• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধোনী থাকিল ধোনীৰ স্থানতে! ঘৰৰ মাটিতে চেন্নাইক বিধ্বস্ত কৰিলে বাংগালুৰুৱে; লীগৰ শীৰ্ষত কোহলীৰ দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2025 8:11 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক ৰাজকীয় আৰম্ভণি। এইবাৰৰ আই পি এলত আৰ চি বিৰ প্ৰদৰ্শন এনেদৰে বৰ্ণনা কৰিব পাৰি। প্ৰথমখন মেচত কেকেআৰক পৰাস্ত কৰাৰ পিছত দ্বিতীয়খন মেচত চেন্নাইক পৰাস্ত কৰিলে। তাকো দুয়োবাৰেই বাহিৰৰ খেলপথাৰত খেলা মেচত। কোহলী-পাটিদাৰ বাহিনীৰ আৰম্ভণিটোৱে যে অনুৰাগীৰ মাজত আশাৰ সঞ্চাৰ কৰিছে সেই কথা ক’লে অতিৰঞ্জিত কৰা নহ’ব৷

শুকুৰবাৰে নিশা তেওঁলোকে বৰ অনায়াসে জয় সাৱ্যস্ত কৰিলে। কোনো সময়তে এনে লগা নাছিল যে ধোনীৰ দলটোৱে মেচলৈ ঘূৰি আহিব পাৰিব। ফলত ২০০৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে চিপকত চেন্নাই তেওঁলোকৰ হাতত পৰাস্ত হ’ল।

Apply Now

চেন্নাইৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ফিল ছল্টে আৰম্ভণিৰে পৰাই ধুমুহাৰ সৃষ্টি কৰিছিল। তাৰ তুলনাত কোহলীৰ বেটিং লেহেমীয়া আছিল। অৱশ্যে আৰ চি বিয়ে ছল্টৰ বেটিঙেৰে বৃহৎ স্কোৰৰ দিশে দ্ৰুতগতিত আগবাঢ়িছিল। ধোনীয়ে সেইটো স্তব্ধ কৰি দিয়ে। তেওঁ বিজুলীৰ গতিৰে ছল্ট (৩২)ক ষ্টাম্প কৰে।

তাৰ পাছত দেৱদত্ত পাদিক্কালেও আক্ৰমণাত্মক বেটিং কৰে। কিন্তু ৰুতুৰাজে দুৰ্দান্ত কেচ এটা লৈ তেওঁক ঘূৰাই পঠালে। চি এছ কেই একাধিক কেচ ড্ৰপ কৰে। খলিল আহমেদ আৰু দীপক হুডাই আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰৰ সহজ কেচ ড্ৰপ কৰে। ইপিনে কোহলীৰ ইনিংছ বেছি সময় নিটিকিল। ৩০টা বলত ৩১ ৰানৰ লেহেমীয়া ইনিংছ খেলি নুৰ আহমেদৰ বলত ৰাচিন ৰবীন্দ্ৰৰ হাতত ধৰা পৰে।

লিয়াম লিভিংষ্টনেও বেছি ৰান নাপালে। ইংৰাজ বেটছমেনগৰাকীক বল্ড কৰে নূৰে। কিন্তু পাটিদাৰৰ চোক কমি যোৱা নাছিল। অৰ্ধশতক অৰ্জন কৰি তেওঁ আউট হোৱাৰ পিছত মিডল অৰ্ডাৰত ৰান ৰেট অলপ লেহেমীয়া হয় । ফাইনেল অভাৰত টিম ডেভিদে ৮টা বলত ২২ ৰান সংগ্ৰহ কৰে। শেষত নিৰ্দ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই আৰচিবিৰ স্ক’ৰ ১৯৬ ৰান হয়।

আৰম্ভণিতে হেজলউডে চি এছ কেক দুটা মোক্ষম আঘাত দিয়ে। প্ৰথমতে ৰাহুল ত্ৰিপাঠী (৫)। তাৰ পাছত ৰুতুৰাজ (০)। ৮ ৰানত ২ উইকেট হেৰুৱাই বিপদত পৰে চেন্নাই। আৰ চি বিয়ে লাহে লাহে চাপ বৃদ্ধি কৰি নিলে। নিয়মীয়া ব্যৱধানত উইকেট পৰি থাকিল। ইফালে ক্ৰমান্বয়ে বৃদ্ধি পায় আস্কিং ৰান ৰেট।

তথাপিও ৰচিন ৰবীন্দ্ৰই আশা জীয়াই ৰাখিছিল। কিন্তু তেওঁৱো ৪১ ৰানত বল্ড হয়। সেই সময়ত দলৰ স্ক’ৰ আছিল ৭৫ ৰাণ। আস্কিং ৰান ৰেট ১৫ অতিক্ৰম কৰে।মেচৰ ভৱিষ্যত স্পষ্টকৈ সন্মুখলৈ আহিল। তেতিয়াও জাদেজা আৰু ধোনিৰ বেটিং বাকী আছিল।

ৰাচিনক আউট কৰাৰ পিছত মেচখন কেৱল নিয়ম ৰক্ষাৰ মেচ হৈ পৰিল। সেই সময়ত মহেন্দ্ৰ সিং ধোনী ক্ৰীজলৈ আহিছিল। কিন্তু তেওঁ যিমানেই ‘অসম্ভৱক সম্ভৱ কৰি ভাল পোৱা ব্যক্তি নহওক কিয়, এই মেচত তেওঁৰ কৰিবলগীয়া একো নাছিল। মেচখনৰ শেষৰ চাৰিটা বলত দুটা ছয় আৰু এটা চাৰি (১৬টা বলত ৩০ নট আউট)ৰে চিনাকি যাদু দেখুৱাইছিল যদিও তেতিয়ালৈকে খেল শেষ হৈ গৈছিল।

ইপিনে এই খেলখনত বহুদিনৰ মূৰত খেলপথাৰত হালধীয়া জাৰ্চি পৰিধান কৰা দেখা গ’ল ৰবিচন্দ্ৰন অশ্বিনক। তেওঁ বলিঙত ২ অভাৰত ২২ ৰানত এটা উইকেট দখল কৰে। বেটেৰেও তেওঁ ১১ ৰান সংগ্ৰহ কৰে। এই পৰাজয়ৰ ফলত চেন্নাইৰ দল নিৰ্বাচনক লৈ প্ৰশ্ন উত্থাপন হয়। একাংশ বিশেষজ্ঞই সন্দেহ প্ৰকাশ কৰিছে যে এইটোৱে তেওঁলোকৰ শ্ৰেষ্ঠ একাদশ নেকি।

সংক্ষিপ্ত স্কোৰঃ

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু : ১৯৬/৭ (পাটিদাৰ ৫১, ছল্ট ৩২, কোহলী ৩১, নূৰ আহমেদ ৩/৩৬)

চেন্নাই ছুপাৰ কিংছ : ১৪৬/৮ (ৰচিন ৪১, হেজলউড ৩/২১, লিভিংষ্টোন ২/২৮)

 ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু ৫০ ৰানত জয়লাভ কৰে

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd