অপ্ৰতিৰোধ্য হিটমেন! আন্তৰ্জতিক ক্ৰিকেটত আটাইতকৈ বেছি ছিক্সাৰ; বিশ্বকাপত সৰ্বাধিক শতক…

ৰোহিত শৰ্মাই যিদিনা খেলে, বাকীসকলৰ খেল চোৱাৰ বাহিৰে একো কৰিব লগা নাথাকে। স্বয়ং বিৰাট কোহলীয়েই এই কথা কৈছিল। বুধবাৰে অৰুণ জেটলী ষ্টেডিয়ামত আন এক অৱতাৰৰ ৰূপত ধৰা দিলে হিটমেনে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন খেলত ৰান নাপালে। তাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। দ্বিতীয়খন খেলত ২০১৯ চনৰ বিশ্বকাপৰ ফৰ্মলৈ ঘূৰি আহিল ৰোহিত।

আফগানিস্তানৰ ২৭২ ৰান অনুসৰণ কৰিবলৈ লৈ ৰোহিতে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মকভাৱে বেটিং কৰে। তেওঁ ৬৩টা বলত শতক অৰ্জন কৰে। শেষত ৰোহিতে ৮৪টা বলত ১৩১ ৰান সংগ্ৰহ কৰে। হিটমেনে ১৬টা বাউণ্ডেৰী আৰু ৫টা অভাৰ বাউণ্ডেৰী কোবায়।

বিশ্বকাপৰ সৰ্বাধিক শতকৰ গৰাকী হ’ল ৰোহিত। তেওঁ সাতটা শতক অৰ্জন কৰে। তেওঁৰ পিছত আছে শচীন তেণ্ডুলকাৰ (৬)। শতক অৰ্জনৰ পথত ক্ৰিছ গেইলৰ সৰ্বাধিক ছয়ৰ অভিলেখ ভংগ কৰে ৰোহিত শৰ্মাই। গেইলৰ ছয়ৰ সংখ্যা আছিল ৫৫৩টা। বুধবাৰে ৰোহিতে ৫টা ছয় মাৰি দিয়াৰ লগে লগে তেওঁৰ নামত ৫৫৬টা ছয় মৰাৰ অভিলেখ গঢ়ি উঠিল।

ৰোহিতে পুল কৰি মৰা ছয়ৰে অতিক্ৰম কৰে কেৰিবিয়ান খেলুৱৈগৰাকীক। ৰোহিতৰ সেই ছয়টোৰ দূৰত্ব আছিল ৮৫ মিটাৰ। ইয়াৰ পিছত ৰোহিতে আৰু ছয় মাৰে। ইয়াৰ দৈৰ্ঘ্য আছিল ৯৩ মিটাৰ। পিছত শ্ৰেয়াছ আয়েৰে আৰু এটা দীঘলীয়া ছয় মাৰি ৰোহিতক পিছত পেলাই দিয়ে।

ভাৰতীয় অধিনায়কগৰাকীয়ে বিৰাট কোহলীৰ ঘৰুৱা খেলপথাৰখনত অনুষ্ঠিত খেলখনত ৰোহিতে বিশ্বকাপত ১০০০ ৰানৰ মাইলৰ খুঁটিও অতিক্ৰম কৰে। এই মেচখনৰ পূর্বে বিশ্বকাপত এহেজাৰ ৰানৰ পৰা ২২ ৰান দূৰত আছিল ৰোহিত৷ ভাৰতীয় অধিনায়কগৰাকীয়ে সেই মাইলৰ খুঁটিতো উপনীত হ’ল৷ ৰোহিতে অকলেই আফগানিস্তানক নক আউট কৰি দিলে।