• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবিশ্বাস্য প্ৰত্যাৱৰ্তন! কটকত ৰোহিত শৰ্মাৰ ধুমুহাত বিধ্বস্ত ইংলেণ্ড; ছিৰিজ জয় ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2025 8:53 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অধিনায়ক ৰোহিত শৰ্মাৰ এনে প্ৰত্যাৱৰ্তন সঁচাকৈয়ে অনুৰাগীৰ বাবে এক সপোনৰ ক্ষণ আছিল। ক্ৰিকেট জগতে প্ৰত্যক্ষ কৰিলে ৰোহিত শৰ্মাৰ হিট শ্ব’। ফলত দ্বিতীয়খন এদিনীয়াতে উৰুৱাই দিলে ইংলেণ্ডক। টীম ইণ্ডিয়াই ৪ উইকেটত জয়লাভ কৰি শৃংখলা দখল কৰে। ইয়াৰ লগতে চেম্পিয়নছ ট্ৰফীৰ প্ৰস্তুতিও ভালদৰেই চলালে।

কটকত ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ইংলেণ্ডৰ আৰম্ভণি বেয়া নাছিল। ফিল ছল্ট আৰু বেন ডাকেটে আক্ৰমণাত্মক আৰম্ভণি কৰিছিল। এই যুটিৰ পাৰ্টনাৰশ্বিপত ৮১ ৰান সংযোজন হয়। এদিনীয়াত অভিষেক ঘটোৱা বৰুণ চক্ৰৱৰ্তীয়ে সেই যুটী ভংগ কৰে।

Apply Now

আনহাতে, ৰবীন্দ্ৰ জাদেজাই ডাকেটৰ ধুমুহা স্তব্ধ কৰি দিলে। ইংৰাজ অ’পেনাৰগৰাকীয়ে ৫৬টা বলত ৬৫ ৰান সংগ্ৰহ কৰি উভতি আহে। জাডেজাৰ সৌজন্যত তাৰ পৰাই ৰানৰ গতি অলপ লেহেমীয়া হ’ল। তেওঁ ডাকেট, ৰুট আৰু জেমী অভাৰটনৰ উইকেট দখল কৰে।

ইফালে, জো ৰুটে ৬৯ ৰান সংগ্ৰহ কৰি ইংলেণ্ডৰ ইনিংছৰ সুদৃঢ় ভেটি গঢ়ি তোলে। হাৰ্দিক পাণ্ডিয়াই বাটলাৰক ঘূৰাই পঠিয়ায় (৩৪)। অন্তিম মুহূৰ্তত জিলিকি উঠিল লিয়াম লিভিংষ্টনে। ৩২টা বলত ৪১ ৰান সংগ্ৰহ কৰি শেষৰ অভাৰত তেওঁ ৰান আউট হয়। শেষত ইংলেণ্ডৰ ইনিংছ ৩০৪ ৰানত সমাপ্ত হয়।

তাৰ পিছত আৰম্ভ হ’ল ৰোহিতৰ শ্ব’। তেওঁৰ অফ ফৰ্ম ক্ৰিকেট মহলত বহুদিনৰ পৰা চৰ্চাৰ বিষয় হৈ আহিছে। সেই সকলোবোৰৰ উত্তৰ দিলে তেওঁৰ শতকীয় ইনিংছটোৱে। মাত্ৰ ৩০টা বলতে অৰ্ধশতক কৰে। তেতিয়ালৈকে তেওঁ ৪টা চাৰি আৰু ৪টা ছয় মাৰে। যেন এদিনীয়া নহয়, টি-২০ খেলিছে।

ফ্লাডলাইট নুমাই যোৱাৰ লগে লগে খেলখন কিছু সময় বন্ধ কৰি দিয়া হ’ল। কিন্তু ৰোহিতৰ বিস্ফোৰণ বন্ধ নহ’ল। গোটেই ষ্টেডিয়ামতে মোবাইল ফোনৰ ফ্লেছ চলি আছিল। তাৰমাজতে আহিল ৰোহিতৰ ৩২ সংখ্যক এদিনীয়া শতক। আৰু সেইটোও ছয় মাৰি সম্পূৰ্ণ কৰিলে। শেষত হিটমেনৰ ইনিংছ শেষ হয় ৯০টা বলত ১১৯ ৰানত। তেওঁ ১২টা চাৰি আৰু ৭টা ছয় মাৰে।

আনহাতে, সহ-অধিনায়ক শুভমন গিলে নিজৰ দুৰ্দান্ত ফৰ্ম অব্যাহত ৰাখিছে। তেওঁ ৫২টা বলত ৬০ ৰান সংগ্ৰহ কৰে। কিন্তু বিৰাট কোহলীৰ বেয়া সময় অব্যাহত আছে। তেওঁ আদিল ৰছিদৰ বলত ৫ ৰানত পেভলিয়নলৈ উভতি আহে।

ৰোহিত আউট হোৱাৰ পাছত অক্ষৰ পেটেলে লাহে লাহে লক্ষ্যৰ ফালে আগবাঢ়ে। শ্ৰেয়াছ আয়াৰৰ সৈতে হোৱা ভুল বুজাবুজিৰ বাবে ৪৪ ৰান সংগ্ৰহ কৰি ৰান আউট হৈ যায় আয়াৰ। কে এল ৰাহুলে (১০) ৰান নাপালে। হাৰ্দিক পাণ্ডিয়াই (১০) ভাল আৰম্ভণি কৰিছিল যদিও শীঘ্ৰেই আউট হৈ যায়। অৱশ্যে মেচখনত জয়ী হোৱাত অসুবিধা হোৱা নাছিল। ৰবীন্দ্ৰ জাদেজাৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়ি ভাৰতক জয়ী কৰি খেলপথাৰ এৰিলে অক্ষৰে। তিনিখন খেলৰ শৃংখলাটোত ২-০ ব্যৱধানত জয়লাভ কৰে টিম ইণ্ডিয়াই।

সংক্ষিপ্ত স্কোৰঃ

ইংলেণ্ড: ৩০৪/১০ (ৰুট ৬৯, ডাকেট ৬৫, জাডেজা ৩২/৩)

ভাৰতঃ ৩০৮/৬ (ৰোহিত ১১৯, শুভমন ৬০)

ভাৰতে ৪ উইকেটত জয়লাভ কৰে।

ভাৰতে ২-০ ব্যৱধানত জয়লাভ কৰে এই শৃংখলা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd