যাত্ৰা অব্যাহত! অস্কাৰৰ বাবে মনোনীত RRRৰ গান নাটু নাটু

৯৫ তম একাডেমি পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে এছ এছ ৰাজামৌলি পৰিচালিত চলচ্চিত্ৰ RRR গান নাটু নাটুক। এই গানটোৱে ইতিমধ্যে শ্ৰেষ্ঠ মূল গীতৰ বাবে গোল্ডেন গ্লোব জিকিছে। এই গানটো এইবাৰ অস্কাৰৰ বাবে মনোনীত হৈছে।

এই খিতাপ জয় কৰাৰ লগে লগে সুৰকাৰ এম এম কিৰাভানীৰ নামো ভাৰতীয় অস্কাৰ বিজয়ীৰ তালিকাত অন্তৰ্ভুক্ত হ’ব।

ইয়াৰ আগতে মাদাৰ ইণ্ডিয়া, ছালাম বোম্বাই আৰু লগানক অস্কাৰৰ বাবে শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ ফিল্মৰ বাবে মনোনীত কৰা হৈছিল।

৯৫ তম একাডেমী বঁটা মনোনয়ন তালিকা ২৪ জানুৱাৰীত ঘোষণা কৰা হৈছে। অভিনেতা ৰিজ আহমেদ আৰু এলিচন উইলিয়ামছে অস্কাৰৰ মনোনয়ন ঘোষণা কৰিছে।

অহা ১২ মাৰ্চত লছ এঞ্জেলছত ৯৫ তম একাডেমী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব। চ্যাট শ্ব’ৰ হোষ্ট জিমি কিমেলে তৃতীয়বাৰৰ বাবে অনুষ্ঠানটোত আঁত ধৰিব।