• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জন গগৈৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰিবলৈ অধিবক্তালৈ ১.৫ কোটিৰ উপঢৌকনৰ প্ৰস্তাৱ!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2019 10:32 am
FotoJet_3

অধিবক্তা উৎসৱ বেইনছ আৰু মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফটো : ইণ্ডিয়া টুডেৰ সৌজন্যত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ সংক্ৰান্তত এক চাঞ্চল্যকৰ ভাষ্য আগবঢ়াইছে দেশৰ এগৰাকী খ্যাতনাম অধিবক্তা উৎসৱ বেইনছে। দেওবাৰে ‘আউটলুক’ত প্ৰকাশিত এক বাতৰি অনুসৰি ৰঞ্জন গগৈৰ বিৰুদ্ধে মাত মাতিবলৈ বেইনছক ১.৫ কোটি টকাৰ উপঢৌকন যাচিছিল এটা চক্ৰই।

বাতৰি অনুসৰি, ছ’চিয়েল মিডিয়াযোগে বেইনছে দাবী কৰে যে কেইদিনমান পূৰ্বে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক যৌন নিৰ্যাতনৰ গোচৰত সাঙোৰাৰ প্ৰস্তাৱ দি তেওঁলৈ ১.৫ কোটি টকাৰ উপঢৌকন যচা হৈছিল।

Apply Now

উক্ত ব্যক্তিজনৰ পৰিচয় প্ৰকাশ নকৰাকৈয়ে বেইনছে ফেচবুকৰ প’ষ্টটোত লিখিছে যে মুখ্য ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে এয়া ডাঙৰ ষড়যন্ত্ৰ বুলি তেওঁৰ সন্দেহ হয় আৰু তেওঁ সেই প্ৰস্তাৱ নাকচ কৰে।

বেইনছে সংবাদ মাধ্যমৰ আগত একো কথা সদৰী কৰা নাই যদিও ফেচবুকত তেওঁ এই সন্দৰ্ভত দীঘলীয়াকৈ লিখিছে। অধিবক্তাজনে প্ৰকাশ কৰে যে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা মহিলাগৰাকীৰ অধিবক্তা হিচাপে গোচৰটোত কাম কৰিবলৈ তেওঁক প্ৰস্তাৱ দিয়াৰ লগতে দিল্লীৰ প্ৰেছ ক্লাবত সংবাদমেলৰ আয়োজনত সহায় কৰিবলৈও কোৱা হৈছিল।

আনহাতে, তেওঁলৈ প্ৰস্তাৱ আগবঢ়োৱা ব্যক্তিজনে নিজকে মহিলাগৰাকীৰ আত্মীয় বুলি পৰিচয় দিছিল যদিও প্ৰকৃততে মহিলাগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্কতো স্পষ্ট কৰাত তেওঁ বিফল হোৱা বুলি বেইনছে ফেচবুক প’ষ্টটোত প্ৰকাশ কৰিছে।

বেইনছে প’ষ্টটোত প্ৰকাশ কৰিছে যে প্ৰকৃত পৰিচয় দাঙি ধৰিবলৈ দিবলৈ ব্যৰ্থ হোৱা ব্যক্তিজনে প্ৰথম পৰ্যায়ত তেওঁক ৫০ লাখ টকা আগবঢ়াইছিল যদিও তেওঁ সেয়া ল’বলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছতে বেইনছে লোকজনক তেওঁৰ কাৰ্যালয় এৰিবলৈ নিৰ্দেশ দিছিল।

বেইনছে পাছত নিজাববীয়াকৈ বিষয়টোৰ অনুসন্ধান চলাই এয়া মুখ্য ন্যায়াধীশগৰাকীক তেওঁৰ পদৰ পৰা আঁতৰোৱাৰ এক গভীৰ ষড়যন্ত্ৰ বুলি নিশ্চিত হয়। এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তেওঁ সৱিশেষ উল্লেখ কৰি উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিব বুলিও ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে স্বয়ম্ভূ ভগৱান আশাৰাম বাপুৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰত গুচৰীয়াৰ হৈ যুক্তি প্ৰদৰ্শন কৰা অধিবক্তা উৎসৱ বেইনছে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ সংক্ৰান্তত প্ৰকাশ কৰা এই চাঞ্চল্যকৰ প’ষ্টটোৱে বিষয়টো সন্দৰ্ভত নতুন দিশৰ উন্মোচন কৰাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd