NORTHEAST NOW (Assamese)

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, চেম্পিয়ন্‌ছ ট্ৰফী ২০২৫ত ৰোহিত শৰ্মাই দিব ভাৰতীয় দলক নেতৃত্ব; নিশ্চিত কৰিলে জয় শ্বাহে

July 7, 2024 5:59 pm · নৰ্থ ইষ্ট নাও অসমীয়া

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে যোৱা ৭ জুলাই দেওবাৰে ৰোহিত শৰ্মাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু চেম্পিয়নছ ট্ৰফীত ভাৰতৰ অধিনায়কত্ব কৰিব বুলি নিশ্চিত কৰি অহা বছৰ ভাৰতে আৰু দুখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ প্ৰতিযোগিতাত জয়ী হ’ব বুলি আস্থা প্ৰকাশ কৰে। ৰোহিতৰ অধিনায়কত্বৰ অধীনত অন্ততঃ আৰু এবছৰৰ বাবে ভাৰতক জিলিকাৰ স্বাৰ্থত জয় শ্বাহে টি-২০ বিশ্বকাপ ২০২৪ৰ জয়ৰ খেলুৱৈসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

বিচিচিআইৰ সম্পাদক জয় শ্বাহে ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোক টি-২০ বিশ্বকাপত জয়ী হ’বলৈ সমৰ্থন কৰা বুলি স্মৰণ কৰি তেওঁৰ কথা সঁচা হোৱাত আনন্দ প্ৰকাশ কৰে। শ্বাহে লগতে কয় যে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পৰাজয়ে ভাৰতীয় দলটোক আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত ইতিহাস ৰচনা কৰিবলৈ ইন্ধন যোগাইছিল।

শ্বাহে লগতে কয় যে এই জয়ৰ পাছত আগন্তুক আইচিচিৰ ইভেণ্টসমূহ — ডব্লিউটিচিৰ ফাইনেল আৰু চেম্পিয়নছ ট্ৰফী, মই সম্পূৰ্ণ আত্মবিশ্বাসী যে ৰোহিত শৰ্মাৰ অধিনায়কত্বত আমাৰ দলটোৱে চেম্পিয়ন হ’ব।

উল্লেখযোগ্য যে জে শ্বাহে বছৰৰ আৰম্ভণিতে ৰাজকোটত সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়ত বাৰ্বাডোছত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ জয়ৰ বাবে ভাৰতক সমৰ্থন কৰিছিল। ভাৰতে বাৰ্বাডোছত ২৯ জুনত অনুষ্ঠিত হোৱা ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি দ্বিতীয়টো টি-২০ বিশ্বকাপ জয় কৰে।

উল্লেখ্য যে, ৰোহিত শৰ্মা, বিৰাট কোহলী, আৰু ৰবীন্দ্ৰ জাডেজাই টি-২০ ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰি টি ২০ ফৰ্মেটত নিজৰ কেৰিয়াৰৰ অন্ত পেলাইছে। জয় শ্বাহে পূৰ্বে নিশ্চিত কৰিছিল যে এই তিনিজন ছিনিয়ৰ খেলুৱৈ চেম্পিয়নছ ট্ৰফীৰ অংশ হ’ব। টেষ্ট আৰু এদিনীয়া মেচত ৰোহিতৰ অধিনায়কত্ব অন্ততঃ পৰৱৰ্তী বছৰলৈকে নিশ্চিত কৰাৰ লগে লগে ব’ৰ্ডে তেওঁৰ নেতৃত্বৰ দক্ষতাৰ ওপৰত বিশ্বাস প্ৰকাশ কৰিছে।

Related News