অভিনন্দনলৈ অভিনন্দন : নিশা ৯.২৫ বজাত ভাৰতভূমিত ভৰি থলে বীৰ সন্তানে

ৱাঘা সীমান্তত অভিনন্দন উপস্থিত হোৱাৰ আলোকচিত্ৰ

মাতৃভূমিত ভৰি থলে ভাৰতৰ বীৰ উয়িং কামাণ্ডাৰ অভিনন্দন বৰ্থমানে। আজি নিশা ৯.২৫ বজাত আন্তঃৰাষ্ট্ৰীয় ৱাঘা সীমান্তত পাকিস্তানী বায়ু সেনাবাহিনীয়ে ভাৰতৰ বায়ু সেনাবাহিনীৰ হাতত সম্পুৰ্ণ আইনী ব্যৱস্থাৰে অৰ্পণ কৰিলে পাকিস্তানৰ হাতত বন্দী হৈ থকা ভাৰতৰ বায়ু সেনা বাহিনীৰ উয়িং কামাণ্ডাৰ গৰাকীক।

ভাৰত ভূমিত ভৰি থোৱাৰ লগে লগে ইতিমধ্যে ৱাঘা সীমান্তত বায়ু সেনা বাহিনীৰ জোৱানজনক আদৰণি জনাবলৈ উপস্থিত থকা হাজাৰ হাজাৰ লোকে হৰ্ষ ধ্বনিৰে দেশলৈ স্বাগতম জনায়। সমগ্ৰ দেশৰ লগতে অসমতো অভিনন্দন ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাত আনন্দৰ জোৱাৰ উঠিছে। অসমৰ ৰাজনৈতিক, অৰাজনৈতিক বিভিন্ন দল-সংগঠনে জোৱান জনক আনন্দ উলাহৰ মাজেৰে অভিনন্দন জ্ঞাপন কৰে।

 

পাকিস্তানী সেনাৰ হাতত বন্দী অৱস্থাত অভিনন্দনৰ আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

উল্লেখযোগ্য যে, পাকিস্তানী বায়ু সেনা বাহিনীক বাধা দিবলৈ গৈ দুৰ্ভাগ্যক্ৰমে পাকিস্তানৰ সেনাৰ হাতত বন্দী হৈছিল ভাৰতীয় বায়ু সেনাবাহিনীৰ উয়িং কামাণ্ডাৰজন। পাকিস্তানে বন্দী কৰি ৰখা অভিনন্দনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া যোগে ভাইৰেল হৈ পৰাত অভিনন্দন পাকিস্তানৰ হাতত বন্দী হোৱা নিশ্চিত হৈছিল।

পৰৱৰ্তী পৰ্য্যায়ত, ভাৰত চৰকাৰে জেনেভা চুক্তিৰ আধাৰত পাকিস্তানৰ ওপৰত বন্দী উয়িং কামাণ্ডাৰ জনক স্বদেশলৈ ওভোটাই পঠোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত পাকিস্তানৰ ওপৰত কূটনৈতিক হেচা প্ৰয়োগ কৰিছিল। ভাৰতৰ কূটনৈতিক পৰাক্ৰমত সেও মানি পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে অভিনন্দনক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে সেউজ সংকেত দিছিল।