ভাৰতৰ বন্যপ্ৰাণীৰ মানচিত্ৰত এক বৃহৎ সফলতা দেখা গৈছে উত্তৰ-পূব ভাৰতত। প্ৰায় দুটা দশকৰ দীৰ্ঘ অপেক্ষাৰ অন্তত অৰুণাচল প্ৰদেশৰ ডি’ এৰিং মেম’ৰিয়েল বন্যপ্ৰাণী অভয়াৰণ্যত পুনৰ দেখা গ’ল ঢেকীয়াপতীয়া বাঘ (ৰয়েল বেংগল টাইগাৰ)। পাছিঘাটৰ সমীপত অৱস্থিত এই অভয়াৰণ্যত কেমেৰা ট্ৰেপৰ জৰিয়তে বন বিষয়াসকলে বাঘটোৰ উপস্থিতিৰ প্ৰমাণ লাভ কৰিছে।
বন বিভাগৰ সূত্ৰৰ মতে, পৰিৱেশ সুৰক্ষা সংস্থা ‘অশোকা ট্ৰাষ্ট ফৰ ৰিচাৰ্চ ইন ইক’লজী এণ্ড দ্য এনভাইৰনমেণ্ট’ (ATREE)ৰ কাৰিকৰী সহায়ত অভয়াৰণ্যখনত কেমেৰা ট্ৰেপ স্থাপন কৰা হৈছিল। জৰীপৰ প্ৰতিবেদনত দেখা গৈছে যে অৰণ্যৰ নিসংগতাত এটা প্ৰাপ্তবয়স্ক ৰয়েল বেংগল টাইগাৰে মুক্তভাৱে ঘূৰি ফুৰিছিল।
এই অভয়াৰণ্যত শেষবাৰৰ বাবে বাঘৰ অস্তিত্বৰ প্ৰমাণ পোৱা গৈছিল ২০০৫ চনত। যদিও ২০০৭-০৮ চনৰ আশে-পাশে স্থানীয় লোকৰ পৰা বাঘ দেখাৰ কিছু কাহিনী শুনা গৈছিল, তথাপিও কোনো প্ৰমাণ পোৱা নগ’ল। ফলত সেই অঞ্চলটো কাগজে-কলমে বাঘে শূন্য হৈ পৰিছিল।
২০১৪ চনত ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ (WWF)ৰ এক সমীক্ষাত ডি’ এৰিং অভয়াৰণ্যত বাঘৰ কোনো ঠেঙৰ ছাপ বা ছবি পোৱা নগ’ল। সেই সময়ত চোৰাংচিকাৰী আৰু অঞ্চলটোত অবাধ চিকাৰৰ বাবে বাঘকেইটা অঞ্চল এৰি বা নিৰুদ্দেশ হোৱা বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে। কিন্তু যোৱা কেইবছৰমানৰ পৰা বন বিভাগ আৰু স্থানীয় ৰাইজৰ যৌথ প্ৰচেষ্টাত পৰিস্থিতি সলনি হ’বলৈ আৰম্ভ কৰিছে।
চলিত বৰ্ষৰ জানুৱাৰী মাহত অসমৰ জোনাই ৰেঞ্জৰ গাতে লাগি থকা কবু চাপৰি অঞ্চলত বাঘৰ ঠেঙৰ চিন দেখা গৈছিল, যিয়ে বনকৰ্মীক আশাৰ সঞ্চাৰ কৰিছে।
এই উল্লেখযোগ্য সফলতাৰ বিষয়ে কয় সংমণ্ডল বন বিষয়া কেম্পি আইটে। তেওঁ কয়, “প্ৰায় ২০ বছৰৰ পিছত বাঘ ঘূৰি অহাটোৱে প্ৰমাণ কৰে যে আমাৰ পৰিৱেশ তন্ত্ৰ ঘূৰি আহিছে। নিৰন্তৰ বন্যপ্ৰাণী সংৰক্ষণ আৰু নিৰীক্ষণৰ বাবেই এইটো সম্ভৱ হৈছে।” এই সফলতাৰ কৃতিত্ব তেওঁ বন বিভাগৰ অগ্ৰণী বাহিনী, ইক’-ডেভেলপমেণ্ট কমিটী আৰু স্থানীয় জনজাতীয় সংগঠনক দিয়ে।
শেহতীয়া এই সমীক্ষাত কেৱল বাঘৰ ছবিয়েই নহয়, আন কিছুমান বিৰল প্ৰাণীৰ ছবিও বন্দী কৰা হৈছে। যিবোৰৰ ভিতৰত আছে সংকটজনকভাৱে বিপন্ন ‘চীনা পেংগোলিন’ আৰু অতি বিৰল প্ৰজাতিৰ ‘হিস্পিড হাৰে’ (এবিধ শহাপহু)। অৰুণাচল প্ৰদেশৰ এইখনেই একমাত্ৰ অভয়াৰণ্য য’ত নদীৰ পাৰৰ ঘাঁহনিৰ পৰিৱেশ তন্ত্ৰ আছে, যিটো এই প্ৰাণীবোৰৰ অস্তিত্বৰ বাবে আদৰ্শ।
পাছিঘাটৰ পৰা মাত্ৰ ১৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডি’এৰিং অভয়াৰণ্যখন প্ৰায় ১৯০ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত। ছিয়াং আৰু ছিবা নদীৰ মাজত অৱস্থিত এই অৰণ্যত নাহৰফুটুকী, বনৰীয়া ম’হ আৰু বৃহৎ সংখ্যক পৰিভ্ৰমী চৰাইৰ আদি বাসস্থান।
পৰিৱেশবিদসকলৰ মতে, ৰয়েল বেংগল টাইগাৰৰ প্ৰত্যাৱৰ্তনে অৰুণাচলৰ পৰ্যটন উদ্যোগকো এক নতুন গতি প্ৰদান কৰিব। স্বাভাৱিকতে ৰাজকীয় বাঘৰ আগমনত বন্যপ্ৰাণীপ্ৰেমী আৰু স্থানীয় সাধাৰণ মানুহ সুখী।





