ঋষভ পণ্ট অবিহনে দিল্লীৰ পৰাজয়! একেৰাহে পঞ্চম জয় সন্নিবিষ্ট প্লেছিছবাহিনীৰ

ঋষভ পণ্টৰ অবিহনে দিল্লী কেপিটেলছৰ পৰাজয়। দেওবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে দিল্লী কেপিটেলছ ৪৭ ৰানত পৰাস্ত হয়। প্ৰথমে বেটিং কৰি বেংগালুৰুৱে ঘৰুৱা ক্ষেত্ৰত ১৮৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দিল্লীৰ ইনিংছ ১৪০ ৰানত সমাপ্ত হয়। একেৰাহে ৫ খন মেচত জয়লাভ কৰে বেংগালুৰুৱে।

১৮৮ ৰানৰ লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীয়ে ৩০ ৰানত ৪টা উইকেট হেৰুৱাইছিল। ডেভিড ৱাৰ্নাৰ (১), অভিষেক প’ড়েল (২), জেক ফ্ৰেজাৰ-মেকগাৰ্ক (২১) আৰু কুমাৰ কুশাগ্ৰা (২) ক্ৰীজত বেছি সময় টিকি নাথাকিল। সেই সময়তে মেচখনৰ ফলাফল মোটামুটিভাৱে বুজা গৈছিল। শ্বে হোপে দিল্লীৰ আশাক জীয়াই ৰাখিছিল। তেওঁ অক্ষৰ পেটেলৰ লগত গৈছিল। কিন্তু হোপে ২৩টা বলত ২৯ ৰানতকৈ অধিক ৰান কৰাত ব্যৰ্থ হয়। অক্ষৰে পেটেলে ৩৯টা বলত ৫৭ ৰান সংগ্ৰহ কৰে।

দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয়।পিছে কালিৰ মেচত খেলিব পৰা নাই ঋষভ পণ্টে। লেহেমীয়া অভাৰ ৰেটৰ বাবে তেওঁক এখন মেচৰ বাবে নিলম্বিত কৰা হৈছে। বেংগালুৰুৱে আৰম্ভণিতে বেটিং কৰিবলৈ ওলাই অহাৰ সময়ত অধিনায়ক ফাফ ডু প্লেছিছৰ উইকেট হেৰুৱাইছিল। মাত্ৰ ৬ ৰান সংগ্ৰহ কৰি আউট হয়। পাৱাৰ প্লে’ত আউট হয় বিৰাট। বেংগালুৰুৱে ৩৬ ৰানত ২ উইকেট হেৰুৱাইছে। তাৰ ভিতৰত বিৰাটৰ ২৭ ৰান বৰঙনি আছে।

তাৰ পৰাই দলটোক নেতৃত্ব দিছিল উইল জেকছ আৰু ৰজত পাটিদাৰে। তেওঁলোকে ৮৮ ৰান সংগ্ৰহ কৰিছিল। জেক্সে ৪১ ৰান সংগ্ৰহ কৰে। পাটিদাৰে ৫২ ৰান সংগ্ৰহ কৰে। কিন্তু ৰছিখ চালামে বাধাৰ সৃষ্টি কৰে আৰু পাটিদাৰক আউট কৰে।আৰু জেকছক আউট কৰে কুলদীপ যাদৱে।ইয়াৰ পাছতে এটাৰ পাছত এটা উইকেট হেৰুৱাই বাংগালোৰে। তেওঁলোকৰ ইনিংছ ১৮৭ ৰানত স্তব্ধ হৈ পৰে। মুকেশ কুমাৰৰ বলিঙে বেংগালুৰুক নিয়ন্ত্ৰণত ৰাখে। ৰছিখ আৰু খলিল আহমেদে দুটাকৈ উইকেট দখল কৰে। ঈশান্ত শৰ্মা, মুকেশ আৰু কুলদীপে এটাকৈ উইকেট সংগ্ৰহ কৰে।

বেংগালুৰু খেলপথাৰত ১৮৮ ৰান ডাঙৰ লক্ষ্য নাছিল। কিন্তু দেওবাৰে কেমেৰন গ্ৰীণৰ বলিঙে পাৰ্থক্যৰ সৃষ্টি কৰিলে। ৪ অভাৰত মাত্ৰ ২০ ৰানহে দিয়ে। লগতে এটা উইকেট লয়। এইক্ষেত্ৰত সহায় কৰিছিল লকি ফাৰ্গুচন, যশ দয়ালে।