চিৰপ্ৰতিদ্বন্দ্বী মেছিক পিছ পেলাই বিশ্ব ফুটবলৰ শতিকা শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোৰ

index

ফুটবল খেল পথাৰৰ চিৰপ্ৰতিদ্বন্দ্বী লিওলেন মেছিক পিছ পেলাই এক অনন্য কৃতিত্ব তথা সন্মান লাভ কৰিছে বিশ্ব ফুটবলৰ বৰ্তমানৰ অন্য এগৰাকী দুৰ্দান্ত তথা শ্ৰেষ্ঠ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোৱ।

পটুৰ্গিজ চুপাৰৰ্ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোৱে লাভ কৰিছে গ্লোব ছ’কাৰ এৱাৰ্ডৰ শতিকা শ্ৰেষ্ঠ খেলুৱৈ ২০০১-২০২০(‌Player of the Century 2001-2020)সন্মান।

দেওবাৰে ডুবাইত বিশ্ব ফুটবল অতি সন্মানীয় এই বঁটা প্ৰদান কৰা তাৰকা ফুটবলাৰগৰাকীক।

ৰ’ণাল্ডোৱে লিওনেল মেছিৰ লগতে ৰোণাল্ডিনহো আদিৰ দৰে বিশ্ব ফুটবলৰ প্ৰবাদপ্ৰতীম তাৰকাকো পিছ পেলাই এই সন্মান লাভ কৰিছে।

ইফালে শ্ৰেষ্ঠ প্ৰশিক্ষকৰ সন্মান লাভ কৰিছে মনঞ্চেটাৰ চিটিৰ প্ৰশিক্ষক পেপ গোৱাৰ্দিওৱালা। আনহাতে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে ৰ’ণাল্ডোৰ প্ৰাক্তন দল ৰিয়েল মাদ্ৰিদে।

গ্লোব ছ’কাৰ প্লেয়াৰ কেৰিয়াৰ এৱাৰ্ড লাভ কৰিছে স্পেইন তথা ৰিয়েল মাদ্ৰিদৰ তাৰকা গলকীপাৰ আইকাৰ কেছিলাছে।

২০২০ বৰ্ষৰ শ্ৰেষ্ঠ ফুটবলাৰ সন্মান লাভ কৰিছে ৰৰ্বাট লেওৱানডস্কিয়ে।

দেওবাৰে ডুবাইৰ স্পোৰ্টছ কাউন্সিলত নক্ষত্ৰখচিত অনুষ্ঠানত প্ৰদান কৰা হয় গ্লোব ছ’কাৰ এৱাৰ্ডৰ এই সন্মানসনূহ।

শতিকাৰ ২০ বছৰীয়া শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰি ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোৱে কয়, “২০ বছৰ ধৰি পেচাগত ফুটবল খেলি আহিছো। নাজানো আৰু কিমান অভিলেখ ভংগ কৰিবলৈ বাকী আছে। সতীৰ্থ খেলুৱৈসকল নথকা হ’লে এই সাফল্য লাভ নকৰিলোহেঁতেন!”