• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰে’লৱে সুৰক্ষা বাহিনীৰ অভিযানত উদ্ধাৰ ১৪ লাখ টকাতকৈও অধিক মূল্যৰ গাঞ্জা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2022 6:58 pm
85
VIEWS
Share on FacebookShare on Twitter

RPF Recovers Ganja worth more than Rs. 14 Lacs উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৰে’ল যোগে নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই অলপতে ১৪ লাখ টকাতকৈও অধিক মূল্যৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

অক্টোবৰ মাহৰ ১৫ আৰু ১৬ তাৰিখৰ ভিতৰত তেওঁলোকে আনুমানিক ১৪৭ কেজি. গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অন্তৰ্গত বিভিন্ন ষ্টেচন আৰু ৰে’লত চলোৱা নিয়মীয়া পৰীক্ষণ আৰু তালাচীৰ সময়ত গৰাকীবিহীন বেগৰপৰা এই নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰা হয়।

লগতে পঢ়ক: দালাই লামাক লৈ গান গোৱাৰ বাবেই পাঁচজন তিব্বতীক আটক চীনা কৰ্তৃপক্ষৰ

১৬ অক্টোবৰত সংঘটিত এক ঘটনাত আগৰতলাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ এটা দলে আগৰতলা ৰে’ল ষ্টেচনত এক তালাচী অভিযান চলায়। অভিযানৰ সময়ত তেওঁলোকে ২৪ পেকেট গাঞ্জা থকা ৪ টা গৰাকীবিহীন বস্তা জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় ৬০ কিলোগ্ৰাম আৰু ইয়াৰ মূল্য আনুমানিক ৬ লাখ টকা হব। পিছত জব্দ কৰা সামগ্ৰীবোৰ আগৰতলাৰ জিআৰপিক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে গতাই দিয়া হয়।

আনহাতে, ১৬ অক্টোবৰতে এনেধৰণৰ আন এটি ঘটনাৰ সন্দৰ্ভত আৰপিএফ/আলিপুৰদুৱাৰ আৰু আৰপিএফ/নিউ কোচবিহাৰৰ এটা যুটীয়া দলে নিউ কোচবিহাৰ ৰে’ল ষ্টেচনত এক গোপন তথ্যৰ পম খেদি ৰে’ল নং. ১৫৬২৬ ডাউন (আগৰতলা-দেওঘৰ এক্সপ্ৰেছ)ৰে’লখনত এক অভিযান চলায়।

লগতে পঢ়ক: অসমৰ কি আহে যায়! কেন্দ্ৰৰ হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে তামিলনাডু বিধানসভাত প্ৰস্তাৱ; বিজেপিৰ ৱাক আউট

অভিযানৰ সময়ত দলটোৱে গাঞ্জা থকা ৪ টা গৰাকীবিহীন গাঞ্জা ভৰ্তি বস্তা জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা গাঞ্জাসমূহৰ মূল্য প্ৰায় ৫.৬৮ লাখ টকা আৰু ওজন প্ৰায় ৫৬.৮ কিলোগ্ৰাম। পিছত জব্দ কৰা গাঞ্জা পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে নিউ কোচবিহাৰস্থিত জিআৰপিক গতাই দিয়া হয়।

চলিত বৰ্ষৰ অক্টোবৰ মাহৰ ১৫ ৰ পৰা ১৬ তাৰিখৰ ভিতৰত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে আগৰতলা, ডিমাপুৰ, কামাখ্যা আৰু নিউ কোচবিহাৰ ৰে’লৱে ষ্টেচনতো ৰে’লত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই সৰ্বমুঠ ১২ টা গৰাকীবিহীন বেগ আৰু ৭টা স্বত্ববিহীন পেকেট (গাঞ্জা সহিত) উদ্ধাৰ কৰিবলৈ সক্ষম হয় যি সমূহৰ ওজন আনুমানিক ১৪৭ কিলোগ্ৰাম আৰুআনুমানিক মূল্য ১৪.৭ লাখ টকা হ’ব।

লগতে পঢ়ক: পৰিৱেশ কৰ্মীকে পৰিৱেশ মন্ত্ৰালয়ৰ দায়িত্ব! আটাইতকৈ কনিষ্ঠ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ

জব্দ কৰা গাঞ্জাসমূহ পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ষ্টেচনৰ সংশ্লিষ্ট অ’চি/জিআৰপিৰ হাতত গতাই দিয়া হয়।

Recent News

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ নিৰ্লজ্জ পাকিস্তানৰঃ দিল্লীয়ে উদঙালে মিথ্যাচাৰ

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ নিৰ্লজ্জ পাকিস্তানৰঃ দিল্লীয়ে উদঙালে মিথ্যাচাৰ

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd