃশংসতাৰ বলি হৈ বাংলাদেশলৈ পলাই অহা ৰহিঙীয়াসকল কেৱল বাংলাদেশৰ বাবেই ভাবুকি নহয়, লগতে ই আঞ্চলিক নিৰাপত্তাৰ প্ৰতিও ভাবুকি”, বিডি নিউজ টুৱেণ্টি ফ’ৰত প্ৰধান মন্ত্ৰীগৰাকীৰ উদ্ধৃতি।

২০১৭ চনত ঘটা উৎপীড়নৰ ঘটনাটোৰ সময়ত পলাই অহা প্ৰায় ৭ লাখ ৰহিঙীয়া এতিয়াও বাংলাদেশত আছে।

প্ৰধান মন্ত্ৰীগৰাকীয়ে যোৱা ছেপ্টেম্বৰত নিউয়ৰ্কত হোৱা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ মজিয়াতো ৰহিঙীয়া সমস্যাটো দাঙি ধৰিছিল।

উল্লেখ কৰিব পাৰি যে নিপীড়িত ৰহিঙীয়াসকলক পৰ্য্যায়ক্ৰমে ঘূৰাই ল’বলৈ ম্যানমাৰে বাংলাদেশৰ সৈতে এখন চুক্তি কৰিছিল যদিও প্ৰক্ৰিয়াটো মসৃণভাৱে আগ বঢ়া নাই।

চুক্তি অনুসৰি, শৰণাৰ্থীসকলক প্ৰত্যাৱৰ্তন কৰাৰ বাবে সেউজ সংকেত প্ৰদান কৰা হৈছে যদিও ম্যানমাৰৰ অশান্তিজৰ্জৰ ৰাখিনি ৰাজ্যখনলৈ উভতি যোৱাৰ বাবে বহুতেই অস্বীকাৰ কৰিছে।

বাংলাদেশে  প্ৰায় ১০ লাখ ৰহিঙীয়াক আশ্ৰয় দিছে। ম্যানমাৰৰ সৈতে দক্ষিণ-পূব  সীমাত থকা অস্বাস্থ্যকৰ শিবিৰত ৰহিঙীয়াসকলে জীৱন কটাইছে।

১১ নৱেম্বৰত হাছিনাই দোহাৰে, “মই ভাবো এই সমস্যাটো সোনকালে সমাধান কৰিব লাগে। মই আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক এই সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছো।”

আৰ্থ-সামাজিক উন্নতি, নিৰাপত্তা আৰু শান্তিৰ বাবে হাছিনাই এছিয়ান পেচিফিক ৰিজনৰ দেশবোৰৰ মাজত সহযোগিতা বৃদ্ধি কৰিবলৈ জোৰ দিয়ে।

তেওঁ অঞ্চলটোৰ দেশবোৰৰ মাজত থকা দৰিদ্ৰতা নিৰ্মূল সহযোগিতাৰ মাজেৰে সম্ভৱ হ’ব বুলি দাবী কৰে প্ৰধান মন্ত্ৰী হাছিনাই।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd