• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

অ’ডি আৰু ফেৰাৰীক অতিক্ৰমি বিশ্বৰ তৃতীয় শক্তিশালী অটো ব্ৰেণ্ডৰ খিতাপ ৰয়েল এনফিল্ডৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2026 3:16 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মটৰ চাইকেল নিৰ্মাতা কোম্পানী ৰয়েল এনফিল্ডে বৃহৎ সফলতা অৰ্জন কৰিছে। এই কোম্পানীটোৱে বিশ্বৰ তৃতীয় শক্তিশালী অটোমোবাইল ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে। আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড মূল্যায়ন কোম্পানী ব্ৰেণ্ড ফাইনেন্সৰ ‘অটোমোটিভ ইণ্ডাষ্ট্ৰী ২০২৬’ প্ৰতিবেদনত ৰয়েল এনফিল্ডে এই স্বীকৃতি লাভ কৰিছে। এই ভাৰতীয় বাইক ব্ৰেণ্ডৰ তালিকাত টয়োটা আৰু বিএমডব্লিউৰ পিছতে আছে। অ’ডি আৰু ফেৰাৰীৰ দৰে বিশ্ববিখ্যাত কোম্পানীসমূহকো অতিক্ৰম কৰিছে।

ব্ৰেণ্ড ফাইনেন্সৰ প্ৰতিবেদন অনুসৰি ৰয়েল এনফিল্ডৰ ব্ৰেণ্ড ষ্ট্ৰেংথ ইনডেক্সৰ স্ক’ৰ ১০০ৰ ভিতৰত ৮৮.৯।ইয়াৰ উপৰিও কোম্পানীটোক AAA ৰেটিংও দিয়া হৈছে। বিশেষজ্ঞসকলৰ মতে যোৱা কেইবছৰমানৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰয়েল এনফিল্ডৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই প্ৰতিবেদনত এই কথা প্ৰতিফলিত হৈছে।

Apply Now

প্ৰতিবেদনত লগতে কোৱা হৈছে যে ৰয়েল এনফিল্ডৰ ব্ৰেণ্ড মূল্যও যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমান কোম্পানীটোৰ ব্ৰেণ্ড মূল্য প্ৰায় ১.২ বিলিয়ন ডলাৰ। এই মূল্য এবছৰত প্ৰায় ৩০ শতাংশ বৃদ্ধি পাইছে। এসময়ত কেৱল ৰেট্ৰ’ ডিজাইনৰ মটৰ চাইকেলৰ বাবেই পৰিচিত ৰয়েল এনফিল্ডে এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজকে এক শক্তিশালী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিছে।

বিশেষজ্ঞসকলৰ মতে কোম্পানীটোৰ উত্থানৰ অন্যতম কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ দ্ৰুত সম্প্ৰসাৰণ। বৰ্তমান ৰয়েল এনফিল্ডে বিশ্বৰ ৮০ খনতকৈও অধিক দেশত ব্যৱসায় কৰি আছে। ইয়াৰ উপৰিও বিশ্বজুৰি তেওঁলোকৰ ৩২০০ৰো অধিক খুচুৰা বিপণী আছে। কেৱল সেয়াই নহয়, কোম্পানীটোৱে বিভিন্ন দেশত ৭টা আন্তঃৰাষ্ট্ৰীয় চি কে ডি এছেম্বলি প্লাণ্টো মুকলি কৰিছে। ফলত ইউৰোপ, দক্ষিণ আমেৰিকা, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ দৰে বজাৰত ৰয়েল এনফিল্ডে অধিক শক্তিশালী উপস্থিতি গঢ়ি তুলিবলৈ সক্ষম হৈছে।

তেওঁলোকৰ নিৰ্দিষ্ট প্ৰডাক্ট ষ্ট্ৰেটেজিকো কোম্পানীটোৰ সফলতাৰ আঁৰৰ এটা ডাঙৰ কাৰণ বুলি বিবেচিত হৈছে। ৰয়েল এনফিল্ডে সদায় নিজৰ ক্লাছিক ডিজাইন আৰু সহজ অভিযান্ত্ৰিকীকৰণ বজাই ৰাখিছে। হাণ্টাৰ ৩৫০ আৰু ছুপাৰ মিটিয়ৰ ৬৫০ৰ দৰে মডেল এতিয়াও গ্ৰাহকৰ মাজত যথেষ্ট জনপ্ৰিয়। বিশেষকৈ যিসকলে সহজ অথচ ষ্টাইলিছ ৰাইডিং অভিজ্ঞতা বিচাৰে, এই বাইকবোৰৰ চাহিদা বেছি।

আনহাতে, ৰয়েল এনফিল্ডে নতুন হিমালয়ান ৪৫০ মুকলি কৰি এডভেঞ্চাৰ বাইক ছেগমেণ্টত নিজৰ স্থান শক্তিশালী কৰিছে।এই মডেলৰ জৰিয়তে কোম্পানীটোৱে নতুন প্ৰজন্মৰ ৰাইডাৰকো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিশেষজ্ঞসকলৰ মতে আধুনিক প্ৰযুক্তি আৰু ক্লাছিক শৈলীৰ মিশ্ৰণে ৰয়েল এনফিল্ডক আনতকৈ পৃথক কৰি তুলিছে।

কেৱল ৰয়েল এনফিল্ডেই নহয়, আন কেইবাটাও ভাৰতীয় অটোমোবাইল কোম্পানীও এই তালিকাত অন্তৰ্ভুক্ত। বিশ্বৰ শক্তিশালী অটোমোবাইল ব্ৰেণ্ডৰ তালিকাত পঞ্চম স্থানত আছে টাটা মটৰ্ছ। ২৫ নম্বৰত মহিন্দ্ৰা আৰু ৩৪ নম্বৰত আছে মাৰুতি চুজুকি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd