• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোহলি বনাম ৰোহিতৰ যুঁজ! অথলে গ’ল হাৰ্দিকৰ সংগ্ৰাম; ৱানখেড়েত মুম্বাইক হৰুৱালে বেংগালুৰুৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2025 7:47 am
253
VIEWS
Share on FacebookShare on Twitter

লক্ষ্ণৌৰ বিৰুদ্ধে অন্তিমখন মেচত হাৰ্দিক পাণ্ডিয়াই সম্পূৰ্ণ উজাৰি দিছিল। তীব্ৰ যুঁজ দিয়াৰ পিছতো শেষত জয় লাভ নহ’ল। সোমবাৰে নিশা ঘৰুৱা খেলপথাৰত বেংগালুৰুৰ বিৰুদ্ধে পুনৰ বেটে-বলে উজলি উঠিল মুম্বাইৰ অধিনায়কগৰাকী। কিন্তু এইবাৰো ছবিখন সলনি নহ’ল।

মুম্বাই ইণ্ডিয়ানছে আৰ চি বিৰ অল ৰাউণ্ড প্ৰদৰ্শনৰ ওচৰত হাৰ মানিবলগীয়া হয়। ক’ব পাৰি যে ভাতৃ ক্ৰুনালৰ দুৰ্দান্ত বলিঙৰ বাবে হাৰ্দিকৰ দলটোৱে ফাইনেল অভাৰত জয়ৰ পৰা বঞ্চিত হ’ল। সেইদৰে, ১০ বছৰৰ পাছত আৰ চি বিয়ে ৱানখেড়েত জয়লাভ কৰি লীগ টেবুলৰ তৃতীয় স্থান অক্ষুণ্ণ ৰাখিলে।

সোমবাৰে টছত জয়ী হোৱাৰ পিছত অধিনায়ক হাৰ্দিকৰ মুখত এটা জয়ৰ হাঁহি বিৰিঙি উঠিছিল। কাৰণ দলৰ দুটা স্তম্ভ যশপ্ৰীত বুমৰাহ আৰু ৰোহিত শৰ্মাই দললৈ উভতি আহিছে। যদিও দুই তাৰকাৰ প্ৰদৰ্শন আছিল নিষ্প্ৰভ।

ব’ল্ট আৰু পাণ্ডিয়াই দুটাকৈ উইকেট দখল কৰে যদিও বুমৰাহৰ হাতত নুঠিল কোনো উইকেট। তাৰ পৰিৱৰ্তে বিৰাট কোহলী আৰু ৰজত পাটিদাৰে মুম্বাইৰ বলাৰৰ আক্ৰমণ চম্ভালি এক অনবদ্য ইনিংছ খেলিছিল।

ফিল ছল্টক ওভতাই পঠিয়াই ট্ৰেণ্ট ব’ল্টে আৰম্ভণিতে মুম্বাইৰ অনুৰাগীক সকাহ দিছিল। কিন্তু তাৰ পিছতে দেৱদূত পাদিকলৰ সৈতে যুটী বান্ধি বিৰাটে বলাৰসকলৰ নিদ্ৰাহৰণ কৰিলে। কোহলিয়ে ৪২টা বলত ৬৭ ৰানৰ সাৱলীল ইনিংছ খেলিছিল। ইয়াৰ উপৰিও তেওঁ টি-২০ত ১৩ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।

লক্ষ্য ২২২ ৰান অতিক্ৰম কৰাটো মুখৰ কথা নহয়। অৱশ্যে তিলক আৰু হাৰ্দিকে যৎপৰোনাস্তি চেষ্টা কৰে। কিন্তু ক্ৰুনাল পাণ্ডিয়া আৰু হেজলউডৰ দমনীয় বলিঙৰ বাবে নীতা আম্বানীৰ দলটোৱে সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিলে।

বুমৰাহৰ দৰে ৰোহিতেও মুম্বাইক নিৰাশ কৰিলে। যশ দয়ালৰ বলত ১৭ ৰান সংগ্ৰহ কৰিয়েই বল্ড আউট হয় ইমপেক্ট হিটমেনগৰাকী। উইল জেকছ (২২) আৰু সূৰ্য্যকুমাৰ যাদৱেও (২৮) ক্ৰীজত থিতাপি ল’ব নোৱাৰিলে। বিশাল ৰানৰ লক্ষ্য আগত লৈ হাৰ্দিক আৰু তিলক ভাৰ্মাই দলটোৰ দায়িত্ব লয়। অৱশ্যে তেওঁলোক আউট হোৱাৰ লগে লগে মেচখন বেংগালুৰুৰ পকেটত সোমাই গ’ল।

যোৱা ছিজনৰ পৰাই ৰোহিত শৰ্মাৰ স্থানত খোজ দিয়াৰ বাবে হাৰ্দিকে কম সমালোচনাৰ সন্মুখীন হোৱা নাই। এইবাৰ তেওঁ নিজকে প্ৰমাণ কৰিলে যদিও অধিনায়ক হিচাপে দলটোক জয়ৰ দিশত আগুৱাই নিব নোৱাৰিলে। কোৱা বাহুল্য যে পাঁচখন খেলৰ ভিতৰত চাৰিখন খেলত পৰাস্ত হোৱাৰ পাছত হাৰ্দিক আৰু মুম্বাইৰ ওপৰত চাপ বাঢ়িছে।

সংক্ষিপ্ত স্কোৰঃ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুঃ ২২১/৫ (কোহলী-৬৭, পাটিদাৰ-৬৪, হাৰ্দিক-৪৫/২, ব’ল্ট-৫৭/২)

মুম্বাই ইণ্ডিয়ানছ: ২০৯/৯ (তিলক-৫৬, হাৰ্দিক-৪২, ক্ৰুনাল-৪৫/৪)

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ১২ ৰানত জয়লাভ কৰে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd